শীঘ্ৰে বন্ধ হ’ব ডাকঘৰৰ আটাইতকৈ পুৰণি সেৱা, জাননী জাৰি…
আগন্তুক ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা, ডাকঘৰৰ স্পীড পোষ্টৰ সৈতে একত্ৰিত কৰি নিৰ্দিষ্ট ধৰণে ডাক সেৱা প্ৰদান কৰা হ’ব বুলি জনোৱা হৈছে। স্বাভাৱিকতে এই শব্দ দুটাৰ লগত বহুতে বিশেষভাৱে পৰিচিত নহয়। স্পীড পোষ্ট বহুলভাৱে শুনা যায় যদিও পঞ্জীয়নভুক্ত পোষ্ট কি হয়তো বহুতে নাজানে।

আন বহুতো পুৰণি সেৱাৰ দৰে বয়স বৃদ্ধি হৈ আহিছে ডাকঘৰৰ । বছৰ বছৰ ধৰি এই দেশৰ প্ৰতিজন ব্যক্তিক সেৱা আগবঢ়াই আহিছে ডাকঘৰে। কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে বন্ধ কৰিবলৈ আগবাঢ়িছে ডাকঘৰৰ আটাইতকৈ পুৰণি সেৱা। আগন্তুক ছেপ্টেম্বৰৰ পৰা সেই সেৱাসমূহ নিৰৱে বন্ধ কৰি দিয়া হ’ব। জুলাই মাহৰ আৰম্ভণিতে উচ্চ পদস্থ বিষয়াই দেশৰ ডাক বিভাগ বা ডাকঘৰৰ কৰ্মচাৰীৰ বাবে জাৰি কৰিছে আভ্যন্তৰীণ জাননী ।
আগন্তুক ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা, ডাকঘৰৰ স্পীড পোষ্টৰ সৈতে একত্ৰিত কৰি নিৰ্দিষ্ট ধৰণে ডাক সেৱা প্ৰদান কৰা হ’ব বুলি জনোৱা হৈছে। স্বাভাৱিকতে এই শব্দ দুটাৰ লগত বহুতে বিশেষভাৱে পৰিচিত নহয়। স্পীড পোষ্ট বহুলভাৱে শুনা যায় যদিও পঞ্জীয়নভুক্ত পোষ্ট কি হয়তো বহুতে নাজানে।
অতি সহজ ভাষাত ক’বলৈ গ’লে ডাকঘৰে চিঠি বা যিকোনো কুৰিয়ৰ প্ৰেৰণৰ বাবে সৃষ্টি কৰা আটাইতকৈ পুৰণি সেৱাটো হ’ল পঞ্জীয়নভুক্ত ডাক। যিটো এতিয়াও আটাইতকৈ নিৰাপদ বুলি গণ্য কৰা হয়। আনহাতে স্পীড পোষ্ট। ই অতিশয় ‘প্ৰিমিয়াম’। মূলতঃ এই সেৱাৰ সহায়ত কিবা এটা দ্ৰুতভাৱে পঠিয়াব পাৰি। যিটো ব্যয়বহুল। এতিয়া সেই স্পীড পোষ্টৰ লগত একত্ৰিত কৰা হৈছে ৰেজিষ্টাৰ পোষ্ট ।
কিন্তু কিয়? জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে এই সিদ্ধান্ত ডাক সেৱাক অধিক স্বচ্ছ, দ্ৰুত আৰু সৰ্বোপৰি অনুসৰণযোগ্য কৰি তোলাৰ বাবে কৰা হৈছে। অৰ্থাৎ গ্ৰাহকৰ হাতত সদায় তেওঁৰ কুৰিয়ৰৰ খবৰ থাকিব। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি ডিডিজি (মেইল অপাৰেচন) দুষমন্ত মুডগালে ডাক বিভাগৰ অধীনস্থ সকলো কাৰ্যালয়ক এই অধিসূচনাৰ পিছত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কোৱা অনুসৰি আঁতৰাই দিয়া হ’ব পঞ্জীয়নভুক্ত ডাক সেৱা।