ভাৰতীয় যুদ্ধযানত ইন্ধন যোগাব ২৫০ কোটি টকীয়া গাড়ী নিৰ্মাতা এইটো কোম্পানীয়ে
বৰ্তমান এই ব্ৰিটিছ কোম্পানীয়ে আমেৰিকা আৰু জাৰ্মানীত নিজৰ বজাৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু ভৱিষ্যতে ৰ’লছ ৰয়েছে ভাৰতক নিজৰ ‘তৃতীয় ঘৰ’ হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী। কিন্তু হঠাৎ কিয় এই বিনিয়োগ বৃদ্ধিৰ কথা ভাবিছে?
কোম্পানীটোৰ আটাইতকৈ সুলভ মূল্যৰ গাড়ীখনৰ দাম ১০ কোটিতকৈও অধিক। আটাইতকৈ দামীখনৰ দাম ২০০-২৫০ কোটি। কেৱল সাধাৰণ মানুহেই নহয়, সমাজৰ অভিজাত শ্ৰেণীয়েও এই পৰিমাণৰ ধন দিবলৈ উজুটি খাব লাগিব। এই কোম্পানীটোৱে এতিয়া ঘোষণা কৰিছে যে ভাৰত তেওঁলোকৰ ‘তৃতীয় ঘৰ’ হ’ব।
সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক ব্যক্তিগত সাক্ষাৎকাৰত ৰ’লছ ৰয়েছ ইণ্ডিয়াৰ উপ-সভাপতি শশী মুকুণ্ডে কয় যে কোম্পানীটোৱে ভাৰতত বৃহৎ পৰিসৰৰ বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে। অধিক ধন খৰচ কৰি নিৰ্মাণৰ কাম বৃদ্ধি কৰিব। সেই সন্দৰ্ভত এক ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে। কোম্পানীটোৰ ভাৰতীয় বিষয়াগৰাকীৰ মতে, ‘নতুন দিল্লীক শক্তি গতাই দিবলৈ কোম্পানীয়ে এই বিনিয়োগৰ পৰিকল্পনা কৰিছে। যাৰ মূল অগ্ৰাধিকাৰ হ’ব এৰো-ইঞ্জিন বা জেট ইঞ্জিন উৎপাদনক গুৰুত্ব দিয়া।’
বৰ্তমান এই ব্ৰিটিছ কোম্পানীয়ে আমেৰিকা আৰু জাৰ্মানীত নিজৰ বজাৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু ভৱিষ্যতে ৰ’লছ ৰয়েছে ভাৰতক নিজৰ ‘তৃতীয় ঘৰ’ হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী। কিন্তু হঠাৎ কিয় এই বিনিয়োগ বৃদ্ধিৰ কথা ভাবিছে? জনা যায় যে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ বৃদ্ধিয়েই ৰ’লছ ৰয়েছক আকৰ্ষণ কৰিছে।
মানি কণ্ট্ৰ’লৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ বাবে সংশ্লিষ্ট কোম্পানীসমূহে দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ ওলাইছে। এখন বুজাবুজিৰ অধীনত অৰ্জুন টেংকৰ ইঞ্জিন নিৰ্মাণ কৰা হ’ব। আনখন চুক্তিৰ অধীনত সামৰিক বাহনৰ বাবে ইঞ্জিন নিৰ্মাণ কৰা হ’ব।
শশী মুকুণ্ডে কয়, ‘এতিয়াও আলোচনা চলি আছে। একো চূড়ান্ত কৰা হোৱা নাই। কিন্তু মই ক’ব পাৰো যে যদি ভাৰতে যুদ্ধ বাহনত অধিক উন্নত ইঞ্জিন ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰে, তেন্তে নতুন দিল্লীৰ বাবে ৰ’লছ ৰয়েছ হ’ব সৰ্বোত্তম অংশীদাৰ। আমি বাৰে বাৰে প্ৰমাণ কৰি আহিছো যে আমি এই উন্নয়ন কৰিব পাৰো।’