Teacher’s day 2024: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই ১০ টা বাণীয়ে ধন্য কৰিব আপোনাৰ জীৱন…
Teacher's day: তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
 
                                কাইলৈ সমগ্ৰ দেশে পালন কৰিব শিক্ষক দিৱস। ভাৰতৰ প্ৰথম উপ- ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মৰ দিনা অৰ্থাৎ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে উলহ- মালহেৰে পালন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰণ কৰাৰ লগতে শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনোৱাৰ অৰ্থে ছাত্ৰ- ছাত্ৰীসকলে নৃত্য, গীত, কবিতা, ভাষণ আদি দিয়ে। শিক্ষক দিৱস পালন কৰাৰ আগতে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে জনাতো অতিকে আৱশ্যক।
১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আছিল। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণণক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হৈছিল। ভাৰতৰ প্ৰথমগৰাকী উপ- ৰাষ্ট্ৰপতি হোৱাৰ লগতে তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিও আছিল।
১৯৬২ চনত সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ একাংশ প্ৰাক্তন ছাত্ৰই জন্মদিন পালন কৰিবলৈ বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
প্ৰায় ৪০ টা বছৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষকতাৰ নামত দিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণণে সদায় শিক্ষকৰ হৈ মাত মাতিছিল আৰু সমাজত জ্ঞানৰ বাৰ্তা বিয়পাইছিল। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ১০ বাণী তলত উল্লেখ কৰা হ’ল-
১) শিক্ষক এডাল জ্বলি থকা মমবাতিৰ দৰে,যিয়ে নিজক জ্বলি আনক পোহৰ দিয়ে।
২)ঈশ্বৰ সকলো আত্মাৰ আত্মা – পৰম আত্মা – পৰম চেতনা।
৩) প্ৰকৃত শিক্ষক সেইসকল, যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।
৪)কেৱল জ্ঞান আৰু বিজ্ঞানৰ ভিত্তিতহে আনন্দ আৰু সুখল জীৱন সম্ভৱ।
৫) কিতাপ পঢ়িলে আমি একান্তভাৱে চিন্তা কৰাৰ অভ্যাস গঢ় দিব পাৰো, যিয়ে আমাক সুখ দিয়ে।কিতাপ হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা আমি সংস্কৃতিৰ মাজত দলং নিৰ্মাণ কৰো।
৬) যেতিয়া আমি জানো বুলি ভাবো, তেতিয়াই আমি শিকা বন্ধ কৰি দিওঁ।
৭)শিক্ষা সম্পূৰ্ণ হ’বলৈ, মানৱীয় হ’ব লাগিব, ইয়াত কেৱল বুদ্ধিমত্তাৰ প্ৰশিক্ষণেই নহয়, হৃদয়ৰ পৰিশোধন আৰু আত্মাৰ অনুশাসন অন্তৰ্ভুক্ত কৰিব লাগিব। কোনো শিক্ষাকে সম্পূৰ্ণ বুলি গণ্য কৰিব নোৱাৰি যদিহে ই হৃদয় আৰু আত্মাক অৱহেলা কৰে।
৮)শিক্ষক সেইসকল নহয়, যিয়ে ছাত্ৰৰ মগজুত যোৰ কৰি জ্ঞান দিয়াৰ চেষ্টা কৰে। শিক্ষক সেইসকল যিয়ে আহিবলগীয়া প্ৰত্যাহ্বানৰ বাবে শিক্ষাৰ্থীক সাজু কৰে।
৯)জ্ঞানে মানুহক শক্তি দিয়ে আৰু প্ৰেমে দিয়ে পূৰ্ণতা।
১০) কেৱল ভাল মনৰ মানুহে জীৱনৰ আধ্যাত্মিক অৰ্থ বুজিব পাৰে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      