ত্ৰিৰংগা উৰুৱাই কাশ্মীৰৰ বুকুত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং ‘চেনাব ব্ৰিজ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
আজি প্ৰধানমন্ত্ৰী মোদীয়ে বহু প্ৰত্যাশিত কাশ্মীৰ ৰেল সংযোগ উদ্বোধন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ কাটৰাত ৪৬ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পও জাতিটোৰ বাবে উৎসৰ্গা কৰিছে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিৰাপত্তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ।

আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে কাশ্মীৰত । চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে তেওঁ দলঙৰ বাবে কাম কৰা শ্ৰমিকসকলক লগ কৰে । এই সময়ত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে ।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে বহু প্ৰত্যাশিত কাশ্মীৰ ৰেল সংযোগ উদ্বোধন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ কাটৰাত ৪৬ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পও জাতিটোৰ বাবে উৎসৰ্গা কৰিছে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিৰাপত্তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পিছত এই কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ভ্ৰমণ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় ।
#WATCH | J&K: Prime Minister Narendra Modi waves the Tiranga as he inaugurates Chenab bridge – the world’s highest railway arch bridge.#KashmirOnTrack
(Video: DD) pic.twitter.com/xfBnSRUQV5
— ANI (@ANI) June 6, 2025
চেনাব আৰু অঞ্জি দলং উদ্বোধন
আজি ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰেলৱে লিংক (ইউএছবিআৰএল) সম্পূৰ্ণ হোৱাৰ উপলক্ষে বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পূৰ্বে চেনাব আৰ্ক দলং আৰু ভাৰতৰ প্ৰথমখন কেবল ষ্টেড অঞ্জি দলং উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই দুয়োখন দলঙকে ভাৰতৰ অভিযান্ত্ৰিক উৎকৰ্ষতাৰ প্ৰতীক বুলি গণ্য কৰা হয় । চেনাব ৰেল দলং বিশ্বৰ আটাইতকৈ ওখ ৰেলৱে আৰ্ক দলং (১,৩১৫ মিটাৰ দৈৰ্ঘ্য)।
একে সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী মাতা বৈষ্ণো দেৱীৰ মন্দিৰ থকা কাট্ৰাৰ পৰা শ্ৰীনগৰলৈ ২ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ অফ কৰে । এই ৰেল চলাচলৰ লগে লগে স্থানীয় ৰাইজ, পৰ্যটক, তীৰ্থযাত্ৰী আদিৰ বাবে এই যাত্ৰা আৰামদায়ক হৈ পৰিব । যাত্ৰাৰ সময়ো কম সময় লাগিব । এতিয়া এই দলঙেৰে বন্দে ভাৰতেৰে কাট্ৰা আৰু শ্ৰীনগৰৰ মাজত যাত্ৰা কৰিবলৈ মাত্ৰ ৩ ঘণ্টা সময় লাগিব ।
#WATCH | J&K: Prime Minister Narendra Modi inaugurates Anji bridge, India’s first cable-stayed rail bridge. Lt Governor Manoj Sinha, CM Omar Abdullah and Railway Minister Ashwini Vaishnaw also present. #KashmirOnTrack
(Video: DD) pic.twitter.com/vMsBaMMNBb
— ANI (@ANI) June 6, 2025
ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ কামো আৰম্ভ হ’ব
উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰেল লিংক (ইউএছআৰবিএল) প্ৰকল্পও দেশৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইউএছবিআৰএল প্ৰকল্পটোৰ দৈৰ্ঘ্য ২৭২ কিলোমিটাৰ আৰু ইয়াত ৩৬টা সুৰংগ (১১৯ কিলোমিটাৰ বিস্তৃত) আৰু ৯৪৩খন দলং অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াক প্ৰস্তুত কৰিবলৈ ৪৩,৭৮০ কোটি টকা খৰচ হৈছে ।
লগতে ৰাষ্ট্ৰীয় ঘাইপথ-৭০১ত ৰফিয়াবাদৰ পৰা কুপৱাৰালৈকে পথ বহল কৰাৰ প্ৰকল্প আৰু ৪৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত শ্বোপিয়ান বাইপাছ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ নিৰ্মাণৰ বাবে ১৯৫২ কোটিতকৈ অধিক ব্যয় হ’ব ।
ৰিয়াছি জিলাৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়
ইয়াৰ উপৰিও শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ সংগ্ৰাম জংচন আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেমিনা জংচনত দুখন উৰণ সেতু প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ উপৰিও তেওঁ ৩৫০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে কাট্ৰাত শ্ৰী মাতা বৈষ্ণো দেৱী ইনষ্টিটিউট অৱ মেডিকেল এক্সেলেন্সৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰতিষ্ঠান ৰিয়াছি জিলাৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় । ইয়াৰ প্ৰতিষ্ঠাৰ ফলত অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি যথেষ্ট উপকৃত হ’ব ।
#WATCH | J&K: Prime Minister Narendra Modi inspects Chenab Bridge. He will inaugurate the bridge shortly.
Chenab Rail Bridge, situated at a height of 359 meters above the river, is the world’s highest railway arch bridge. It is a 1,315-metre-long steel arch bridge engineered to… pic.twitter.com/IMf6tGOZH7
— ANI (@ANI) June 6, 2025
ভ্ৰমণৰ পূৰ্বে সন্দেহযুক্ত লোকৰ ঘৰত অভিযান
প্ৰধানমন্ত্ৰী মোদীৰ কাশ্মীৰ উপত্যকা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জম্মু-কাশ্মীৰত উচ্চ নিৰাপত্তাৰ সতৰ্কবাণী জাৰি কৰা হৈছে । আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । সভাস্থলীসমূহৰ চাৰিওফালে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে ড্ৰ’নকে ধৰি নতুন সঁজুলি ।
নিৰাপত্তাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে উপত্যকাত থকা সন্দেহযুক্ত লোকৰ ঘৰত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে, য’ত অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ (অ’ জি ডব্লিউ) আৰু সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ আত্মীয়ও আছে । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ এদিন পূৰ্বে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে এই ব্যৱস্থাৰ বুজ লয় ।