পিতৃ-ভগ্নীকো এৰি নিদিলে! পৰিয়ালৰ ৩ সদস্যৰ সৈতে যুৱকৰ ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এজন যুৱকে নিজৰ পৰিয়ালৰে তিনিজনকৈ লোকক হত্যা কৰে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত যুৱকজন বৰ্তমান পলাতক অৱস্থাত আছে।

পিতৃ-ভগ্নীকো এৰি নিদিলে! পৰিয়ালৰ ৩ সদস্যৰ সৈতে যুৱকৰ ভয়ংকৰ কাণ্ড...

প্ৰতীকী ফটো

Published: 

05 Jan 2026 | 06:23 PM

এজন ব্যক্তিৰ সবাতোকৈ আপোন তেওঁৰ পৰিয়াল বুলি কোৱা হয়। পিছে মানুহ কিমান নৃশংস হ’লে আত্মীয়ক হত্যা কৰিব পাৰে? শেহতীয়াকৈ পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। এজন যুৱকে পৰিয়ালৰ তিনিজনকৈ লোকক হত্যা কৰি কুঁৱাত পেলাই দিয়ে। নিহতসকলৰ ভিতৰত আছে তেওঁৰ পিতৃ, ভগ্নী আৰু ভতিজী। এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মাইয়ামা থানা এলেকাত।

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত যুৱকজন। আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ নাম মুকেশ বুলি চিনাক্ত কৰিছে। এই মুকেশে তেওঁৰ ২১ বছৰীয়া ভগ্নী, ১৪ বছৰীয়া ভতিজী আৰু পিতৃক অপহৰণ কৰি হত্যা কৰে। পাছত মৃতদেহ কেইটা কুঁৱাত পেলাই দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, ৩ দিনৰ ভিতৰত মুকেশে এই কাণ্ড সংঘটিত কৰে। যোৱা ২ জানুৱাৰীৰ পৰা এই তিনিজন নিৰুদ্দেশ হৈ আছিল। যাৰ বাবে পৰিয়ালৰ লোকে তেওঁলোকৰ নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। তদন্তৰ মাজতে ৫ জানুৱাৰীত আৰক্ষীয়ে খবৰ লাভ কৰে যে তিনিওৰে মৃতদেহ এটা কুঁৱাত উদ্ধাৰ হৈছে। লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি, মানসিকভাৱে বিকাৰগ্ৰস্ত মুকেশ। প্ৰায়ে তেওঁ সৰু সৰু কথাত পিতৃৰ সৈতে কাজিয়া কৰিছিল। গতিকে এনে কাৰণতে পিতৃক হত্যা কৰিব পাৰে বুলি অনুমান কৰা হৈছে। পিছে ভগ্নী আৰু ভতিজীক কিয় হত্যা কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। মুকেশ বৰ্তমান পলাতক অৱস্থাত আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ মটৰত কি কি ভিটামিন থাকে? ৫ টা উপকাৰী গুণ জানিলে আচৰিত হ’ব আপুনি..

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে