কলকাতা কাণ্ডঃ পলিগ্ৰাফ টেষ্ট, DNA ৰিপোৰ্ট, এতিয়ালৈকে কিয় CBI য়ে ভেদ কৰিব পৰা নাই ৰহস্য
সূত্ৰ অনুসৰি জানিব পৰা মতে কলকাতা আৰক্ষীয়ে দাখিল কৰা নমুনাৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি সঞ্জয় ৰায়ৰ ডি এন এ মৃতকৰ ব্যক্তিগত অংশৰ পৰা পোৱা স্বাবৰ সৈতে মিল আছে। ইমানেই নহয়, সঞ্জয় ৰয়ৰ দেহত থকা আঘাতৰ নমুনা মৃতকৰ হাতৰ আঙুলিত পোৱা নমুনাৰ সৈতে মিল আছে।
আগষ্টৰ ৯ তাৰিখে কলকাতা আৰ জি কৰ হাস্পাতালত উদ্ধাৰ হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ। এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতেই দোষীৰ শাস্তি আৰু অভিযুক্তৰ ন্য়ায়ৰ দাবীত সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত হৈছিল। কলকাতা আৰক্ষীৰ তদন্তৰ ওপৰতো প্ৰশ্ন উত্থাপন হোৱাৰ পাছত এই গোচৰৰ তদন্ত চিবিআইৰ হাতত অৰ্পন কৰা হৈছিল। চিবিআইয়ে তদন্ত আৰম্ভ কৰাৰ ১৯ দিন সম্পূৰ্ণ হ’ল কিন্তু কনিষ্ঠ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ড এতিয়াও ৰহস্যৰ আঁৰতে আছে।
ধৰ্ষণ আৰু হত্যাৰ ঘটনা অন্যলোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে যদিও এতিয়ালৈকে সঞ্জয়ৰ বাহিৰে আন কাকো চিবিআইয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনকি গোচৰৰ অগ্ৰগতি সন্দৰ্ভতো চিবিআইয়ে একো মন্তব্য কৰা নাই। ঘটনা সন্দৰ্ভত চিবিআইয়ে হাস্পাতালখনৰ পূৰ্ব অধ্যক্ষ সন্দীপ ঘোষক ১৬ আগষ্টৰ পৰা অহৰহ জেৰা চলাই আছে যদিও গ্ৰেপ্তাৰ কৰা নাই। সঞ্জয় ৰয়, সন্দীপ ঘোষৰ লগতে প্ৰায় ১০ জনৰ চিবিআইয়ে পলিগ্ৰাফ টেষ্ট কৰিছে।
সন্দীপ ঘোষ আৰু তেওঁৰ আত্মীয়ৰ কেইবাটাও স্থানত চিবিআইয়ে তালাচী চলাই বহু বস্তু উদ্ধাৰ কৰা বুলি কৈছে যদিও কি উদ্ধাৰ কৰিছে সেয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই। সন্দীপ ঘোষৰ বিৰুদ্ধে ইডিয়ে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিও তদন্ত আৰম্ভ কৰিছে।
১৪ আগষ্টত এই ঘটনাৰ তদন্তৰ দায়িত্ব লৈছিল চিবিআইয়ে। ঘটনাৰ লগত নাম সংযোগ খোৱা ১০গৰাকী লোকৰ পলিগ্ৰাফ টেষ্ট কৰা হৈছিল যদিও এই পলিগ্ৰাফ টেষ্টত কি ওলাল সেয়া এতিয়ালৈকে চিবিআইয়ে জনোৱা নাই। চিবিআইৰ তদন্তৰ ১৯ দিন হ’ল যদিও এই গোচৰত এতিয়ালৈকে কোনো ডাঙৰ কথা প্ৰকাশ হোৱা নাই। কেন্দ্ৰীয় ফ’ৰেনছিক বিজ্ঞান পৰীক্ষাগাৰে প্ৰদান কৰা ডি এন এ প্ৰতিবেদনৰ ভিত্তিত চূড়ান্ত সিদ্ধান্ত ল’বলৈ সাজু হোৱা নাই চি বি আই।
১৩ আগষ্টত চিএফএছএল কলকাতা আৰক্ষীয়ে ডিএনএ ৰিপৰ্টৰ বাবে নমুনাটো দাখিল কৰিছিল। নমুনাসমূহৰ ভিতৰত আছে মৃতকৰ ব্যক্তিগত অংগৰ পৰা উদ্ধাৰ কৰা নমুনা, নখৰ পৰা ছাল আৰু চুলিৰ নমুনা, অপৰাধস্থলীত উদ্ধাৰ হোৱা চুলিৰ নমুনা। লগতে মৃতকৰ কাপোৰ, কম্বল আৰু চাদৰ নমুনা আদি। মূল অভিযুক্ত সঞ্জয় ৰয়ৰ তেজৰ নমুনা আৰু সেই নিশা পিন্ধা তেওঁৰ কাপোৰৰ নমুনাও সংগ্ৰহ কৰা হৈছে। চি এফ এছ এলে ৰিপোৰ্ট তৈয়াৰ কৰিবলৈ ১০ দিনৰ সময় বিচাৰিছিল যদিও কলকাতা আৰক্ষীয়ে ৭ দিনত ৰিপোৰ্ট দিয়াৰ অনুৰোধ জনাইছিল।
পৰৱৰ্তী সময়ত এই গোচৰ চিবিআইলৈ হস্তান্তৰ হয়। যাৰ বাবে এই ৰিপোৰ্ট এতিয়াও চি এফ এছ এলৰ হাতত আছে। গোচৰৰ দায়িত্ব লোৱাৰ পাছতেই ২৬ আগষ্টত আদালতৰ অনুমতি পোৱাৰ পাছত চিবিআইয়ে কিছু নুমনা সংগ্ৰহ কৰি চি এফ এছ এলৈ প্ৰেৰণ কৰিছিল। কিন্তু ইয়াৰ প্ৰতিবেদন এতিয়ালৈকে অহা নাই।
সূত্ৰ অনুসৰি জানিব পৰা মতে কলকাতা আৰক্ষীয়ে দাখিল কৰা নমুনাৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি সঞ্জয় ৰায়ৰ ডি এন এ মৃতকৰ ব্যক্তিগত অংশৰ পৰা পোৱা স্বাবৰ সৈতে মিল আছে। ইমানেই নহয়, সঞ্জয় ৰয়ৰ দেহত থকা আঘাতৰ নমুনা মৃতকৰ হাতৰ আঙুলিত পোৱা নমুনাৰ সৈতে মিল আছে।অপৰাধস্থলীত উদ্ধাৰ হোৱা চুলিখিনি সঞ্জয়ৰ ডি এন এৰ সৈতে মিল আছে। চি এফ এছ এলৰ প্ৰতিবেদনত আন কোনো ব্যক্তিৰ অস্তিত্বৰ কথা উল্লেখ কৰা হোৱা নাই।
চিএফএছএলৰ এই প্ৰতিবেদন পৰ্যালোচনাৰ বাবে এইমছৰ বিশেষজ্ঞলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি চিবিআইয়ে প্ৰেৰণ কৰা নমুনাৰ প্ৰতিবেদন যেতিয়ালৈকে নাহে তেতিয়ালৈতে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়। যাৰ বাবে এতিয়াও এই ধৰ্ষণ আৰু হত্যাকাণ্ড এতিয়াও ৰহস্য আছে। ইয়াৰোপৰি এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পৰৱৰ্তী শুনানি উচ্চতম ন্যায়ালয়ত ৬ ছেপ্টেম্বৰত হ’ব।