শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ডাঙৰ অভিযোগ! মিথ্যাচাৰ উদঙালে হাদী কাণ্ডৰ অভিযুক্তই…

বিগত সময়চোৱাত বাংলাদেশৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। হাদী হত্যাকাণ্ডই দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে শেহতীয়াকৈ এই হত্যাকাণ্ডৰ মূল অভিযুক্তৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁ চাঞ্চল্যকৰ দাবী কৰিছে।

ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ডাঙৰ অভিযোগ! মিথ্যাচাৰ উদঙালে হাদী কাণ্ডৰ অভিযুক্তই…
হাদী আৰু মাছুদ
barasha-sarma
Barasha Sarma | Published: 01 Jan 2026 11:25 AM

বাংলাদেশৰ ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ড সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ফৈজাল কৰিম মাছুদে নিজকে নিৰ্দোষী বুলি কোৱাৰ লগতে তেওঁ নিজৰ ঠিকনাৰ কথা উল্লেখ কৰে। মাছুদে এয়াও দাবী কৰে যে, ভাৰতত নহয় ডুবাইত আছে তেওঁ। কিছুদিন পূৰ্বে বাংলাদেশ আৰক্ষীয়ে হাদী হত্যাকাণ্ডৰ দুই অভিযুক্ত ভাৰতত থকা বুলি দাবী কৰিছিল। গতিকে এতিয়া অভিযুক্তৰ এই দাবীয়ে বিষয়টোত নতুন মোৰ আনিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত মাছুদে নিজৰ নিৰ্দোষ বুলি দাবী কৰি কয় যে, “মই ফৈজাল কৰিম মাছুদ। মই স্পষ্টকৈ ক’ব বিচাৰো যে হাদীৰ হত্যাকাণ্ডৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। এই সকলো ষড়যন্ত্ৰ।” মাছুদে আৰু কয় যে এই ভুৱা অভিযোগৰ বাবে তেওঁ দেশ এৰি ডুবাই যাবলৈ বাধ্য হৈছে। ইয়াৰোপৰি কয়, তেওঁৰ ওচৰত ডুবাইৰ বাবে বৈধ পাঁচ বছৰৰ মাল্টিপল এণ্ট্ৰি ভিছা আছে, যাৰ বাবে তেওঁ তাত যাবলৈ সক্ষম হয়।

ভিডিঅ’টোত মাছুদে আৰু কয় যে, এই গোচৰটোৰ পাছত তেওঁৰ পৰিয়ালক অপ্ৰয়োজনীয়ভাৱে জড়িত কৰি হাৰাশাস্তি কৰা হৈছে। পৰিয়ালৰ এই সকলোবোৰৰ লগত কোনো সম্পৰ্ক নাই, তথাপিও অমানৱীয় ব্যৱহাৰ কৰাৰ বাবে তেওঁ গৰিহনা দিয়ে।

হাদীৰ সৈতে সম্পৰ্ক

ফৈজালে স্বীকাৰ কৰে, হত্যাকাণ্ডৰ পূৰ্বে তেওঁ হাদীৰ কাৰ্যালয়লৈ গৈছিল। ইনকিলাব মঞ্চৰ সৈতে তেওঁৰ এক ব্যৱসায়িক সম্পৰ্ক আছিল। তেওঁ এজন ব্যৱসায়ী, আই টি কোম্পানী এটাৰ মালিক, ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ত কাম কৰিছিল। গতিকে ব্যৱসায়িক কামতে গৈছিল। ইয়াৰোপৰি  হাদীয়ে তেওঁক কেইবাবাৰো চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিনিময়ত ৫ লাখ টকা এডভান্স দিছিল। ইমানেই নহয়, তেওঁ হাদীৰ কাৰ্যালয়লৈ কেইবাবাৰো আৰ্থিক সাহাৰ্য আগবঢ়াইছিল।

এই হত্যাকাণ্ডৰ বাবে মাছুদে জামাত-ই-ইছলামৰ সৈতে জড়িত উগ্ৰ উপাদানসমূহক জগৰীয়া কৰে। তেওঁ কয় যে, হাদী জামাত ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি আছিল আৰু তেওঁৰ মানুহেই এই হত্যাকাণ্ড সংঘটিত কৰিছে। এই ক্ষেত্ৰত মোক আৰু মোৰ ভাতৃক ইচ্ছাকৃতভাৱে জড়িত কৰা হৈছে।

বাংলাদেশ আৰক্ষী আৰু ভাৰতৰ স্থিতি

বাংলাদেশ আৰক্ষীয়ে দাবী কৰে যে, ফৈজাল মাছুদ আৰু আলমগীৰ শ্বেখ মেঘালয় সীমান্তৰে ভাৰতলৈ পলায়ন কৰিছে। কিন্তু ভাৰতে এই দাবী নাকচ কৰিছিল। ইয়াৰ মাজতে এতিয়া অভিযুক্তই ডুবাইত থকা বুলি কৰা দাবীয়ে বহু প্ৰশ্ন উত্থাপন কৰিছে।

 

অন্য খবৰ পঢ়কঃ বাংলাদেশত কি হৈছিল দীপুৰ সৈতে? ৪ অভিযুক্তই স্বীকাৰ কৰিলে সকলো…