শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুছলমানসকলে অসহায় অনুভৱ কৰে…পহলগাম ঘটনা সন্দৰ্ভত কি ক’লে প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে…

পহলগাম আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে কয় যে, মুছলমানসকলে দেশক অসহায় অনুভৱ কৰে। আৰু একাংশই ভাৱে যে তেওঁলোকৰ সমস্যাসমূহ এই পদ্ধতিৰে দৃষ্টিগোচৰ কৰিব। গতিকে এনে ঘটনা সংঘটিত হয়।

মুছলমানসকলে অসহায় অনুভৱ কৰে…পহলগাম ঘটনা সন্দৰ্ভত কি ক’লে প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে…
ৰবাৰ্চ ভাদ্ৰা
barasha-sarma
Barasha Sarma | Published: 23 Apr 2025 18:33 PM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক বিভিন্নজনে গৰিহনা দি দোষীৰ শাস্তিৰ দাবী কৰিছে। কিন্তু ইয়াৰ মাজতে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই দিয়া মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে। গান্ধী পৰিয়ালৰ জোৱাইগৰাকীয়ে এই ক্ষেত্ৰত মুছলমান আৰু ভাৰতৰ সংখ্যালঘুসকলক লৈ মন্তব্য কৰে। অৱশ্যে তেওঁ কয় যে, এই মন্তব্য তেওঁৰ সম্পূৰ্ণ নিজৰ, ইয়াৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই।

সংবাদ সংস্থা এ এন আইৰ সৈতে কথা পাতি তেওঁ কয় যে, ধৰ্ম আৰু ৰাজনীতি বেলেগ বেলেগ আৰু ইয়াক সদায় পৃথক ৰখা উচিত। সন্ত্ৰাসবাদীয়ে প্ৰথমে পৰিচয় সুধিছিল আৰু পাছত হত্যা কৰা হৈছিল। গতিকে ইয়াৰ দ্বাৰা অনুমান হয় যে মুছলমান লোকসকলে দেশত নিজকে অসহায় ভাৱে।

পহলগাম কাণ্ডত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে কয় যে, “সন্ত্ৰাসবাদীসকলে ভাবে যে তেওঁলোকৰ সমস্যাসমূহ এই কামবোৰৰ দ্বাৰা ৰাইজৰ মাজলৈ আনিব। এয়া অতি দুৰ্বল পদ্ধতি।  মই ভাবো যে, মুছলমানসকলৰ লগত বহুত বেয়া হৈ আছে। তেওঁলোকক ৰাজপথত প্ৰাৰ্থনা কৰিব দিয়া নহয় বা মছজিদ কাঢ়ি লোৱা হয়। যাৰ বাবে তেওঁলোকে দুখ পায়। গতিকে এই ক্ষেত্ৰত ৰাজনীতি জড়িত কৰিব নালাগে।  ধৰ্ম আৰু ৰাজনীতি সদায় বেলেগ হ’ব লাগে”।

 

তেওঁ লগতে কয়,  যেতিয়া ধৰ্ম আৰু ৰাজনীতিক লগ কৰা যাব তেতিয়া এনে সন্ত্ৰাসবাদৰ ঘটনা সংঘটিত হয়। প্ৰথমে আই ডি চাই পৰ্যটকক হত্যা কৰা হৈছিল। সেয়া ক’ৰ পৰা আহিছে?  কিয়নো তেওঁলোকে ভাবে যে মুছলমানসকলক হেঁচাৰ মাজত ৰখা গৈছে। অৱশ্যে মই এই ঘটনাৰ বিৰোধী। মই ভাবো নিৰাপত্তা সংস্থাসমূহে ইয়াৰ বিৰুদ্ধে কাম কৰিব।  আমি যেতিয়ালৈকে একগোট হৈ ধৰ্ম নিৰপেক্ষ হিচাপে কাম নকৰো তেতিয়ালৈকে  এনে কাণ্ড সংঘটিত হৈ থাকিব। মই ভাবো ভেদভাব, ধৰ্মৰ ৰাজনীতিৰ পৰা দূৰত থাকিব লাগে। ইয়াৰোপৰি ধৰ্মৰ ৰাজনীতিৰ বাবে মুছলমানসকলে দেশত অসহায় অনুভৱ কৰা বুলি তেওঁ কয়। লগতে কয় যে,   এয়া সকলোকে জনাই দিয়া উচিত যে দেশত সকলো সুৰক্ষিক আৰু এই দেশ ধৰ্ম নিৰপেক্ষ।

উল্লেখ্য যে, মঙলবাৰে পহলগামত সংঘটিত হোৱা ঘটনাত প্ৰায় ২৮ জন লোকৰ মৃত্যু  হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। এই ঘটনাক বিশ্বৰ বহু দেশে গৰিহনা দিয়াৰ লগতে ভাৰতৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান  কৰিছে। ইয়াৰ মাজতে গান্ধী পৰিয়ালৰ সদস্যৰ এনে মন্তব্যই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…

অন্য খবৰ পঢ়কঃ Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং! প্ৰতিবাদী ভাষাৰে ক’লে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত