Republic Day 2026: তৃণমূল পৰ্যায়ৰ নায়কলৈ যথোচিত সন্মানঃ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ থাকিব ১০ হাজাৰ বিশেষ অতিথি
গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীৰ পেৰেড কেৱল সামৰিক শক্তিৰ প্ৰদৰ্শনী নহয়, এয়া ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু গণতান্ত্ৰিক মূল্যবোধৰো এক অনন্য প্রতিফলন। এইবাৰৰ উদযাপনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল— কৰ্তব্য পথৰ কুচকাৱাজ প্ৰত্যক্ষ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০,০০০ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে।
দেশৰ ৰাজধানী দিল্লীত চলিছে ৭৭তম গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি। দেশপ্ৰেমৰ এই মহান উৎসৱক লৈ নাগৰিকৰ মাজত অভূতপূৰ্ব উছাহ দেখিবলৈ পোৱা গৈছে। গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীৰ পেৰেড কেৱল সামৰিক শক্তিৰ প্ৰদৰ্শনী নহয়, এয়া ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু গণতান্ত্ৰিক মূল্যবোধৰো এক অনন্য প্রতিফলন। এইবাৰৰ উদযাপনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল— কৰ্তব্য পথৰ কুচকাৱাজ প্ৰত্যক্ষ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০,০০০ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে।
তৃণমূল পৰ্যায়ৰ নায়কসকলক সন্মান
চৰকাৰে এইবাৰ নিজৰ নীৰৱ সাধনাৰে দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা নাগৰিকসকলক বিশেষ গুৰুত্ব দিছে। এই বিশেষ অতিথিসকলৰ তালিকাত কৃষক, শ্ৰমিক, বিজ্ঞানীৰ পৰা আৰম্ভ কৰি খেলুৱৈলৈকে সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈছে।
অতিথিৰ তালিকাত কোন কোন আছে
দেশক গৌৰৱান্বিত কৰা বহুতো অসাধাৰণ ব্যক্তিক এইবাৰ দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছে। গগনযান আৰু চন্দ্ৰযানৰ দৰে গুৰুত্বপূৰ্ণ অভিযানৰ সৈতে জড়িত ইছৰোৰ (ISRO) বিজ্ঞানীসকলৰ লগতে বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ বিজয়ী খেলুৱৈসকলক আমন্ত্ৰণ জনোৱা হৈছে এই অনুষ্ঠানলৈ।
একেদৰে উপাৰ্জন আৰু কৰ্মসংস্থাপন সৃষ্টিত সফল হোৱা ন-ন উদ্ভাৱক, গৱেষক, ষ্টাৰ্টআপ উদ্যোগী আৰু আত্মসহায়ক গোটৰ নেৰানেপেৰা চেষ্টাৰে আগবঢ়া মহিলাসকল, প্ৰাকৃতিক কৃষিৰে বিপ্লৱ অনা কৃষক, পথৰ কাষৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু পিএম মুদ্ৰা যোজনাৰ ঋণ লৈ সফল ব্যৱসায় গঢ়ি তোলা মহিলাসকল, স্বাস্থ্য আৰু শিক্ষা খণ্ডত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা লোকসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিয়ে ইয়াত স্থান পাইছে।
বিশেষ আতিথ্য আৰু ব্যৱস্থা
কেৱল কুচকাৱাজ দেখুৱাই নহয়, এই অতিথিসকলক চৰকাৰে বিশেষ মৰ্যাদা প্ৰদান কৰিছে। কৰ্তব্য পথত তেওঁলোকৰ বাবে বিশেষভাৱে আসন সংৰক্ষণ কৰা হৈছে। পেৰেডৰ উপৰিও তেওঁলোকক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু দিল্লীৰ অন্যান্য ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰোৱা হ’ব। তেওঁলোকে সংশ্লিষ্ট বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ সুযোগ লাভ কৰিব।
চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল ৰাষ্ট্ৰ নিৰ্মাণত সাধাৰণ জনতাৰ অৱদানক স্বীকৃতি দিয়া আৰু ৰাষ্ট্ৰীয় কাৰ্যসূচীত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে এইবাৰৰ গণতন্ত্ৰ দিৱসে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে।