শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Biological Pathogen: বিহেৰে আমেৰিকাক ধ্বংস কৰিবলৈ সাজু চীন!

Biological Pathogen: বিহেৰে আমেৰিকাক ধ্বংস কৰিবলৈ সাজু চীন!

Barasha Misra
Barasha Misra | Published: 05 Jun 2025 19:37 PM

এফ বি আইৰ সঞ্চালক কাছ পেটেলৰ মতে, এই ভেঁকুৰ আমেৰিকাৰ খাদ্য সুৰক্ষা, অৰ্থনীতি আনকি মানুহৰ স্বাস্থ্যৰ বাবেও ডাঙৰ ভাবুকি। লিউৱে প্ৰথমে জেৰাৰ সময়ত মিছা কথা কৈছিল যদিও পিছত স্বীকাৰ কৰিছিল যে এই ভেঁকুৰ ডেট্ৰাইট বিমানবন্দৰৰ মাজেৰে আমেৰিকালৈ লৈ আহিছিল। সেয়া মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষণাৰ নামত।

ঘেঁহু, মাকৈ, চাউল… কল্পনা কৰকচোন যদি এদিন এই সকলোবোৰ পথাৰত পচিবলৈ আৰম্ভ কৰে? যদি খাদ্য সামগ্ৰীবোৰ বিহলৈ পৰিণত হয়? আমেৰিকাতো একেধৰণৰ ভয়ংকৰ শীতল যুঁজ চলি আছে, যিটো সময়মতে ধৰা পৰিল। এই সমগ্ৰ খেলখনৰ আঁৰত আছে চীন আৰু তাৰে দুজন নাগৰিক। যিসকলৰ বিৰুদ্ধে এতিয়া ‘কৃষি সন্ত্ৰাস’ (agro terrorism) অৰ্থাৎ খেতিৰ জৰিয়তে সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইয়ে প্ৰকাশ কৰিছে যে মিচিগান বিশ্ববিদ্যালয়ৰ এটা লেবলৈ গোপনে অনা হৈছিল এই বিপজ্জনক ভেঁকুৰ। এই ভেঁকুৰৰ নাম হৈছে Freesium fuserium… এইটো কোনো সাধাৰণ ভেঁকুৰ নহয়, ই এক জৈৱিক অস্ত্ৰ। এই ভেঁকুৰে গুৰিৰ পৰা ঘেঁহু, কুঁহিয়াৰ, মাকৈ, ধান আদি শস্য নষ্ট কৰিব পাৰে। যি মানৱ শৰীৰলৈ খাদ্যৰ যোগেদি প্ৰৱেশ কৰে। তাৰ পিছত শৰীৰক ক্ষতি কৰাৰ লগতে একেলগে বহু লোকক আক্ৰান্ত কৰে। প্ৰথমে বমি তাৰ পিছত লিভাৰ নষ্ট হোৱাৰ উপৰিও প্ৰজনতন্ত্ৰৰ স্থায়ী ক্ষতি কৰে।

সবিশেষৰ বাবে চাওক সম্পূৰ্ণ ভিডিঅ’…