শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিশা শুই থাকোঁতে ভয়ংকৰ ঘটনা! ঘৰৰ ভিতৰতে মৃত্যু ৩ সন্তানসহ পিতৃ-মাতৃৰ…

কান্দোন শুনি গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। সকলোৱে ধ্বংসাৱশেষ আঁতৰাই ভিতৰত আৱদ্ধ হৈ থকা পৰিয়ালৰ সদস্যসকলক মুক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈছিল।

নিশা শুই থাকোঁতে ভয়ংকৰ ঘটনা! ঘৰৰ ভিতৰতে মৃত্যু ৩ সন্তানসহ পিতৃ-মাতৃৰ…
ঘৰৰ ভিতৰতে মৃত্যু ৩ সন্তানসহ পিতৃ-মাতৃৰ...
trishna-kalita
Trishna Kalita | Updated On: 10 Nov 2025 08:56 AM

এক মৰ্মান্তিক ঘটনা। মূৰৰ ওপৰতে ভাঙি পৰিল পুৰণি ঘৰৰ চাদ। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়। নিহত লোককেইজন হৈছে বাবলু খান (৩২), পত্নী ৰোশন খাটুন (৩০), পুত্ৰ মহম্মদ চান্দ (১০), কন্যা ৰুখশ্বাৰ (১২), আৰু দুবছৰীয়া কন্যা চান্দনী। বিহাৰৰ পাটনা জিলাৰ দানাপুৰত সংঘটিত এই শোকাৱহ ঘটনাটো।

অকিলপুৰ থানা এলেকাৰ অন্তৰ্গত ৪২ নং পট্টি গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। ইন্দিৰা আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা এটা পুৰণি ঘৰৰ চাদ হঠাতে ভাঙি যায়। দেওবাৰে নিশা প্ৰায় ৯:৪৫ বজাত সংঘটিত হয় এই ঘটনা।আন দিনাৰ দৰেই পৰিয়ালটোৱে ৰাতিৰ আহাৰ খাই জিৰণি লোৱাৰ সময়তে হঠাতে এটা ভয়ংকৰ শব্দ হয়।  লগে লগে গোটেই ঘৰটো ভাঙি পৰিল। ওচৰৰ মানুহে কি হৈছে গম পোৱাৰলৈকে ঘৰটো ধ্বংসাৱশেষত পৰিণত হৈছিল।

কান্দোন শুনি গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। সকলোৱে ধ্বংসাৱশেষ আঁতৰাই ভিতৰত আৱদ্ধ হৈ থকা পৰিয়ালৰ সদস্যসকলক মুক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈছিল।

তথ্য লাভ কৰাৰ লগে লগে অকিলপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। গাঁওবাসীৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হয়। আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ষ্টেচন ইনচাৰ্জ বিনোদে কয় যে, ঘটনা সন্দৰ্ভত প্ৰশাসনিক বিষয়াসকলক অৱগত কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে।

প্ৰায় এদশক পূৰ্বে ইন্দিৰা আৱাস যোজনাৰ অধীনত এই ঘৰটো নিৰ্মাণ কৰা বুলি গাঁওবাসীয়ে প্ৰকাশ কৰিছে। সময়ৰ লগে লগে ঘৰটোৰ অৱস্থাৰ অৱনতি ঘটিছিল। শেহতীয়াকৈ বৰষুণ আৰু আৰ্দ্ৰতাৰ বাবে বেৰবোৰ দুৰ্বল হৈ পৰিছিল আৰু ইতিমধ্যে ছাদত ফাট মেলিছিল। পৰিয়ালটোৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে তেওঁলোকে মেৰামতিৰ খৰচ বহন কৰিব পৰা নাছিল। গাঁওবাসীয়ে জনোৱা মতে, অঞ্চলটোৰ বহু ঘৰ এতিয়া সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰাৰ বাবে বাসিন্দাসকলৰ বাবে বিপদৰ সৃষ্টি কৰিছে। ইন্দিৰা আৱাসৰ সকলো পুৰণি ঘৰ পৰিদৰ্শন কৰিবলৈ প্ৰশাসনক দাবী জনায় গাঁওবাসীয়ে।