শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰিল বাহন, একেটা পৰিয়ালৰ ৯ সদস্যসহ ১১ জন তীৰ্থযাত্ৰী নিহত

এই দুৰ্ঘটনাত বাহনখনত যাত্ৰা কৰা ১১ জন ভক্তৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত ৯ জন একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে।

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰিল বাহন, একেটা পৰিয়ালৰ ৯ সদস্যসহ ১১ জন তীৰ্থযাত্ৰী নিহত
সৰ্যু খালত বাগৰি পৰে বাহনখনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 03 Aug 2025 15:22 PM

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনৰ গোণ্ডাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এক ধৰ্মীয় স্থান দৰ্শনৰ উদ্দেশ্যে যাত্ৰাৰ সময়তে এখন বলেৰবাহন নিয়ন্ত্ৰণ হেৰুৱাই সৰ্যু খালত বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনখনত যাত্ৰা কৰা ১১ জন ভক্তৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত ৯ জন একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে

প্ৰকাশিত খবৰ অনুসৰি গোণ্ডাৰ ইতিয়াথোক থানা এলেকাৰ বেলৱা বহুটা মাজৰা ৰেহৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হৈছে মতিগঞ্জ থানা এলেকাৰ ছিহাগাঁৱৰ পৰা যাত্ৰা কৰা এখন বাহন জানিব পৰা মতে খাৰগুপুৰৰ বিখ্যাত পৃথ্বীনাথ মন্দিৰলৈ যাত্ৰা কৰিছিল এই লোকসকল

তেওঁলোকে যাত্ৰা কৰা বাহনখন হঠাতে সৰ্যু খালত বাগৰি পৰে ইয়াৰ ফলত ১১ জন লোকে থিতাতে প্ৰাণ হেৰুৱায় প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাত পতি বলেৰ বাহনখনত মহিলা আৰু শিশুসহ মুঠ ১৫জন লোক আছিল। গাড়ীখন বেলৱা বহুটা মাজৰা ৰেহৰা পোৱাৰ লগে লগে হঠাতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পোনে পোনে সৰ্যু খালত বাগৰি পৰে।

লগে লগে সেই স্থানেৰে পাৰ হোৱা একাংশ পথচাৰীয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ইতিয়াথোক আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাত কেইবাজনো পুৰুষ যাত্ৰীৰ লগতে মহিলা আৰু শিশুৱেও প্ৰাণ হেৰুৱাইছে।

দুৰ্ঘটনাত বাহনখনত থকা আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয় আহত এই চাৰিজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰতি তেওঁলোকৰ চিকিৎসা চলি আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইফালে আৰক্ষীয়ে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকাৱহ অৱস্থাৰ সৃষ্টি কৰিছে ইফালে দুৰ্ঘটনাত নিহত লোকসকলৰ গাঁওখনত শোকাৱহ পৰিবেশে বিৰাজ কৰিছে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছত জিলা প্ৰশাসনৰ বিষয়াসকলেও সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

এই দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইয়াৰ সমান্তৰালকৈ তেওঁ বিষয়াসকলক ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।