শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor: ঘৰে ঘৰে জন্মিছে ‘সেন্দুৰ’, সেনা অভিযানৰ নামেৰে আপ্লুত হৈ নৱজাতকৰ নামকৰণ

India Pakistan Tensions: সৰ্বভাৰতীয় সংবাদ মাধ্যম পিটিআইৰ তথ্য অনুসৰি তাত থকা কুশীনগৰ চিকিৎসা মহাবিদ্যালয়ত ৯ আৰু ১০ তাৰিখৰ ভিতৰত জন্ম হোৱা ১৭টা নৱজাতকৰ নাম ‘সেন্দুৰ’ ৰখা হৈছে।

Operation Sindoor:  ঘৰে ঘৰে জন্মিছে ‘সেন্দুৰ’, সেনা অভিযানৰ নামেৰে আপ্লুত হৈ নৱজাতকৰ নামকৰণ
সেনা অভিযানৰ নামেৰে আপ্লুত হৈ নৱজাতকৰ নামকৰণ
barasha-misra
Barasha Misra | Published: 13 May 2025 12:54 PM

ঘৰে ঘৰে জন্মিছে ‘সেন্দুৰ’। সামৰিক অভিযানত আপ্লুত হৈ অভিভাৱকসকলে নিজৰ নৱজাতকৰ নাম এইটোৱেই ৰাখিছে। পহলগাম আক্ৰমণৰ পিছত ভাৰতে ল’লে প্ৰতিশোধ। সেইদিনা ভাৰতীয় সৈন্যই ‘অপাৰেচন সেন্দুৰ’ লৈ যুদ্ধত নামি প্ৰতিগৰাকী নাৰীৰ কপালৰ পৰা আঁতৰোৱা সেন্দুৰৰ প্ৰতিশোধ ল’লে। সেই সময়ৰ পৰাই দেশৰ কেইবাটাও প্ৰান্তত জন্মা নৱজাতকৰ নাম ‘সেন্দুৰ’ ৰখাৰ প্ৰতি আগ্ৰহ বাঢ়িছে পিতৃ-মাতৃৰ।

জানিব পৰা মতে, উত্তৰ প্ৰদেশত পিতৃ-মাতৃয়ে ১৭ নৱজাতক কন্যাৰ নামাকৰণ কৰিছে ‘সেন্দুৰ’ নামেৰে । সৰ্বভাৰতীয় সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি তাত থকা কুশীনগৰ চিকিৎসা মহাবিদ্যালয়ত ৯ তাৰিখৰ পৰা ১০ মে তাৰিখৰ ভিতৰত জন্ম হোৱা ১৭টা নৱজাতকৰ নাম ৰখা হৈছে ‘সেন্দুৰ’।

অপাৰেচন সেন্দুৰৰ নামেৰে সন্তানৰ নাম ৰখা প্ৰিয়ংকা দেৱীয়ে কয়, ‘সেন্দুৰ এতিয়া সাধাৰণ শব্দ নহয়। এয়া আমাৰ আবেগ। সেইবাবেই মই মোৰ ছোৱালীজনীৰো নাম ৰাখিলোঁ সেন্দুৰ।’

উল্লেখ্য যে, যোৱা ৭ মে’ত পুৱা প্ৰায় ১:৩০ বজাত ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি পাকিস্তান দখল কৰা কাশ্মীৰ, সিন্ধত সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। মুঠ ৯টা সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰে। এই আক্ৰমণত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। এই আক্ৰমণত জয়ছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়ালয়ো নিহত হয়।