শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোন হ’ব প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰাধিকাৰী? মোহন ভাগৱতে দিলে উত্তৰ…

চেন্নাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ সময়ত ভাগৱতৰ এই সঁহাৰিয়ে বিজেপিৰ ভিতৰত উত্তৰাধিকাৰীত্বৰ বিতৰ্কত আৰএছএছৰ কোনো উদ্দেশ্য নাই বুলি মুকলি সংকেত হিচাপে দেখা গৈছে। ৯ ডিচেম্বৰত তেওঁ এই বক্তব্য আগবঢ়ায়।

কোন হ’ব প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰাধিকাৰী? মোহন ভাগৱতে দিলে উত্তৰ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী কোন হ’ব?
trishna-kalita
Trishna Kalita | Published: 11 Dec 2025 11:47 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী কোন হ’ব সেই বিষয়টো বিতৰ্কৰ মাজলৈ টানি নিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ মুৰব্বী মোহন ভাগৱতে। ভাগৱতে উল্লেখ কৰে যে, দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সন্দৰ্ভত আলোচনা আৰু সিদ্ধান্ত সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদীৰ ওপৰত নিৰ্ভৰ কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰাধিকাৰী কোন হ’ব বুলি সোধাত মোহন ভাগৱতে কয়, “কিছুমান প্ৰশ্ন মোৰ ক্ষমতাৰ বাহিৰত। গতিকে এই বিষয়ত মোৰ ক’বলগীয়া একো নাই।” তেওঁ লগতে কয়, “মই তেওঁক কেৱল মংগল কামনা কৰিব পাৰো, ইয়াতকৈ বেছি একো নহয়। মোদীজীৰ পিছত কোন হ’ব সেয়া মোদীজী আৰু বিজেপিয়ে সিদ্ধান্ত ল’ব।”

উত্তৰাধিকাৰ বিতৰ্কত জড়িত নহয়

চেন্নাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ সময়ত ভাগৱতৰ এই সঁহাৰিয়ে বিজেপিৰ ভিতৰত উত্তৰাধিকাৰীত্বৰ বিতৰ্কত আৰএছএছৰ কোনো উদ্দেশ্য নাই বুলি মুকলি সংকেত হিচাপে দেখা গৈছে। ৯ ডিচেম্বৰত তেওঁ এই বক্তব্য আগবঢ়ায়।

ভাৰতক যদি “বিশ্বগুৰু” হিচাপে আত্মপ্ৰকাশ কৰিব লাগে, তেন্তে জাতিভিত্তিক আৰু ভাষিক বিভাজন নাইকিয়া কৰিব লাগিব বুলিও তেওঁ জোৰ দিয়ে। ভাগৱতে কয়, “আমি আৰ এছ এছক এক লাখ বা ​​তাতকৈ অধিক স্থানলৈ লৈ যাব লাগিব। আমাৰ দেশত জাতি আৰু ভাষিক বিভাজন নাইকিয়া কৰি এক সংযুক্ত সমাজ গঢ়ি তুলিব লাগিব।”

জনসাধাৰণৰ সৈতে এক আলোচনা প্ৰক্ৰিয়া: ভাগৱত

বুধবাৰে তামিলনাডুৰ তিৰুচিৰাপল্লীত আৰ এছ এছৰ মুৰব্বী ভাগৱতে কয় যে, জনসাধাৰণৰ সৈতে গভীৰ আলোচনা প্ৰক্ৰিয়া হ’ব লাগিব। কিয়নো এতিয়ালৈকে আৰ এছ এছৰ যাত্ৰা তথ্যতকৈ ধাৰণাৰ ওপৰত ভিত্তি কৰিহে হৈছে। তেওঁ কয় যে, ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে নতুন নতুন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য’ত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে ৰাইজৰ সৈতে মত বিনিময় কৰিব। সংঘৰ সঠিক আৰু বাস্তৱিক তথ্য আমি তেওঁলোকৰ সৈতে ভাগ-বতৰা কৰিব।

“সংঘৰ যাত্ৰাৰ ১০০ বছৰীয়া – নতুন দিগন্ত” অনুষ্ঠানত ভাগৱতে কয়, “সংগঠনে ১০০ বছৰীয়া কাম সম্পূৰ্ণ কৰিছে, আৰু বিগত ১০-১৫ বছৰ ধৰি সংঘ নিয়মীয়া আলোচনাৰ বিষয় হৈ আহিছে। যেতিয়াই আলোচনা হয়, এটা কথা স্পষ্ট হৈ পৰে যে আমাৰ শুভাকাংক্ষী আৰু বিৰোধী দুয়োজনেই ধাৰণাৰ ভিত্তিত কথা কয়, তথ্যৰ ভিত্তিত নহয়।”