গ্ৰীষ্মকালত তুলসী গুটি খোৱাৰ উপকাৰিতা কি?

6 June 2025

TV9 ASSAM

Photos Credit: Getty Images

বৰ্তমান সময়ত বীজ খোৱাৰ ধাৰা বৃদ্ধি পাইছে । পুষ্টিবিদসকলৰ মতে, বীজৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে ।

স্বাস্থ্য উপকাৰী গুণ

বহুতে তুলসী গুটিৰ উপকাৰিতাৰ সন্দৰ্ভত অৱগত । এই বীজে বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি কোৱা হয় ।

উপকাৰিতা

বহুতে তুলসী গুটি খাব পাৰে নে নোৱাৰে সেই সন্দৰ্ভত নিশ্চিত নহয় । কিন্তু ই স্বাস্থ্যৰ বাবে বহু উপকাৰী । ইয়াক আপুনি খাব পাৰে ।

 খাব পাৰে

আপুনি বিভিন্ন ফলৰ ৰসৰ লগত মিহলাই খাব পাৰে । এই গুটিত পুষ্টিকৰ গুণ থকাৰ লগতে ইয়াৰ সোৱদ যথেষ্ট ভাল ।

পুষ্টিকৰ গুণ

গৰমৰ দিনত তুলসী গুটি অলপ সময় পানীত তিয়াই থৈ সেই পানী খালে শৰীৰটো শীতল কৰি ৰাখে । লগতে শৰীৰত পানীৰ অভাৱ দূৰ কৰে ।

 শৰীৰ শীতল কৰে

তুলসী গুটিত আঁহ থাকে । ই হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য আৰু এচিডিটি সমস্যা হ্ৰাস কৰাত সহায় কৰে ।

হজম শক্তি বৃদ্ধি

এইধৰণৰ গুটিত কেলৰি কম, আঁহ বেছি থাকে । গতিকে ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে । ই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে ।

ওজন হ্ৰাস

পঢ়িবলৈ ক্লিক কৰক

সফলতা শীৰ্ষত উপনীত হোৱাৰ ৫ টা অভ্যাস