শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াক সকলো ধৰণৰ সহায়ৰ আশ্বাস উত্তৰ-কোৰিয়াৰ...

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াক সকলো ধৰণৰ সহায়ৰ আশ্বাস উত্তৰ-কোৰিয়াৰ…

barasha-sarma
Barasha Sarma | Published: 06 Jun 2025 19:57 PM

বিগত সময়ত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বহু দেশে ৰাছিয়াৰ বিৰোধিতা কৰিছে। তেনে স্থলত এতিয়া উত্তৰ-কোৰিয়াই ৰাছিয়াক বিনাচৰ্তে সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে।

সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সমীকৰণ দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ মাজতে একত্ৰিত হৈছে সৰ্বাধিক নিষেধাজ্ঞা থকা দুখন দেশ ৰাছিয়া আৰু উত্তৰ কোৰিয়া। বুধবাৰে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগুৱে উত্তৰ কোৰিয়াৰ কিম জং উনক সাক্ষাৎ কৰে।  সূত্ৰ অনুসৰি এই বৈঠকত কিমে নাটো আৰু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰতি ৰাছিয়াৰ সমৰ্থনৰ সম্পূৰ্ণ আশ্বাস দিছে।

উল্লেখ্য যে, বিগত সময়ত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বহু দেশে ৰাছিয়াৰ বিৰোধিতা কৰিছে। তেনে স্থলত এতিয়া উত্তৰ-কোৰিয়াই ৰাছিয়াক বিনাচৰ্তে সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে। এই কথাই এতিয়া টোপনি হৰিছে বহু দেশৰ। জানিব পৰা মতে, ৰাছিয়া-উত্তৰ কোৰিয়াৰ বৈঠকত কিমে ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণক গৰিহনা দিয়ে।