আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, ২৪২ জন যাত্ৰীসহ ভূ-পতিত এয়াৰ ইণ্ডিয়াৰ বিমান
আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰামৰাৰ সময়তেই বিনামখন পতিত হয় দুৰ্ঘটনাত । প্ৰায় ২০০ জন যাত্ৰী আছে বিমানখনত । প্ৰায় ১৩৩ জন যাত্ৰীৰ মৃত্যুৰ আশংকা।

গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হৈছে যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমান । আহমেদাবাদত টেক অফৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে বিমানখনৰ পিছফালৰ অংশটোৱে গছত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে দুৰ্ঘটনাটো । আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ আছিল বিমানখন। খবৰ অনুসৰি বিমানখনত ১৫০ৰ পৰা ২০০জন যাত্ৰী আছিল।
LIVE NEWS & UPDATES
-
কাইলৈ আহমেদাবাদলৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী
বিমান দুৰ্ঘটনাৰ পিছত কাইলৈ আহমেদাবাদত উপস্থিত হ’ব পাৰে প্ৰধানমন্ত্ৰী মোদী। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে।
-
অমিত শ্বাহে ক’লে এইদৰে
আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত অমিত শ্বাহে কয় যে তাপমাত্ৰা অধিক হোৱাৰ বাবে ৰক্ষা কৰা কোনো সুযোগ পোৱা নগ’ল। ঘটনাত নিহতসকলৰ চিনাক্তৰ বাবে পৰিয়ালৰ সদস্যৰ ডি এন এৰ নমুনা লোৱা হৈছে আৰু ডি এন এ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ সদস্যক গতাই দিয়া হ’ব বুলি তেওঁ লগতে কয়। ডি এন এ টেষ্টৰ পিছতহে মৃত্যুৰ সংখ্যা সঠিককৈ জানিব পৰা হ’ব বুলি তেওঁ লগতে কয়।
-
আহত লোকক সাক্ষাৎ অমিত শ্বাহৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহমেদাবাদত উপস্থিত হৈ ঘটনাস্থলীৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত চিকিৎসালয় পৰিদৰ্শন কৰে আৰু আহত লোকসকলক সাক্ষাৎ কৰে। তেওঁ লগতে এইপৰ্যন্ত উদ্ধাৰ হোৱা বিমানখনৰ একমাত্ৰ জীৱিত ব্যক্তিজনকো সাক্ষাৎ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
-
দিল্লী-মুম্বাইৰ পৰা আহমেদাবাদলৈ এয়াৰ ইণ্ডিয়াৰ দুখন সাহায্য বিমান
দিল্লী আৰু মুম্বাইৰ পৰা আহমেদাবাদলৈ দুখনকৈ সাহায্য বিমান চলোৱাৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই। এই বিমানকেইখন হৈছে-
IX1555 দিল্লী-আহমেদাবাদ, সময় নিশা ১১ বজা – ১২ জুন
IX1556 আহমেদাবাদ-দিল্লী, দিনৰ ১.১০ বজাত – ১৩ জুন
AI1402 মুম্বাই-আহমেদাবাদ, নিশা ১১ বজা – ১২ জুন
AI1409 আহমেদাবাদ-মুম্বাই, ১.১৫ বজাত, ১৩ জুনইয়াৰ লগতে এয়াৰ ইণ্ডিয়াই হেল্পলাইন নম্বৰ ১৮০০ ৫৬৯১ ৪৪৪, আন্তঃৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ- +৯১ ৮০৬২৭৭৯২০০ও জাৰি কৰিছে।
-
আহমেদাবাদৰ পৰা মুম্বাই আৰু দিল্লীলৈ বিশেষ ৰেল
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে মুম্বাই আৰু দিল্লীলৈ দুখন বিশেষ ৰে’। পশ্চিম ৰেলৱেই এই তথ্য দিছে।
ট্ৰেইন নম্বৰ ০৯৪৯৭/০৯৪৯৮ আহমেদাবাদ-দিল্লী, আহমেদাবাদ ছুপাৰফাষ্ট বিশেষ (২ ভ্ৰমণ)
ট্ৰেইন নম্বৰ ০৯৪৯৪/০৯৪৯৩ আহমেদাবাদ-মুম্বাই চেণ্ট্ৰেল-আহমেদাবাদ ছুপাৰফাষ্ট বিশেষ (২ ভ্ৰমণ) -
টাটাই ঘোষণা কৰিলে ক্ষতিপূৰণ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে টাটা গ্ৰুপে। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে দুৰ্ঘটনাৰ ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিগৰাকী ভুক্তভোগীৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। তেওঁ লগতে আহত সকলো লোকৰ চিকিৎসা কৰাৰ লগতে হোষ্টেল ভৱন নিৰ্মাণতো সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।
Tata Group will provide Rs 1 crore to the families of each person who has lost their life in this tragedy. We will also cover the medical expenses of those injured and ensure that they receive all necessary care and support. Additionally, we will provide support in the building… pic.twitter.com/n6X8sJU5Ei
— ANI (@ANI) June 12, 2025
-
চিকিৎসা বিজ্ঞানৰ তিনি ছাত্ৰৰ মৃত্যু
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত চিকিৎসা বিজ্ঞানৰ তিনগৰাকী ছাত্ৰৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। দুৰ্ঘটনাত প্ৰায় ৫০-৬০ গৰাকী ছাত্ৰ আহত হোৱা বুলি পূৰ্বে খবৰ প্ৰকাশ পাইছিল।
-
দুৰ্ঘটনাস্থলীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ঘটনাস্থলীত উপস্থিত হৈ তেওঁ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰশাসনৰ পৰা এই দুৰ্ঘটনা সম্পৰ্কে তথ্য গ্ৰহ কৰিছে।
-
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে কৰিলে নিশ্চিত।
-
আহমেদাবাদ আৰক্ষীয়ে প্ৰকাশ কৰিছে ২৫ জনীয়া তালিকা
দেশজুৰি বিমান দুৰ্ঘটনাক কেন্দ্ৰ কৰি চলি থকা চৰ্চাৰ মাজতে আহমেদাবাদ আৰক্ষীয়ে বিমান দুৰ্ঘটনাত আহত হোৱা ২৫ জন লোকৰ তালিকা প্ৰকাশ কৰিছে।
Ahmedabad Police issues a list of 25 injured in plane crash in Ahmedabad.
Additional Chief Secretary of Gujarat Health Department says, "Ahmedabd Civil Hospital students' hostel, staff quarters and other residential areas are located in the area where the plane crashed. About 50… pic.twitter.com/KWlVtuASp8
— ANI (@ANI) June 12, 2025
-
ঘটনাস্থলী উপস্থিত বিমান মন্ত্ৰী
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
#WATCH अहमदाबाद: केंद्रीय नागरिक उड्डयन मंत्री राम मोहन नायडू किंजरापु स्थिति का जायजा लेने के लिए एयर इंडिया विमान दुर्घटना स्थल पर पहुंचे। pic.twitter.com/waWEOEOMWA
— ANI_HindiNews (@AHindinews) June 12, 2025
-
আহমেদাবাদ আৰক্ষীয়ে ২৫ জন আহত তালিকা প্ৰকাশ কৰে
আহমেদাবাদ আৰক্ষীয়ে বিমান দুৰ্ঘটনাত আহত হোৱা ২৫ জন লোকৰ তালিকা প্ৰকাশ কৰিছে। তাৰে কিছুমান চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আৰু কিছুমান ওচৰতে বাস কৰা মানুহ।
-
শংকা প্ৰকাশ আহমেদাবাদৰ আৰক্ষী আয়ুক্তৰ
আহমেদাবাদৰ আৰক্ষী আয়ুক্তই আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত এক বিশেষ মন্তব্য প্ৰকাশ কৰিছে। টিভি ৯ ভাৰতবৰ্ষৰ সৈতে হোৱা বাৰ্তালাপত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া এয়াৰলাইন্সৰ বিমানখনত থকা লোকসকল জীয়াই থকাৰ আশা ক্ষীণ বুলি মন্তব্য কৰিছে। লক্ষণীয়ভাৱে বিমানখনত পাইলট আৰু ক্ৰু মেম্বাৰকে ধৰি ২৪২ জন লোক আছিল।
-
উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত কেইবাটাও সেনা দল
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযানৰ বাবে সেনা বাহিনী মোতায়েন কৰা হৈছে। ইয়াৰ ভিতৰত অভিযান্ত্ৰিকৰ দল, চিকিৎসক আৰু পেৰামেডিকেল চিকিৎসা দল, QAT আৰু ছাইট মেনেজমেণ্টৰ বাবে কৰ্মচাৰী অন্তৰ্ভুক্ত।
-
আহমেদাবাদলৈ ৰাওনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহমেদাবাদলৈ ৰাওনা হৈছে।
-
আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ বাহিৰত ভিৰ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ পৰিয়ালৰ লোক আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ বাহিৰত সমবেত হয়। আপোনজনৰ বিষয়ে তথ্য ল’বলৈ ইয়ালৈ আহিছে।
-
আহমেদাবাদ বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ বিমান সেৱা
আহমেদাবাদ বিমানবন্দৰৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ হোৱা বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোৰ পিছত কেইঘণ্টামানৰ বাবে বিমানবন্দৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল।
-
পুৰণি হোৱা বাবে দুৰ্ঘটনা হ’ল নেকি বিমানখনৰ?
পুৰণি হোৱা বাবে দুৰ্ঘটনা হ’ল নেকি বিমানখনৰ? আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ১২ বছৰ পুৰণি আছিল।
-
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ শোক প্ৰকাশ
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, “মৃত্যু হোৱা সকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জ্ঞাপন কৰিছো। চৰকাৰে তৎক্ষণাত মৃত্যু হোৱা সকলৰ পৰিয়ালক সহায় কৰক, লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলৰ জনসাধাৰণকো সহায় কৰক… কংগ্ৰেছ নেতাসকলেও মানুহক এই ঘটনা পৰিচালনা কৰাত সহায় কৰিব। এই দুৰ্ঘটনাৰ তদন্ত হ’ব লাগে…”
#WATCH | Ahmedabad Plane Crash | Kalaburagi, Karnataka | Congress President Mallikarjun Kharge says, “… I pay my tribute and condolences to those who passed away. The government should immediately help the families of those who have passed away, and also the people of the area… pic.twitter.com/RrRnCzNGvW
— ANI (@ANI) June 12, 2025
-
বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালৰ প্ৰতিক্ৰিয়া
এএনআইৰ এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “আহমেদাবাদত যি ঘটিছে সেয়া এক অতি মৰ্মান্তিক দুৰ্ঘটনা। আমি বহুত মানুহ হেৰুৱাইছো। নিজৰ আপোনজনক হেৰুৱাই পেলোৱা সকলোকে আমি গভীৰ শোক প্ৰকাশ কৰিছো। কেইবাজনো বিদেশী নাগৰিক আছে। আপোনালোকে সংশ্লিষ্ট বিভাগসমূহৰ পৰা আপডেটসমূহ লাভ কৰিব: সেয়া হ’ল অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, ভাৰত, আৰু অন্যান্য।
#WATCH | Air India Plane Crash | Delhi: Replying to a question by ANI, MEA Spokesperson Randhir Jaiswal says, “What has happened in Ahmedabad is a very tragic accident. We have lost a lot of people. We extend our deepest condolences to all those who have lost their loved ones.… pic.twitter.com/H5zaotV0Q9
— ANI (@ANI) June 12, 2025
-
কানাডাৰ উচ্চ আয়োগৰ শোক প্ৰকাশ
আহমেদাবাদত সংঘটিত হোৱা শোকাৱহ বিমান দুৰ্ঘটনাৰ পিছত কানাডাৰ উচ্চ আয়োগে গভীৰ শোক প্ৰকাশ কৰিছে। আমাৰ সমবেদনা ভুক্তভোগীৰ পৰিয়াল আৰু আপোনজনৰ লগত আছে: ভাৰতত কানাডাৰ উচ্চায়ুক্তই প্ৰকাশ কৰে । বিমানখনত কানাডাৰ এজন নাগৰিককে ধৰি ২৪২ জন যাত্ৰী আছিল।
High Commission of Canada expresses deepest condolences following the tragic plane crash in Ahmedabad. Our thoughts are with the families and loved ones of the victim: High Commission of Canada in India
The plane had 242 passengers, including one Canadian national, onboard. pic.twitter.com/aI98ihOqdX
— ANI (@ANI) June 12, 2025
-
বিমান দুৰ্ঘটনাত ১৫ জনতকৈ অধিক চিকিৎসক আহত
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ১৫ জনতকৈ অধিক চিকিৎসক আহত হৈছে। কাষৰীয়া ঘৰবোৰৰো ব্যাপক ক্ষতিসাধন হৈছে। বিশেষকৈ ক্ষতিসাধন হৈছে চিকিৎসকৰ ভৱন। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনে চিকিৎসকৰ ভৱনত খুন্দা মাতে।
-
উদ্ধাৰ অভিযান আৰম্ভ কৰিছে CISF-এ
বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত CISF-এ সেই স্থানতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
CISF conducts rescue operations at the AI 171 crash site, Ahmedabad
Photo source: Central Industrial Security Force (CISF) pic.twitter.com/vEhdpx5VgS
— ANI (@ANI) June 12, 2025
-
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে। তেওঁ কয়, “লণ্ডন অভিমুখী এই বিমানখনত বহু ব্ৰিটিছ নাগৰিক আছিল। ইয়াৰ দুৰ্ঘটনাৰ দৃশ্যবোৰ বিধ্বংসী। পৰিস্থিতিৰ শেহতীয়া তথ্য মোক আপডেট কৰি আছে। এই অত্যন্ত দুখজনক সময়ত যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সমবেদনা জ্ঞাপন কৰিছো।”
-
প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ” এই দুৰ্ঘটনাত মই দুখী। যন্ত্ৰণা মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। ভুক্তভোগী পৰিয়ালসমূহক আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভুক্তভোগীক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। মই মন্ত্ৰী আৰু বিষয়াৰ সৈতে যোগাযোগত আছো।”
The tragedy in Ahmedabad has stunned and saddened us. It is heartbreaking beyond words. In this sad hour, my thoughts are with everyone affected by it. Have been in touch with Ministers and authorities who are working to assist those affected.
— Narendra Modi (@narendramodi) June 12, 2025
-
এয়াৰ ইণ্ডিয়াই ক’লা কৰিলে টুইটাৰ ডিপি
বিমান দুৰ্ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াই নিজৰ ডিপি ক’লা কৰিছে। আৱাসিক এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বিমান। বিমানখনত আছিল ২৪২ জন লোক। ইয়াত ২৩০ জন সাধাৰণ নাগৰিক আৰু ১২ জন বিমান কৰ্মী আছিল।
-
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা চিকিৎসা মহাবিদ্যালয়খনৰ অট্টালিকাৰ দৃশ্য
-
হেল্পলাইন নম্বৰ মুকলি
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই হেল্পলাইন নম্বৰসমূহ জাৰি কৰা হৈছেব্ৰিটিছ নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ – 020 7008 5000আহমেদাবাদ আৰক্ষী হেল্পলাইন নম্বৰ – 7925620359এয়াৰ ইণ্ডিয়া হেল্পলাইন নম্বৰ – 1800 5691 444অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ – 011- 24610843 -
২০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ২০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা। বি জে মেডিকেল কলেজৰ হোষ্টেলৰ অট্টালিকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।
-
বিমানখনত কোন দেশৰ কিমান নাগৰিক আছিল
ব্ৰিটিছ- ৫৩
পৰ্তুগাল- ৭
কানাডা- ১
ভাৰতীয়- ১৬৯ইয়াৰ উপৰিও ১২ জন ক্ৰু মেম্বাৰ আছিল
-
আহমেদাবাদ দুৰ্ঘটনাঃ সাময়িকভাৱে বন্ধ বিমানবন্দৰ
আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ যোৱা এ আই ১৭১ বিমানখনে আজি পুৱা বিমানবন্দৰৰ বাহিৰত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ বাবে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত সকলো বিমান সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে। যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে নতুন আপডেটৰ বাবে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
-
এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষৰ প্ৰথম প্ৰতিক্ৰিয়া
আহমেদাবাদ দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেকাৰনে কয় যে, “অতি দুখেৰে মই নিশ্চিত কৰিছো যে আহমেদাবাদ-লণ্ডন গেটৱিকল অভিমুখী এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন আজি দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই ভয়াৱহ কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে পৰিয়াল আৰু আপোনজনৰ সৈতে আমাৰ সমবেদনা জ্ঞাপন কৰিছো। এই সময়ত আমাৰ মনোযোগ সকলো ক্ষতিগ্ৰস্ত লোকক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ ওপৰত। আমি ক্ষমতাত থকা সকলো কাম কৰি আছো। জৰুৰীকালীন সঁহাৰি দলসমূহক স্থানত সহায় কৰিবলৈ আৰু ক্ষতিগ্ৰস্তসকলক সকলো প্ৰয়োজনীয় সহায় আৰু যত্ন প্ৰদান কৰিবলৈ আমি অধিক পৰীক্ষিত তথ্য লাভ কৰাৰ লগে লগে অধিক আপডেটসমূহ শ্বেয়াৰ কৰা হ’ব।”
-
অমিত শ্বাহৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
প্ৰধানমন্ত্ৰী মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ তেওঁলোকক আহমেদাবাদলৈ গৈ বিমান দুৰ্ঘটনাৰ পিছত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ কয়: সূত্ৰ
-
৮ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত সাবৰৱালৰ
ডিজিচিএই জনোৱা মতে, বিমানখন উৰুৱাই থকা কেপ্তেইন সুমিত সাবৰৱাল ৮২০০ ঘণ্টাৰ অভিজ্ঞতা থকা এলটিচি। আনহাতে সহ-পাইলটৰ ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। এ টি চিৰ তথ্য অনুসৰি বিমানখনে আহমেদাবাদৰ পৰা ২৩ নং ৰাণৱেৰ পৰা দুপৰীয়া ১.৩৯ বজাত উৰা মাৰিছিল।
-
আহতসকলৰ চিকিৎসা অব্যাহত
বিমান দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। বহু আহত লোকক অসামৰিক চিকিৎসালয়ৰ ট্ৰমা চেণ্টাৰলৈ নিয়া হৈছে। এম্বুলেন্সৰ চলাচলৰ বাবে খোলা ৰখা হৈছে সেউজ কৰিড’ৰ।
-
বিমানত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী
আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী।
-
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ দৃশ্য
#WATCH | Air India plane crashes in Ahmedabad; Thick smoke and dust emerge as an impact of the plane crash pic.twitter.com/JLPApIfPnU
— ANI (@ANI) June 12, 2025
-
গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পোষ্ট
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয়, “আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনা সংঘটিত হোৱা ঘটনাটোৱে মোক গভীৰভাৱে দুখ দিছে। মই বিষয়াসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছো আৰু যুদ্ধকালীন তৎপৰতাৰে আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো। লগতে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে লৈ যাবলৈ আৰু নিশ্চিত কৰিবলৈ এটা সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো। অগ্ৰাধিকাৰ ভিত্তিত চিকিৎসালয়ত চিকিৎসাৰ সকলো ব্যৱস্থা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ সৈতে কথা পাতিছে আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে…”
Gujarat CM Bhupendra Patel tweets, “I am deeply saddened by the incident of Air India passenger plane crash in Ahmedabad. I have instructed the officials to carry out immediate rescue and relief work and arrange for immediate treatment of the injured passengers on a war footing.… pic.twitter.com/KrNnGWUEOZ
— ANI (@ANI) June 12, 2025
-
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যাত্ৰী আৰু বিমান কৰ্মীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
Deeply concerned by reports of an Air India flight crash in Ahmedabad.
Praying for the safety and well-being of all passengers and crew members. 🙏
— Himanta Biswa Sarma (@himantabiswa) June 12, 2025
-
NDRFৰ দল ৰাওনা
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)ৰ তিনিটা দল, ৯০ জন জোৱানক গান্ধীনগৰৰ পৰা বিমান দুৰ্ঘটনাস্থলীলৈ স্থানান্তৰ কৰা হৈছে। লগতে বদোদৰাৰ পৰা মুঠ আৰু তিনিটা দল স্থানান্তৰ কৰা হৈছে।
-
দুৰ্ঘটনাৰ পিছৰ দৃশ্য
#WATCH | Thick smoke billows from the Air India plane crash site in Gujarat’s Ahmedabad pic.twitter.com/NsCGenhPGw
— ANI (@ANI) June 12, 2025
-
দুৰ্ঘটনাগ্ৰস্ত বিমানত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী থকাৰ সন্দেহ
বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও থকা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে চুৰাটৰ পৰা আহমেদাবাদলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল।
-
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তালাপ
বিমান দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ।
-
দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নম্বৰ AI171
বিমান দুৰ্ঘটনাত যথেষ্ট ক্ষতি হৈছে। এই দুৰ্ঘটনা নিশ্চিত কৰিছে ৰাজ্যিক আৰক্ষী নিয়ন্ত্ৰণ কক্ষই । দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নম্বৰ হৈছে AI171। দিনৰ প্ৰায় ১.৩০ বজাত আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
-
১৩৩ জন যাত্ৰীৰ মৃত্যুৰ আশংকা
প্ৰায় ১৩৩ জন যাত্ৰীৰ মৃত্যুৰ আশংকা । মেঘানিনগৰ অঞ্চল আকাশৰ পৰা জনবহুল অঞ্চলত ভাঙি পৰে বিমানখন । ইতিমধ্যে জুয়ে আগুৰি ধৰিছে বিমানখন ।
Flight AI171, operating Ahmedabad-London Gatwick, was involved in an incident today, 12 June 2025. At this moment, we are ascertaining the details and will share further updates at the earliest on https://t.co/Fnw0ywg2Zt and on our X handle (https://t.co/Id1XFe9SfL).
-Air India…
— Air India (@airindia) June 12, 2025
-
২৪২ জন যাত্ৰী আছিল
আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰামৰাৰ সময়তেই বিনামখন পতিত হয় দুৰ্ঘটনাত । সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি বিমানখনত ক্ৰু মেম্বাৰকে ধৰি ২৪২ জন যাত্ৰী আছিল।
An Air India plane with 242 passengers onboard has crashed in Gujarat’s Ahmedabad, confirms the State Police Control Room
More details awaited pic.twitter.com/RPAYU8KfUM
— ANI (@ANI) June 12, 2025
Published On - Jun 12,2025 2:13 PM