বিমানবন্দৰত সেনা বিষয়াৰ তাণ্ডৱ! আক্ৰমণত ভাঙিল স্পাইচজেটৰ কৰ্মচাৰীৰ হাড়…
বিমানৰ বৰ্ডিং গেটত এজন যাত্ৰীয়ে স্পাইচজেটৰ চাৰিজন কৰ্মচাৰীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। কৰ্মচাৰীকেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, যাত্ৰীজনে স্পাইচজেটৰ কৰ্মচাৰীসকলক লথিওৱাৰ লগতে ঘূচিয়াই আক্ৰমণ কৰে যাৰ ফলত আমাৰ কৰ্মচাৰীসকলৰ মেৰুদণ্ডৰ হাড় ভাঙি যায় আৰু তেওঁ মুখত গুৰুতৰভাৱে আঘাত পাইছে।

শ্ৰীনগৰৰ পৰা দিল্লীলৈ যোৱা এছ জি-৩৮৬ নম্বৰৰ বিমানখনৰ বৰ্ডিং গেটত স্পাইচজেটৰ চাৰিজন কৰ্মচাৰীক গুৰুতৰভাৱে আক্ৰমণ কৰে এজন যাত্ৰীয়ে। এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে শ্ৰীনগৰ বিমানবন্দৰত। স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, যাত্ৰীজনে স্পাইচজেটৰ কৰ্মচাৰীসকলক লথিওৱাৰ লগতে ঘূচিয়াই আক্ৰমণ কৰে যাৰ ফলত আমাৰ কৰ্মচাৰীসকলৰ মেৰুদণ্ডৰ হাড় ভাঙি যায় আৰু তেওঁ মুখত গুৰুতৰভাৱে আঘাত পায়।
তেওঁ কয় যে স্পাইচজেটৰ এজন কৰ্মচাৰী অচেতন হৈ মাটিত পৰি যায়। অচেতন হৈ থকাৰ পিছতো যাত্ৰীজনে সেই কৰ্মচাৰীজনক লাথি-ঘোচা মাৰিয়ে থাকিল। অচেতন কৰ্মচাৰীজনক সহায় কৰিবলৈ অহা আন এজন ব্যক্তিক আক্ৰমণ কৰাত তেওঁৰ নাক আৰু মুখৰ পৰা তেজ ওলাবলৈ ধৰে। আহত কৰ্মচাৰীকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কৰ্মচাৰীকেইজনৰ।
A SpiceJet spokesperson says, “A passenger grievously assaulted four SpiceJet employees at the boarding gate of flight SG-386 from Srinagar to Delhi on July 26, 2025. Our staff members suffered a spinal fracture and serious jaw injuries after being attacked with punches, repeated…
— ANI (@ANI) August 3, 2025
কাজিয়াৰ কাৰণ
আক্ৰমণ কৰা যাত্ৰীজন আছিল এজন জ্যেষ্ঠ সামৰিক বিষয়া। মুখপাত্ৰগৰাকীয়ে কয় যে যাত্ৰীগৰাকীয়ে লগত দুটা বেগ লৈ আহিছিল যাৰ মুঠ ওজন ১৬ কেজি, যিটো অনুমোদিত সীমা ৭ কেজিৰ দুগুণতকৈও অধিক। তেওঁ কয় যে যেতিয়া যাত্ৰীজনক অতিৰিক্ত সামগ্ৰীৰ বাবে প্ৰযোজ্য মাচুল দিবলৈ কোৱা হৈছিল তেতিয়া তেওঁ নাকচ কৰিছিল আৰু বৰ্ডিং প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ এৰ’ব্ৰিজত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি বিমান সুৰক্ষাৰ প্ৰট’কল উলংঘা কৰিছিল। তাৰ পিছত তেওঁক গেটলৈ ঘূৰাই লৈ যায় এজন নিৰাপত্তাৰক্ষীয়ে। বিষয়াগৰাকীয়ে কয় যে গেটত যাত্ৰীজনৰ আচৰণ আৰু অধিক আক্ৰমণাত্মক হৈ পৰে আৰু তেওঁ স্পাইচজেটৰ গ্ৰাউণ্ড ষ্টাফৰ চাৰিজন সদস্যক আক্ৰমণ কৰে।
মুখপাত্ৰগৰাকীয়ে কয় যে এই সন্দৰ্ভত স্থানীয় আৰক্ষীত এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু এতিয়া বিমান সংস্থাটোৱে অসামৰিক বিমান পৰিবহণৰ নিয়ম অনুসৰি যাত্ৰীজনক ন’-ফ্লাই তালিকাত স্থান দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ পিছত যাত্ৰীগৰাকীয়ে আৰু বিমানেৰে যাত্ৰা কৰিব নোৱাৰিব। বিষয়াগৰাকীয়ে কয় যে স্পাইচজেটে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি নিজৰ কৰ্মচাৰীসকলৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ বিষয়ে অৱগত কৰিছে। লগতে যাত্ৰীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰালয়ক অনুৰোধ জনায়। বিমানবন্দৰৰ পৰা এই ঘটনাৰ চিচিটিভি ভিডিঅ’টো লৈ আৰক্ষীক গতাই দিছে যাতে অধিক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
লগতে পঢ়ক: শীঘ্ৰে বন্ধ হ’ব ডাকঘৰৰ আটাইতকৈ পুৰণি সেৱা, জাননী জাৰি…