নিশা ফ্লেটৰ ভিতৰত কি হৈছিল? মণিপুৰৰ প্ৰেয়সীৰ হাতত প্ৰাণ হেৰুৱালে দক্ষিণ কোৰিয়াৰ প্ৰেমিকে…

প্ৰেমিকাৰ হাতত প্ৰাণ হেৰুৱালে দক্ষিণ কোৰিয়াৰ এজন যুৱকে। জানিব পৰা মতে, দুয়ো দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু কালি নিশা লিভ ইন পাৰ্টনাৰে যুৱকজনক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

নিশা ফ্লেটৰ ভিতৰত কি হৈছিল? মণিপুৰৰ প্ৰেয়সীৰ হাতত প্ৰাণ হেৰুৱালে দক্ষিণ কোৰিয়াৰ প্ৰেমিকে...

যুৱকজন আৰু যুৱতীগৰাকী

Published: 

05 Jan 2026 | 01:08 PM

ভাৰতত প্ৰাণ গ’ল দক্ষিণ কোৰিয়াৰ এজন যুৱকৰ। গ্ৰেটাৰ নয়ডাৰ ১৫০ নং ছেক্টৰ এ টি এছ পায়াছ হাইড ৱেজ ছ’চাইটিত এজন কোৰিয়ান নাগৰিকক তেওঁৰ ভাৰতীয় প্ৰেয়সীয়ে ছুৰীয়ে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত লোকজন ডাক হী ইউহ (৪৭) বুলি চিনাক্ত হোৱাৰ বিপৰীতে যুৱতীগৰাকী মণিপুৰৰ বুলি জানিব পৰা গৈছে। এই গোচৰৰ সৈতে জড়িত ২২ বছৰীয়া যুৱতীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ কাণ্ডই দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি,দেওবাৰ (৪ জানুৱাৰী)য়ে আৰক্ষীে জিমছ হাস্পতালৰ পৰা তথ্য লাভ কৰে যে এজন বিদেশী নাগৰিকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে। লগে লগে আৰক্ষী হাস্পাতালত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি,  যুৱকজনে নয়ডাৰ এটা চেমচাং কোম্পানীত মেনেজাৰ হিচাপে কৰ্মৰত আছিল। ছুৰীৰে আঘাত কৰা এই যুৱকজনক লিভ ইন পাৰ্টনাৰে হাস্পাতাললৈ লৈ আহিছিল। কিন্তু চিকিৎসকে তেওঁত মৃত ঘোষণা কৰি আৰক্ষীক খবৰ দিয়ে।

কি হৈছিল নিশা?

প্ৰাপ্ত খবৰ অনুসৰি, যুৱতীগৰাকীৰ সৈতে প্ৰায় ডেৰ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দক্ষিণ কোৰিয়াৰ যুৱক ডাক হী ইউহ। তেওঁলোকে প্ৰায়ে সুৰাৰ পাৰ্টি কৰিছিল। অন্য দিনাৰ দৰে তেওঁলোকে কালিও সুৰাৰ পাৰ্টি কৰিছিল। কিন্তু তাৰ মাজতে তেওঁলোকৰ মাজত কাজিয়া হয়। এই কাজিয়াৰ পৰিণতিতে যুৱতীগৰাকীয়ে যুৱকজনক ছুৰীৰে প্ৰহাৰ কৰে। এই ছুৰীৰ প্ৰহাৰ যুৱকজনৰ বুকুত লাগে, যাৰ বাবে অত্যধিক ৰক্তাক্ষৰণ হয়। ইয়াৰ পাছতে যুৱতীগৰাকীয়ে যুৱকজনক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁত মৃত ঘোষণা কৰে।

অভিযোগ অনুসৰি, সুৰাপান কৰাৰ পাছত প্ৰায়ে যুৱকজন উত্তেজিত হৈ পৰে। কালিও সুৰাপান কৰাৰ মাজত তেওঁ উত্তেজিত হৈ যুৱতীগৰাকীক নিৰ্যাতন কৰাৰ চেষ্টা কৰিছিল। যুৱতীগৰাকীয়ে বাৰে বাৰে তেওঁক সুৰাপান কৰাত বাধা দিছিল। যাৰ পাছত যুৱতীগৰাকীয়ে তেওঁক ছুৰীৰে প্ৰহাৰ কৰে।

লিভ ইন সম্পৰ্ক

ডিচিপি গ্ৰেটাৰ নয়ডা ছাদ মিয়ান খানে উল্লেখ কৰে যে যুৱতীগৰাকী আৰু যুৱকজন দীৰ্ঘদিন ধৰি লিভ ইনত আছিল। মণিপুৰৰ যুৱতীগৰাকীয়ে এখন বিয়াৰ বাৰত কাম কৰিছিল আৰু তাতেই প্ৰায় ২ বছৰ পূৰ্বে এই যুৱকজনৰ সৈতে চিনাকী হৈছিল। এই চিনাকী পৰৱৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হৈছিল আৰু দুয়ো নয়ডাত একেলগে থাকিব লৈছিল।

অৱশ্যে কি সঁচা কি মিছা সেয়া সকলো তদন্তৰ অন্তত পোহৰলৈ আহিব। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। গ্ৰেপ্তাৰ হৈছে যুৱকজনৰ প্ৰেয়সী। সকলো দিশ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ অন্য যুৱকৰ সৈতে প্ৰেম, স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে