ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! চিকিৎসকৰ কোঠাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক…
আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা প্ৰায় ৩৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, ২টা এ কে-৪৭ ৰাইফল, ৮৪টা কাৰ্টিজ, আৰু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা বিশেষ দলে স্থানীয় আৰক্ষীৰ সহযোগত চৌহদত অভিযান চলায়।
হাৰিয়ানাৰ ফৰিদাবাদৰ চিকিৎসকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে জম্মু আৰক্ষীয়ে। বিষয়াসকলৰ মতে, চিকিৎসকজনে এটা কোঠা ভাড়াত লৈছিল। আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা প্ৰায় ৩৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, ২টা এ কে-৪৭ ৰাইফল, ৮৪টা কাৰ্টিজ, আৰু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা বিশেষ দলে স্থানীয় আৰক্ষীৰ সহযোগত চৌহদত অভিযান চলায়।
সূত্ৰ অনুসৰি এই অভিযান আনছাৰ গাজৱাত-উল-হিন্দ (AGH) নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ তদন্তৰ অংশ। তদন্তত এই সংস্থাটোৰ সৈতে জড়িত তিনিজন চিকিৎসকৰ কথা জানিব পৰা গৈছে। ইয়াৰে দুগৰাকী চিকিৎসক আদিল আহমেদ ৰাথেৰ (অনন্তনাগৰ বাসিন্দা) আৰু মুজাম্মিল শ্বাকিল (পুলৱামাৰ বাসিন্দা)ক ছাহাৰানপুৰ আৰু ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তৃতীয়জন চিকিৎসক এতিয়াও পলাতক হৈ আছে।
উল্লেখযোগ্য যে আদিল ৰাথাৰ সেইজন চিকিৎসক যাৰ নাম শেহতীয়াকৈ আন এটা চাঞ্চল্যকৰ গোচৰৰ সৈতে জড়িত আছিল। জম্মু-কাশ্মীৰৰ অনন্তনাগ মেডিকেল কলেজ (GMC)ত তেওঁৰ ব্যক্তিগত লকাৰৰ পৰা উদ্ধাৰ কৰা হৈছে AK-47 ৰাইফল। অনন্তনাগৰ যুটীয়া জেৰা কেন্দ্ৰ ((JIC)ৰ সহযোগত আৰক্ষীয়ে এই অভিযান চলায়। সেই সময়ত আদিল ৰাথাৰে কলেজখনত জ্যেষ্ঠ আৱাসী চিকিৎসক হিচাপে কাম কৰি আছিল। ২০২৪ চনৰ ২৪ অক্টোবৰত তেওঁ পদত্যাগ কৰে।
তদন্তকাৰী সংস্থাসমূহৰ মতে আদিল আৰু তেওঁৰ সতীৰ্থ চিকিৎসকসকলে সন্ত্ৰাসবাদী সংগঠন আনছাৰ গাজৱাত-উল-হিন্দৰ নেটৱৰ্ক পুনৰ সক্ৰিয় কৰাৰ চেষ্টা চলাইছিল। ২০১৭ চনত হিজবুল মুজাহিদীনৰ প্ৰাক্তন অধিনায়ক জাকিৰ মুছাই গঠন কৰা এই সংগঠনটোৰ লক্ষ্য কাশ্মীৰত শ্বৰীয়ত আইনৰ অধীনত ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি ভাৰতৰ বিৰুদ্ধে জেহাদ চলোৱা।
ক’ৰ পৰা আহিল ৰাসায়নিক পদাৰ্থ?
সম্প্ৰতি আৰক্ষীয়ে ইমান বৃহৎ পৰিমাণৰ এমোনিয়াম নাইট্ৰেট আৰু অস্ত্ৰ-শস্ত্ৰ কেনেকৈ ফৰিদাবাদলা আহিল আৰু সন্ত্ৰাসবাদীৰ সৈতে এই চিকিৎসকসকলৰ সঠিক ভূমিকা জনাৰ চেষ্টা চলাইছে। বিষয়াসকলে কয় যে , প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে কেইবাখনো ৰাজ্যক সামৰি লোৱা এটা নেটৱৰ্কৰ কথা। সংস্থাসমূহে কাশ্মীৰ উপত্যকা, উত্তৰ প্ৰদেশ, আৰু হাৰিয়ানাৰ সৈতে ইয়াৰ সংযোগ বিচাৰিছে।
লগতে পঢ়ক: নিশা শুই থাকোঁতে ভয়ংকৰ ঘটনা! ঘৰৰ ভিতৰতে মৃত্যু ৩ সন্তানসহ পিতৃ-মাতৃৰ…