কল গছত বান্ধি বি এছ এফক জোৱানক নিৰ্মম অত্যাচাৰ বাংলাদেশীৰ
মুৰ্ছিদাবাদৰ সুতি থানাৰ অন্তৰ্গত ৭১ নং বি এছ এফ বেটেলিয়নৰ নুৰপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা । সীমান্তৰ পৰা বি এছ এফৰ এজন জোৱানক ধৰি নি বাংলাদেশীয়ে প্ৰহাৰ কৰে । কল গছত বান্ধি মাৰপিট কৰে জোৱানজনক ।
এজোপা কল গছ। তাত বান্ধি থোৱা আছে এজন বি এছ এফৰ জোৱানক । কেৱল সেয়াই নহয়, মাৰপিট কৰা হৈছে তেওঁক । এই ভিডিঅ’টোৱে দেখুৱাইছে কিমান নিৰ্লজ্জ, কিমান কাণ্ডজ্ঞানহীন বাংলাদেশীবোৰ ।
জানিব পৰা মতে, মুৰ্ছিদাবাদৰ সুতি থানাৰ অন্তৰ্গত ৭১ নং বি এছ এফ বেটেলিয়নৰ নুৰপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা । সীমান্তৰ পৰা বি এছ এফৰ এজন জোৱানক ধৰি নি বাংলাদেশীয়ে প্ৰহাৰ কৰে । কল গছত বান্ধি মাৰপিট কৰে জোৱানজনক । লগতে অশ্লীল ভাষাৰে তেওঁক গালি-গালাজ কৰে বাংলাদেশী নাগৰিকে ।
মন কৰিবলগীয়া যে অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছিল ভাৰতে । পাকিস্তানৰ কেবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হৈছিল এই অভিযানত । কেইবাটাও সন্ত্ৰাসবাদী নিহত হয় । চুবুৰীয়া দেশখন ‘অপাৰেচন সেন্দূৰ’ৰ সাক্ষী হৈছিল। এই অভিযানৰ সময়ত বাংলাদেশীৰ এটা অংশই ছ’চিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য কৰিবলৈ আৰম্ভ কৰে ।
কিন্তু বাংলাদেশে পাহৰি গৈছে নেকি স্বাধীনতাৰ ইতিহাস ? ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাত ভাৰতেই সহায় কৰিছিল বাংলাদেশক । সেই কথা পাহৰি নিৰ্লজ্জভাৱে বাংলাদেশে ভাৰতক উপহাস কৰিবলৈ আৰম্ভ কৰিছে । তাৰ মাজতে দেখা গ’ল এগৰাকী ভাৰতীয় জোৱানৰ ওপৰত অমানৱীয় অত্যাচাৰ । এজন জোৱানক গছত বান্ধি মাৰপিট আৰু গালি-গালাজ কৰা ঘটনাই বাংলাদেশৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।