জম্মু-কাশ্মীৰঃ দ’ খাৱৈত বাগৰি পৰিল CRPF ৰ জোৱান কঢ়িয়াই নিয়া বাহন, মৃত্যু ৩ জনৰ, আহত বহুতো…
আজু পুৱাই জম্মু-কাশ্মীৰৰ পৰা পোহৰলৈ আহে এক মৰ্মান্তিক ঘটনা। দ' খাৱৈত বাগৰি পৰে চি আৰ পি এফ জোৱান কঢ়িয়াই নিয়া বাহন। যাৰ ফলত ৩জন শ্বহীদ হয়।

জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। উধমপুৰ জিলাৰ বসন্তগড়ত চি আৰ পি এফ (CRPF)ৰ জোৱান কঢ়িয়াই নিয়া এখন বাহন দ’ খাৱৈত বাগৰি পৰে। যাৰ ফলত বৰ্তমানলৈ ৩ জন চি আৰ পি এফ জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। ইয়াৰ বিপৰীতে আহত হৈছে প্ৰায় ১৫ জন জোৱান। ঘটনাৰ পাছতে আহত জোৱানসকলক হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। লগতে ঘটনাস্থলীত আৰম্ভ কৰে উদ্ধাৰ অভিযান। কাণ্ডৱা অঞ্চলৰ সমীপত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনা। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ ওপৰত শোক ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে। সামাজিক মাধ্যম এক্সত এটা পোষ্ট কৰি তেওঁ লিখে যে,
“কাণ্ডৱা-বসন্তগড় অঞ্চলত চি আৰ পি এফ বাহনৰ সৈতে সংঘটিত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই মৰ্মাহত হৈছো। গাড়ীখনত বহু সাহসী চি আৰ পি এফ জোৱান যাত্ৰা কৰি আছিল। মই ডিচি চেলনী ৰায়ৰ সৈতে কথা পাতিছো, যিয়ে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি মোক তথ্য দিছে। স্থানীয় ৰাইজে নিজেই আগবাঢ়ি আহি সহায় কৰিছে। সম্ভৱপৰ সকলো সহায় নিশ্চিত কৰা হৈছে”।
Udhampur:
Disturbing to receive the news of a road accident involving a CRPF vehicle in the Kandva–Basantgarh area. The vehicle was carrying several brave jawans of the CRPF.I have just now spoken to DC Ms. Saloni Rai, who is personally monitoring the situation and keeping me…
— Dr Jitendra Singh (@DrJitendraSingh) August 7, 2025
এই ঘটনাৰ ফটো পোহৰলৈ আহিছে। জানিব পৰা মতে, ঘটনাৰ পাছতে ঘটনাস্থলীলৈ এম্বুলেন্স প্ৰেৰণ কৰা হয়। বাহনখন কেনেকৈ দ’ খাৱৈত বাগৰি পৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব।
ঘটনা সন্দৰ্ভত চি আৰ পি এফে জনাইছে যে, এই বাহনখন ১৮৭নং বেটেলিয়নৰ আছিল। আজি ৭ আগষ্টৰ পুৱা প্ৰায় ১০:৩০ বজাত জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বাহনখন কাণ্ডৱাৰ পৰা বসন্ত গড়লৈ গৈ আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ বিয়া আছিল ১৮ মাহৰ, বিচ্ছেদৰ গোচৰ চলিল ৮বছৰ! মহিলাই ভৰণ-পোষণৰ নামত দাবী কৰিলে ১২ কোটি টকা, BMW আৰু…