শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: মোদীৰ কাশ্মীৰ ভ্ৰমণৰ পৰা নম্ৰতাৰ মৃত্যু ৰহস্যলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: মোদীৰ কাশ্মীৰ ভ্ৰমণৰ পৰা নম্ৰতাৰ মৃত্যু ৰহস্যলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 06 Jun 2025 23:06 PM

এতিয়াও বানৰ কবলত ৰাজ্যৰ ১৯ খনকৈ জিলাৰ ১৪৩৩ খন গাঁও । বানত আক্ৰান্ত হৈছে প্ৰায় ৫.৬ লাখ লোক । বানত বুৰ গৈছে প্ৰায় ১৯,৩৪৫ হেক্টৰ কৃষিভূমি । এতিয়ালৈকে বানত প্ৰাণ হেৰুৱাইছে ১৬ গৰাকী লোকে । ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান শীৰ্ষ খবৰ...

প্ৰধানমন্ত্ৰী মোদীয়ে আজি জম্মু-কাশ্মীৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং চেনাব ব্ৰিজ মুকলি কৰে । লগতে তেওঁ কাট্ৰা আৰু শ্ৰীনগৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ চলাচলো শুভাৰম্ভ কৰে । সাধাৰণ জনতাক উদ্দেশ্যি দিয়া ভাষণত পাকিস্তানক তীব্ৰ নিন্দা কৰে প্ৰধানমন্ত্ৰীয়ে ।

এতিয়াও বানৰ কবলত ৰাজ্যৰ ১৯ খনকৈ জিলাৰ ১৪৩৩ খন গাঁও । বানত আক্ৰান্ত হৈছে প্ৰায় ৫.৬ লাখ লোক । বানত বুৰ গৈছে প্ৰায় ১৯,৩৪৫ হেক্টৰ কৃষিভূমি । এতিয়ালৈকে বানত প্ৰাণ হেৰুৱাইছে ১৬ গৰাকী লোকে ।

নম্ৰতা বৰাৰ মৃত্যুক লৈ পোহৰলৈ আহিছে ন-ন তথ্য । প্ৰকাশ পাইছে দুৰ্ঘটনাৰ পূৰ্বৰ কেইটামান ভিডিঅ’ । চাৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বিলং ফুৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল নম্ৰতা বৰাই । এই ঘটনাত নাম সাঙোৰ খাইছে AIUDF ৰ এজন বিধায়কৰ পুত্ৰৰো নাম । মেঘালয় আৰক্ষীয়ে নম্ৰতাৰ চাৰি বন্ধু-বান্ধৱীক নংপো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ।

ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান শীৰ্ষ খবৰ…