5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

RG kar: ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰ জি কৰ হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ

সন্দীপ ঘোষ নামৰ লোকজনে মেডিকেল কলেজখনত বহু দিন ধৰি দুৰ্নীতি কৰি আহিছে। তেওঁৰ সান্নিধ্যতেই ধন লৈ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছিল। সন্দীপ ঘোষৰ বিৰুদ্ধে  দুৰ্নীতিৰ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতেই তেওঁ চিবিআইৰ তদন্তৰ আওতালৈ আহিছিল।

RG kar: ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰ জি কৰ হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ
সন্দীপ ঘোষ
Follow Us
barasha-sarma
Barasha Sarma | Published: 04 Sep 2024 18:52 PM

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ পাইছে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ তৰফৰ পৰা দাখিল কৰাৰ আবেদন সন্দৰ্ভত অহা ৬ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। দুৰ্নীতিৰ গোচৰত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হোৱা সন্দীপ ঘোষ গ্ৰেপ্তাৰৰ পূৰ্বেই আবেদন দাখিল কৰিছিল। কলকাতা উচ্চ ন্যায়ালয়ে সন্দীপ ঘোষৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এতিয়া ঘোষ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

সন্দীপ ঘোষে যুক্তি আগবঢ়াইছে যে, তেওঁৰ গোচৰত প্ৰাকৃতিক ন্যায়ৰ নীতি প্ৰয়োগ কৰা হোৱা নাছিল। সন্দীপ ঘোষে উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে কৰা কিছু মন্তব্য আঁতৰাবলৈও দাবী জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতেই চিবিআইয়ে সন্দীপ ঘোষৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।

এই গোচৰটো প্ৰথমে পশ্চিম বংগ চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ হাতত আছিল। তাৰ পাছত উচ্চ ন্যায়ালয়ে এই গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰিছিল। সন্দীপ ঘোষৰ মতে উচ্চ ন্যায়ালয়ে তেওঁৰ পক্ষৰ কথা নুশুনাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰী চিকিৎসালয়খনত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ অভিযোগত চিবিআইয়ে আন তিনিজন লোকৰ সৈতে সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছিল। সন্দীপ ঘোষৰ সৈতে গ্ৰেপ্তাৰ হোৱা আন তিনিজনৰ ভিতৰত আছে আফছাৰ আলী (৪৪) – তেওঁৰ নিৰাপত্তাৰক্ষী – আৰু চিকিৎসালয়ৰ বিক্ৰেতা বিপ্লৱ সিংহা (৫২) আৰু সুমন হাজাৰা (৪৬)।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পাতালত উদ্ধাৰ হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ। চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সঞ্জয় ৰয় নামৰ এজন। ঘটনাৰ কেইদিনমান পাছতেই হাস্পাতালখনৰ অধ্যক্ষ পদ ত্যাগ কৰিছিল সন্দীপ ঘোষে। তাৰ পাছতে ঘোষ বিভিন্ন বিতৰ্কত সোমাই পৰিছিল।

অভিযোগ উঠিছিল যে সন্দীপ ঘোষ নামৰ লোকজনে মেডিকেল কলেজখনত বহু দিন ধৰি দুৰ্নীতি কৰি আহিছে। তেওঁৰ সান্নিধ্যতেই ধন লৈ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছিল। সন্দীপ ঘোষৰ বিৰুদ্ধে  দুৰ্নীতিৰ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতেই তেওঁ চিবিআইৰ তদন্তৰ আওতালৈ আহিছিল। কেৱল ইমানেই নহয়, মেডিকেল কলেজখনৰ আৱৰ্জনা, সা- সামগ্ৰী আদিৰ ক্ষেত্ৰতো বহু দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সন্দীপ ঘোষৰ বিৰুদ্ধে। গতিকে ৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Latest News