কি হৈছিল যুৱতীগৰাকীৰ লগত? হোষ্টেলৰ ছাদত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ…
অতি ৰহস্যজনকভাৱে মৃত্যু হয় এগৰাকী যুৱতীৰ। জানিব পৰা মতে, যুৱতীগৰাকীয়ে বি এছ চি পঢ়ি আছিল। কিন্তু এতিয়া তেওঁৰ মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড। বি এছ চি অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীৰ মৃতদেহ হোষ্টেলত অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। মৃত ২১ বছৰীয়া ছাত্ৰীগৰাকী কৰ্ণাটকৰ শিৱমোগ্গা জিলাৰ আম্বেদকাৰ হোষ্টেলত আছিল। ছাত্ৰীগৰাকীৰ মৃতদেহ শিৱমোগ্গাৰ কোটা ৰোডস্থিত সমাজ কল্যান বিভাগৰ ডাঃ বি আৰু আম্বেদকাৰ চৰকাৰী পোষ্ট মেট্ৰিক গাৰ্লছ হোষ্টেলৰ ছাদৰ পৰা উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত তদন্ত লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে, মৃৃত যুৱতীগৰাকী শিৱমোগ্গাৰ ডিভিএছ কলেজৰ বিএছচিৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল। খবৰ অনুসৰি মঙলবাৰে কলেজলৈ যোৱাৰ পূৰ্বে তেওঁ ব্ৰেকফাষ্ট কৰিবলৈ হোষ্টেলৰ ছাদত গৈছিল। কিন্তু তাৰ অলপ পাছতো পানীৰ টেংকিৰ ওচৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতেদেহ। ছাদত কাপোৰ মেলিবলৈ যোৱা ছাত্ৰীসকলে প্ৰথমে প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ মৃতদেহ আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।
প্ৰাৰম্ভিক তদন্ত যুৱতীগৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে। কিন্তু পৰিয়ালৰ লোকে মানি লোৱা নাই। পিতৃ-মাতৃয়ে কয় যে, চৰম পন্থা গ্ৰহণ কৰিবলৈ যুৱতীগৰাকীৰ কোনো ডাঙৰ সমস্যা নাছিল। মৃত্যুৰ আগনিশা যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকলৈ ফোন কৰি জনাইছিল যে তেওঁ পুৱা হ’লেই ঘৰলৈ যাব। কিন্তু যুৱতীগৰাকী আৰু সোঁশৰীৰে ঘৰলৈ উভতি নগ’ল। পিতৃৃ-মাতৃয়ে লাভ কৰিলে এটা নিথৰ দেহ।
এই খবৰে পৰিয়ালৰ লগতে আত্মীয়সকলৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, দৰিদ্ৰতাৰ বাবে যুৱতীগৰাকীয়ে পঢ়া-শুনাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।
ৱাৰ্ডেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
যুৱতীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত কয় যে, তেওঁৰ কন্যা এগৰাকী মেধাৱী ছাত্ৰী আছিল। গতিকে তেওঁ এই চৰম পন্থা গ্ৰহণ কৰিব নোৱাৰে। ইফালে তদন্তত পোহৰলৈ আহিছে যে একেৰাহে দুদিন ধৰি হোষ্টেলৰ ৱাৰ্ডেন স্বপ্নাই সকলোৰে আগত যুৱতীগৰাকীক গালি গালাজ কৰিছিল। মৃতকৰ ভাতৃ মঞ্জুনাথে কয় যে, ৱাৰ্ডেনৰ এনে কাণ্ডৰ বাবে যুৱতীগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিব পাৰে। ইয়াৰোপৰি ৱাৰ্ডেনে প্ৰথম অৱস্থাত জনাইছিল যে ছাত্ৰীগৰাকীয়ে বিহপান কৰিছে কিন্তু সেয়া মিছা আছিল। গতিকে আঁৰত অন্য কাৰণ থাকিব পাৰে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে এয়া চৰম পন্থাৰ ঘটনা নে ইয়াৰ আঁৰত অন্য কিবা কাৰণ আছে সেয়া সকলো তদন্তৰ অন্তত পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ Gold price today: পুনৰ দাম কমিল! আজি বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক সঠিক মূল্য…