শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিদেশত মৃত্যু পুত্ৰৰ! ইফালে মৃতদেহৰ অপেক্ষা কৰি থকা পিতৃয়ে শোকত হেৰুৱালে প্ৰাণ…

এক হৃদয়বিদাৰক ঘটনা। পুত্ৰৰ মৃতদেহৰ অপেক্ষা কৰি মৃত্যুক সাৱতি ললে এগৰাকী পিতৃয়ে। জানিব পৰা মতে, পুত্ৰৰ মৃত্যু হৈছিল বিদেশত। কিন্তু আহি পোৱা নাছিল মৃতদেহ।

বিদেশত মৃত্যু পুত্ৰৰ! ইফালে মৃতদেহৰ অপেক্ষা কৰি থকা পিতৃয়ে শোকত হেৰুৱালে প্ৰাণ…
পিতা-পুত্ৰImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 01 Aug 2025 11:03 AM

এক মৰ্মান্তিক ঘটনা! পুত্ৰৰ মৃতদেহলৈ অপেক্ষা কৰি অৱশেষত মৃত্যুক সাৱতি ল’লে মৃত্যুয়ে। জানিব পৰা মতে, আলজেৰিয়াৰ আন্নাবা চহৰত কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত মৃত্যু হৈছিল অনাদি মিশ্ৰ নামৰ যুৱকজনৰ। তেওঁৰ বয়স প্ৰায় ৪৩ বছৰ। আলজেৰিয়াৰ স্পঞ্জ চহৰৰ এটা কোম্পানীত তেওঁ অপাৰেটৰ হিচাপে কাম কৰি আছিল। কিন্তু মৃত্যুৰ ১২ দিন পাছতো তেওঁৰ পাৰ্থিৱ শৰীৰ গাঁৱলৈ আহি পোৱা নাছিল। পুত্ৰ মৃত্যুৰ শোকত শোকস্তব্ধ হৈ অৱশেষত মৃত্যুক সাৱতিলে পিতৃ ৰাজেশ মিশ্ৰই।

উত্তৰ প্ৰদেশৰ কানপুৰৰ ভিতৰগাওঁ ব্লকৰ বাৰী গাঁৱৰ বাসিন্দা এই পৰিয়ালটো। পুত্ৰ-পিতৃৰ মৃত্যুৰ পাছতে এতিয়া পৰিয়ালটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে, প্ৰায় ১২ দিন পূৰ্বে মৃত্যু হৈছিল যুৱকজনৰ। কিন্তু পুত্ৰৰ মৃতদেহলৈ বাট চাই বুধবাৰ (৩০জুলাই)য়ে মৃত্যুক সাৱতিলে বৃদ্ধ পিতৃয়ে। এই ঘটনাৰ পাছতে এতিয়া পৰিয়ালটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

১৮ জুনত আলজেৰিয়াৰ স্পঞ্জ আইৰন কোম্পানীত অপাৰেটৰ হিচাপে কাম আৰম্ভ কৰি অনাদি মিশ্ৰই। মাত্ৰ এমাহৰ পাছত ১৭ জুলাইত কাৰখানাটোত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও ১৮ জুলাইত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এই খবৰ লাভ কৰাৰ পাছতে পৰিয়ালটোত শোকে বিৰাজ কৰে।

অনাদিৰ কনিষ্ঠ ভাতৃ অৰ্পিত মিশ্ৰই কয় যে, তেওঁৰ পিতৃ ৰাজেশ মিশ্ৰ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। পুত্ৰৰ মৃত্যুৰ খবৰে তেওঁক ভাঙি পেলাইছিল। খোৱা-বোৱা বন্ধ কৰি তেওঁ কেৱল মৰমৰ পুত্ৰৰ মৃতদেহলৈ অপেক্ষা কৰি আছিল। কিন্তু আহি পোৱা নাছিল মৃতদেহ।

তেওঁ কয় যে, ঘটনাৰ ১২ দিন পাৰ হৈ যোৱাৰ পাছতো অনাদিৰ মৃতদেহ ভাৰতলৈ আনিব পৰা নাছিল। মৃতদেহৰ অপেক্ষাই পৰিয়ালটোক আৰু অধিক দুখিত কৰি দিছিল। এই শোকতে বুধবাৰে ৰাজেশ মিশ্ৰৰ মৃত্যু হয়। পুত্ৰ-পিতৃৰ মৃত্যুৰ পাছত এতিয়া পৰিয়ালটোৱে কান্দি কান্দি হায়ৰাণ হৈ পৰিছে। বৰ্তমান অনাদিৰ পৰিয়ালত আছে বৃদ্ধা মাতৃ আৰু ভগ্নী-ভাতৃসকল।

অৰ্পিতে কয় যে মৃতদেহটো অনাৰ বাবে প্ৰশাসন আৰু কোম্পানীৰ সৈতে বাৰে বাৰে যোগাযোগ কৰা হৈছে যদিও এতিয়ালৈকে কোনো সঠিক উত্তৰ লাভ কৰা নাই। পৰিয়ালটোৱে এতিয়া মাথোঁ বিচাৰিছে যে অনাদিৰ মৃতদেহ যিমান সোনকালে পাৰে গাঁৱত উপস্থিত হওক, যাতে তেওঁৰ শেষকৃত কৰিব পৰা যায়। এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনত শোকৰ ছা পেলাইছে।

 

অন্য খবৰ পঢ়কঃ ৬ মাহত ৬ খন যুদ্ধ বন্ধ কৰিলে! ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী হোৱাইট হাউচৰ…