শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা মহুৱা মৈত্ৰৰ বিয়ালৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ....

ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা মহুৱা মৈত্ৰৰ বিয়ালৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ….

monjit-dutta
Monjit Dutta | Updated On: 05 Jun 2025 23:06 PM

চৰকাৰী তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যৰ ২১খন জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় ৬.৭৯লাখ লোক প্ৰভাৱিত হৈছে। বছৰৰ এই প্ৰথমটো বানত এইপৰ্যন্ত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে বৰ্তমান সময়লৈকে বানত  ১৪৯৭৭.৯৯ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকাময় পৰিস্থিতি। চৰকাৰী তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যৰ ২১খন জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় ৬.৭৯লাখ লোক প্ৰভাৱিত হৈছে। বছৰৰ এই প্ৰথমটো বানত এইপৰ্যন্ত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে বৰ্তমান সময়লৈকে বানত  ১৪৯৭৭.৯৯ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ধুমুহা-বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোৰ বাবে ৰাজ্যৰ ১৮খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰাৰ বিপৰীতে শুকুৰবাৰে অৰ্থাৎ কাইলৈৰ দিনটোৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰিছে ৯ খন জিলাত।

পশ্চিম বংগৰ তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ বিবাহৰ খবৰে আজি ব্যাপক চৰ্চা লাভ কৰে। এখন ছবিক কেন্দ্ৰ কৰি বিজেডিৰ প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে তৃণমূল সাংসদগৰাকীৰ বিবাহৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যদিও এই ছবিখন ভুৱা বুলি দাবী কৰে মৈত্ৰই।

চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ….