TV9 ASSAM
বহুলোকে মাংসতকৈ মাছ অধিক ভাল পায়। মাছৰ মূৰ খোৱাটো ভাল বুলিও বহু লোকে কয়। পিছে এই বিষয়ে বিশেষজ্ঞসকলে কি কয়?
মাছ প্ৰিয় হ’লেও কিছুসংখ্যক লোকে মাছৰ মূৰ বেয়া পায়। আকৌ বহু খাদ্যপ্ৰেমীয়ে মাছৰ মূৰ খাই ভাল পায়।
মাছৰ মূৰ খালে বহু উপকাৰ পোৱা যায়। কাৰণ মাছৰ মূৰৰ পৰা প্ৰায় সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়।
মাছৰ মূৰত ওমেগা-৩ ফেটি এচিড থাকে, যিবোৰে মানসিক হেঁচা কমোৱাত সহায় কৰে। তদুপৰি মাছৰ মূৰ খালে হৃদৰোগত সকাহ পোৱা যায়।
মাছৰ মূৰ খালে মগজু চোকা হয়, এয়া সততে শুনো। প্ৰকৃততে মাছৰ মূৰত থকা ওমেগা-৩ ফেটি এচিডে মগজুৰ কোষবোৰ সুস্থ কৰি ৰখাত সহায় কৰে।
মাছৰ মূৰে চকুৰ যত্নতো সহায় কৰে। ইয়াত ভিটামিন এ থাকে। সেয়ে মাছৰ মূৰ খালে দৃষ্টিশক্তি ভাল হয়। বয়স বাঢ়িলেও চকুৰ সমস্যা সোনকালে নহয়।
পঢ়িবলৈ ক্লিক কৰক
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব?