TV9 ASSAM
ফটো-ভিডিঅ' ভাইৰেল বিষয়টো এক সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে । যিটো বৰ্তমান প্ৰজন্মৰ ভৱিষ্যতৰ বাবে চিন্তাৰ বিষয় ।
সামাজিক মাধ্যমত সন্মতিৰ অবিহনে কিছুমান বিশেষ ব্যক্তিগত ফটো ভাইৰেল হোৱা দেখা যায় । যিটো চিন্তাৰ বিষয় ।
বহু সময়ত ফটো-ভিডিঅ' ভাইৰেল কৰাৰ নামত ব্লেকমেইলিং, যুৱক-যুৱতীয়ে চৰম সিদ্ধান্ত লোৱাৰ খবৰো কেতিয়াবা প্ৰকাশ পায়।
যদি আপুনি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে কি কৰিব ? কেনেকৈ ইণ্টাৰনেটৰ পৰা নোহোৱা কৰিব আপোনাৰ ভাইৰেল ফটো বা ভিডিঅ'?
প্ৰথমে গুগল চাৰ্চ বাৰত StopNCII.org লিখিব । প্ৰথমে অহা ৱেবচাইটটোত ক্লিক কৰক । ইয়াৰ পাছতে Create Your Case বিকল্প পাব আৰু তাত ক্লিক কৰিব ।
এতিয়া আপোনাৰ বয়সৰ লগতে বহু প্ৰশ্ন সুধিব আৰু আপুনি শুদ্ধ উত্তৰ দিব । শুদ্ধ উত্তৰ দিয়াটো অতি প্ৰয়োজন ।
পৰৱৰ্তী সময়ত আপোনাৰ ভাইৰেল হোৱা ফটো-ভিডিঅ' আপলোড কৰিব লাগিব । কেইঘণ্টামানৰ পিছত আপোনাৰ ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নাইকীয়া হৈ যাব ।
তদুপৰি আপুনি এই বিষয়ত থানাত গৈ চাইবাৰ অপৰাধ বিভাগত অভিযোগ দাখিল কৰিব পাৰে ।
পঢ়িবলৈ ক্লিক কৰক