ৰাজা ৰামমোহন ৰায়ৰ প্ৰেৰণাৰে আগবাঢ়িব ইছৰোঃ দেখা যাব নাৰী শক্তিৰ জয়জয়কাৰ
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে বৰ্তমান ইছৰোৰ কৰ্মশক্তিত প্ৰায় ২০ শতাংশ মহিলাৰ যোগদান থকা বুলি জানিবলৈ দিয়ে আৰু এই মহিলা বিজ্ঞানীসকলে সংস্থাটোত উৎকৃষ্ট কাম কৰি আছে বুলিও উল্লেখ কৰে। ভৱিষ্যতে মহিলা বিজ্ঞানীৰ অংশ ৪০ শতাংশতকৈও অধিকলৈ বৃদ্ধি কৰিব লাগে বুলিও মত প্ৰকাশ কৰে ভি নাৰায়ণনে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ISRO) দেখা যাব নাৰী শক্তিৰ বিকাশ। শীঘ্ৰেই সংস্থাটোত বৃদ্ধি পাব পাৰে মহিলা বিজ্ঞানীৰ সংখ্যা। তেনে এক ইঙ্গিতেই প্ৰদান কৰিছে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে। ইছৰোৰ কৰ্মশক্তিত মহিলা বিজ্ঞানীৰ অংশগ্ৰহণৰ বিষয়ত মত প্ৰকাশ কৰি তেওঁ বৰ্তমান ইছৰোৰ কৰ্মশক্তিত প্ৰায় ২০ শতাংশ মহিলাৰ যোগদান থকা বুলি জানিবলৈ দিয়ে আৰু এই মহিলা বিজ্ঞানীসকলে সংস্থাটোত উৎকৃষ্ট কাম কৰি আছে বুলিও উল্লেখ কৰে। ভৱিষ্যতে মহিলা বিজ্ঞানীৰ অংশ ৪০ শতাংশতকৈও অধিকলৈ বৃদ্ধি কৰিব লাগে বুলিও মত প্ৰকাশ কৰে ভি নাৰায়ণনে।
চেন্নাইৰ এখন ব্যক্তিগত বিদ্যালয়ে আয়োজন কৰা এক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ইছৰোৰ অধ্যক্ষগৰাকীয়ে। তেওঁৰ মতে, দেশৰ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশ মহিলা আৰু যেতিয়ালৈকে সকলো ক্ষেত্ৰতে মহিলাসকলে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰে তেতিয়ালৈকে ভাৰতৰ দৰে এখন দেশ আগবাঢ়িব নোৱাৰে। ইছৰোত মহিলা বিজ্ঞানীৰ সংখ্যাৰ বিষয়ে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্তমান ইছৰ’ত কাম কৰা প্ৰায় ২০ শতাংশ বিজ্ঞানী মহিলা।
সেই সকলো মহিলাই সংস্থাটোত উৎকৃষ্ট মানৰ কাম কৰি আছে বুলি উল্লেখ কৰি ভি নাৰায়ণনে লগতে এই মহিলা বিজ্ঞানীসকলক অধিক উৎসাহিত কৰাটো প্ৰয়োজন বুলিও মন্তব্য কৰে। এইক্ষেত্ৰত তেওঁলোকৰ সংখ্যা ক্ৰমান্বয়ে ৪০ শতাংশ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰাটো প্ৰয়োজনীয় বুলি ইছৰোৰ অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰে। ভি নাৰায়ণনে এই সময়ছোৱাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ কথাও উল্লেখ কৰে।
তেওঁ কয় যে ১৯ শতিকাত ৰাজা ৰামমোহন ৰায়কে ধৰি বহু সমাজ সংস্কাৰকে নাৰীৰ অধিকাৰ আৰু কল্যাণৰ বাবে মাত মাতিছিল। বৰ্তমান সময়তো এই সমাজ সংস্কাৰকসকল প্ৰেৰণাৰ উৎস বুলি দোহাৰে ভি নাৰায়ণনে। সম্প্ৰতি দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত লিংগ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)ত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
তেনে সময়তে ইছৰোৰ অধ্যক্ষগৰাকীৰ মন্তব্যই নাৰী অধিকাৰ আৰু সমতাৰ বিষয়ত যথেষ্ট গুৰুত্ব বহন কৰিছে। ইফালে ভি নাৰায়ণনে লগতে ইছৰোই প্ৰথমটো থলুৱা মহাকাশ কেন্দ্ৰ কক্ষপথত সোমোৱাৰ প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিছে। ইছৰোৰ এই পদক্ষেপ ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাত এক বৃহৎ অগ্ৰগতি হ’ব বুলি তেওঁ মন্তব্য কৰে। তদুপৰি আগন্তুক ডেৰ-দুবছৰৰ ভিতৰত ইছৰোৱে পৰৱৰ্তী চন্দ্ৰ অভিযান চন্দ্ৰযান-৪ মুকলি কৰিব বুলিও তেওঁ সদৰী কৰে।