শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰুদ্দেশ হোৱা যাত্ৰী উদ্ধাৰৰ পৰা আমেৰিকাত ৪ ভাৰতীয়ৰ মৃত্যুলৈ, দিনটোৰ খবৰসমূহ…

কিছুদিন পূৰ্বে ইণ্ডিগ বিমানত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। তাৰ পাছতে নিৰুদ্দেশ হৈ থকা অসমৰ যাত্ৰীজনক উদ্ধাৰ। ইয়াৰ বিপৰীতে আমেৰিকাত মৃত্যু ৪ ভাৰতীয়ৰ।

নিৰুদ্দেশ হোৱা যাত্ৰী উদ্ধাৰৰ পৰা আমেৰিকাত ৪  ভাৰতীয়ৰ মৃত্যুলৈ, দিনটোৰ খবৰসমূহ…
ইণ্ডিগ' কাণ্ড
barasha-sarma
Barasha Sarma | Published: 03 Aug 2025 16:14 PM

  1. ইণ্ডিগ’ বিমানত আক্ৰমণৰ বলি হোৱা অসমৰ লোকজনক উদ্ধাৰ। কিছুদিন পূৰ্বে ইণ্ডিগ’ৰ এখন বিমানত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। সহযাত্ৰী হাফিজুল ৰহমানে প্ৰহাৰ কৰিছিল  হুছেইন আহমদ মজুমদাৰ নামৰ লোকজনক। তেতিয়াৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল যদিও শেহতীয়াকৈ বৰপেটাৰ ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হৈছে লোকজন।
  2. ডিব্ৰুগড়ত ব্যৱসায়ীক হত্যা কৰাৰ অভিযোগত আটক ৪জন। ২৫ জুলাইত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহনগাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। শোৱাপাটিতে দৃৰ্বৃত্তই হত্যা কৰা হৈছিল উত্তম গগৈ নামৰ এজন ব্যৱসায়ীক। এই ঘটনাত জড়িতৰ অভিযোগত এতিয়া আটক হৈছে উত্তম গগৈৰ পত্নী, কন্যাসহ ২ ছুপাৰী কিলাৰ। অভিযোগ অনুসৰি, গগৈক হত্যাৰ বাবে ছুপাৰী কিলাৰ নিয়োগ কৰিছিল পত্নী-কন্যাই।
  3. আজি গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা। বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ,অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিকাশ উপাধ্যায়, কংগ্ৰেছৰ সকলো সাংসদ, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ সকলো বিধায়ক,দলৰ বিষয়ববীয়া আদি উপস্থিত থাকে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই বৈঠক গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
  4. কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ সংবাদমেল। তেওঁ কয় যে,২৬’ত কংগ্ৰেছে কেৱল ৩০-৩২ খন আসনহে পাব। আকৌ অসমত বিজেপিৰ চৰকাৰ হ’ব। মুছলমান লোকসকলে কংগ্ৰেছক সমৰ্থন কৰি লাভ নাই। কাৰণ পুনৰ বিজেপিৰে চৰকাৰ হ’ব। মই অগপত যোগদান কৰিম। কংগ্ৰেছত নাযাও।
  5. জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। এইবাৰ সেনাই চলাইছে অপাৰেশ্যন আখল। জানিব পৰা মতে, এই অভিযান তিনিদিনীয়া এক সন্ত্ৰাসবাদ বিৰোধী অভিযান। এই অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৫জনলৈ বৃদ্ধি।
  6. উত্তৰ প্ৰদেশৰ গোণ্ডাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বলেৰোই নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায়। য’ত ১১ জন ভক্তৰ থিতাতে মৃত্যু হয় আৰু কেইবাজন আহত হয়। মৃত্যু হোৱাসকলৰ ভিতৰত ৯ জন এটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। বাহনখনত ১৫জন লোক আছিল। আহত কেইজনৰ অৱস্থা সংকটজনক।
  7. বন্ধ হ’ব ডাকঘৰৰ পঞ্জীয়নভুক্ত ডাকসেৱা। ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা, ডাকঘৰৰ স্পীড পোষ্টৰ সৈতে একত্ৰিত কৰি নিৰ্দিষ্ট ধৰণে ডাক বা ডাক সেৱা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। ডাক সেৱাক অধিক স্বচ্ছ, দ্ৰুত আৰু সৰ্বোপৰি অনুসৰণযোগ্য কৰি তোলাৰ বাবে কৰা হৈছে।
  8. আমেৰিকাত মৃত্যু ৪ ভাৰতীয়ৰ। শনিবাৰে আমেৰিকা প্ৰশাসনে নিশ্চিত কৰে যে, নিউয়ৰ্কৰ বাফেলোৰ পৰা পশ্চিম ভাৰ্জিনিয়ালৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হোৱা ভাৰতীয় মূলৰ এটা পৰিয়ালৰ মৃত্যু। পৰিয়ালটোৰ ৪জন সদস্যই এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি লয়। তেওঁলোক- ডাঃ কিশোৰ দেৱান, আশা দেৱান, শৈলেশ দেৱান আৰু গীতা দেৱান। ২ আগষ্টত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।
  9. পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল ৰাছিয়া। জাৰ্মান জিঅ’ছায়েন্স ৰিচাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। কিছুদিন পূৰ্বে ৰাছিয়াত ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প সংঘটিত হৈছিল।যাৰ ফলত প্ৰশান্ত মহাসাগৰত চুনামীৰ ঢৌৰ সৃষ্টি হৈছিল আৰু জাপানলৈ ইয়াৰ প্ৰভাৱ পৰে।

 

অন্য খবৰ পঢ়কঃ এইসমূহ সাধাৰণ অভ্যাস হ’ব পাৰে বৃক্ক সংক্ৰমণৰ কাৰণ! জানক ইয়াৰ লক্ষণ আৰু সকলো…