শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ১৮০ মিটাৰ দূৰত্ব যাত্ৰাৰ বাবে যুৱতীয়ে বুক কৰিলে বাইক, আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাক

অধিক সংখ্যক যুৱক-যুৱতীয়ে সম্প্ৰতি অনলাইন এপৰ জৰিয়তে বাইক বুক কৰি কাৰ্যালয় বা আন স্থানলৈ যাত্ৰা কৰাত অগ্ৰাধিকাৰ দিয়ে। পিছে মাত্ৰ ১৮০ মিটাৰ দূৰত্বৰ বাবে বাইক বুকিং কৰিবনে আপুনি? আচৰিত হ’লেও এই সামান্য দূৰত্বৰ বাবে এগৰাকী যুৱতী্যে কৰে বাইক বুকিং। পিছে ইয়াৰ আঁৰৰ কাৰণেহে সকলোকে কৰি তুলিছে আচৰিত।

মাত্ৰ ১৮০ মিটাৰ দূৰত্ব যাত্ৰাৰ বাবে যুৱতীয়ে বুক কৰিলে বাইক, আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাক
মাত্ৰ ১৮০ মিটাৰ যাত্ৰাৰ বাবে যুৱতীয়ে কৰিলে বাইক বুকImage Credit source: Instagram
monjit-dutta
Monjit Dutta | Updated On: 06 Jun 2025 17:03 PM

কম সময়তে লক্ষ্যস্থানত উপস্থিত হোৱাৰ মানসেৰে বৰ্তমান সময়ত বহু লোকে অনলাইনৰ জৰিয়তে দুচকীয়া বাহন বুক কৰি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ সহায়ত সময় বচোৱাৰ লগতে যান-জঁটত আৱদ্ধ হোৱাৰ পৰা ৰক্ষা পোৱা যায় আৰু যাত্ৰাৰত অৱস্থাত অধিকসংখ্যক লোকৰ ঠেলা-হেঁচাৰ পৰাও পৰিত্ৰাণ পোৱা যায়। সেইবাবে অধিক সংখ্যক যুৱক-যুৱতীয়ে সম্প্ৰতি অনলাইন এপৰ জৰিয়তে বাইক বুক কৰি কাৰ্যালয় বা আন স্থানলৈ যাত্ৰা কৰাত অগ্ৰাধিকাৰ দিয়ে। আপুনিও হয়তো এনেদৰেই বহুসময়ত যাত্ৰা কৰে।

পিছে সামান্য ব্যৱধানৰ দূৰত্বৰ বাবেও আপুনি এইদৰে বাইক ব্যৱহাৰ কৰি পাইছেনে বা আন কাৰোবাকো এইদৰে বাইক বুক কৰা দেখিবলৈ পাইছেনে? সাধাৰণতে মাত্ৰ ২-৩ শ মিটাৰ দূৰত্বৰ বাবে বাইক ব্যৱহাৰৰ পৰিৱৰ্তে খোজকাঢ়িয়েই যাব পাৰে। কিন্তু এইক্ষেত্ৰত যেন ব্যতিক্ৰম এগৰাকী যুৱতী। এই যুৱতীগৰাকীয়ে মাত্ৰ ১৮০ মিটাৰ দূৰত্ব যাত্ৰাৰ বাবে অনলাইনৰ জৰিয়তে বাইক বুক কৰি লয়।

ইয়াৰ পিছত অ’লা এপ বাইক চালকজনে সেই স্থানত উপস্থিত হৈ যুৱতীগৰাকীক অ’টিপি বিচাৰে। অ’টিপি দিয়াৰ পিছত বাইক চালকজনে দেখিলে যে যুৱতীগৰাকীৰ যাত্ৰাৰ গন্তব্যস্থানৰ দূৰত্ব মাত্ৰ ১৮০ মিটাৰ। এটা লেনৰ পৰা আনটো লেনলৈ যোৱা পথ। এই সামান্য দূৰত্বৰ বাবে যুৱতীগৰাকীয়ে কিয় বাইক বুকিং কৰিলে! এই প্ৰশ্নই আচৰিত কৰি তোলে চালকজনক।

প্ৰথমতে বাইক চালকজনে ভুল স্থান দিয়া বুলি ভাবিছিল যদিও যুৱতীগৰাকীয়ে তেওঁক অধিক আচৰিত কৰি সঠিক স্থান দিয়া বুলি উল্লেখ কৰে। ইয়াৰ পিছত আৰু নিজৰ মনত উদয় হোৱা প্ৰশ্নক ধৰি ৰাখিব নোৱাৰি চালকজনে আৰু এই দূৰত্ব কিয় খোজ কাঢ়িয়েই নগ’ল বুলি যুৱতীগৰাকীক প্ৰশ্ন কৰে। তেতিয়া যুৱতীগৰাকীৰ উত্তৰ শুনি চালকজন অধিক আচৰিত হ’ল।

যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ কুকুৰলৈ অত্যন্ত ভয় কৰে আৰু সেই ৰাস্তাটোত এজাক কুকুৰৰ আছে। এই কুকুৰজাকৰ কাষেৰে তেওঁৰ খোজ কাঢ়ি যোৱাৰ সাহস নহ’ল আৰু সেইবাবেই বাইক বুকিং কৰিলে বুলি যুৱতীগৰাকীয়ে। এই উত্তৰ শুনি বাইক চালকজনেও যুৱতীগৰাকীক গন্তব্যস্থানলৈ লৈ যায়। এই যাত্ৰাৰ ভাড়া আছিল মাত্ৰ ১৯ টকা।

যুৱতীগৰাকী আৰু বাইক চালকজনৰ মাজৰ এই ভিডিঅ’টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এতিয়ালৈকে ৭০ লাখতকৈ অধিক লোকে চাইছে এই ভিডিঅ’টো। বহু লোকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে এই সন্দৰ্ভত। কুকুৰে কামোৰাৰ পিছত ১৯০০ টকা খৰচ কৰাতকৈ ১৯ টকা খৰছ কৰাই ভাল বুলিও কোনো কোনোৱে মন্তব্য কৰিছে।