শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাতে ট্ৰেণ্ডিঙত #ArrestKohli ! থানাত এজাহাৰ বিৰাট কোহলীৰ বিৰুদ্ধে…

এইবাৰ সামাজিক মাধ্যমত উত্থাপন হৈছে বিৰাট কোহলীক গ্ৰেপ্তাৰ দাবী । কিন্তু কিয় ? কিয় হঠাতে ট্ৰেণ্ডিঙত আহিল #ArrestKohli !

হঠাতে ট্ৰেণ্ডিঙত #ArrestKohli ! থানাত এজাহাৰ বিৰাট কোহলীৰ বিৰুদ্ধে…
বিৰাট কোহলীImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 06 Jun 2025 22:54 PM

ট্ৰেণ্ডিঙত #ArrestKohli ! কিন্তু কিয় ? হয়তো বিৰাট কোহলীক এইধৰণৰ হেজটেগত ট্ৰেণ্ডিঙত অহা কোনেও দেখা নাছিল । এক্স হেণ্ডেল খুলিলে দেখা পাব #ArrestKohli । ১৭ বছৰৰ অপেক্ষাৰ অন্তত প্ৰথমটো আই পি এল খিতাপ জয় কৰাৰ পিছত আৰ চি বিয়ে বেংগালুৰুত বিজয় পেৰেড অনুষ্ঠিত কৰে। চিন্নস্বামী ষ্টেডিয়ামত উদযাপন কৰা হয় এই বিজয়। ঠিক সেই সময়তে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। আৰচিবিৰ জয়ৰ আনন্দৰ মাজতে পদপিষ্ট হৈ মৃত্যু হয় ১১ জন লোকৰ। ইফালে বহু আহত হয়। এই ঘটনাৰ পাছতে শেহতীয়াকৈ সামজিক মাধ্যমত বিৰাট কোহলীক গ্ৰেপ্তাৰ দাবী উত্থাপন হৈছে ।

কেৱল দাবী উত্থাপন কৰাই নহয়, বেংগালুৰুৰ কাবন পাৰ্ক থানাতো বিৰাটৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এই এজাহাৰ দাখিল কৰিছে এইচ এম ভেংকটেশ নামৰ এজন সমাজকৰ্মীয়ে। সমাজকৰ্মী ভেংকটেশে ইয়াৰ পূৰ্বেও বিৰাটৰ পাবৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছিল।

ইফালে, আজি পুৱা বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিখিল সোছালে নামৰ আৰচিবিৰ এজন কৰ্মচাৰীক। কোৱা হৈছে কৰে যে, চিন্নস্বামী কাণ্ড ক্ৰমান্বয়ে জটিল হৈ পৰিছে।

২০০৮ চনত যুৱ ক্ৰিকেটা হিচাপে আৰ চি বিত যোগদান কৰাৰ পৰা বিৰাট কোহলীৰ আই পি এল জয় কৰাৰ সপোন আছিল। কিন্তু সেই সপোন পূৰণৰ বাবে লাগিল ১৭ বছৰ। স্বাভাৱিকতে আই পি এলৰ প্ৰথমটো জয়ক লৈ বিৰাটৰ অনুভৱ সকলো প্ৰত্যক্ষ কৰিছিল। আনকি মেচখনৰ একেবাৰে শেষত কান্দি থকা দেখা গৈছিল বিৰাট কোহলীক ।

প্ৰথমবাৰৰ বাবে আইপিএল খিতাপ জয়ৰ পিছত আৰ চি বিয়ে চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত কৰিছিল বিজয় পেৰেড । এই পেৰেডৰ সময়তে লাখ লাখ অনুৰাগীয়ে ভিৰ কৰাত পদপিষ্ট দৰে ঘটনা সংঘটিত হয় । য’ত ১১ জন লোকৰ মৃত্যু হয় আৰু আহত বহু লোক ।