শোকাৱহ দুৰ্ঘটনাই জোকাৰিলে ৰাজ্যঃ প্ৰাণ গ’ল ১৫ তীৰ্থযাত্ৰীৰ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল। স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰে আৰক্ষীয়ে। এগৰাকী আৰক্ষী বিষয়াই এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে।
এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজস্থান। ৰাজ্যখনৰ ফালোডী জিলাৰ মাটোডা অঞ্চলত আজি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত। এই দুৰ্ঘটনাত পোন্ধৰজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰে ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে স্থানীয় আৰক্ষী–প্ৰশাসন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
প্ৰকাশিত খবৰ অনুসৰি ট্ৰেভেলাৰখনে যোধপুৰৰ সুৰসাগৰ অঞ্চলৰ পৰা বিকানেৰৰ কোলায়াতলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল। উভতনি যাত্ৰাৰ সময়তে তীৰ্থযাত্ৰীৰে ভৰি থকা ট্ৰেভেলাৰখনে মাটোডা অঞ্চলত পথৰ কাষত থকা এখন ট্ৰেইলাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল।
দুৰ্ঘটনাত নিহত ১৫ জন লোক
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মাটোডা থানাৰ আৰক্ষীৰ এটা দল। স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰাথমিক চিকিৎসাৰ অন্তত আহত আটাইকেইজনক যোধপুৰলৈ প্ৰেৰণ কৰা হয়। এগৰাকী আৰক্ষী বিষয়াই এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে।
নিহত আটাইকেইজন লোক যোধপুৰ জিলাৰ সুৰসাগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ মতে, যাত্ৰীবাহী ট্ৰেভেলাৰখন তীব্ৰ গতিৰে আগবাঢ়িছিল আৰু হঠাতে ভাৰসাম্য হেৰুৱাই ট্ৰেইলাৰখনত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পিছত ট্ৰেভেলাৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক যথেষ্ট কষ্টৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই ভয়াৱহ দুৰ্ঘটনাত নিহত একাংশ লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। আনহাতে আন লোকসকলক চিনাক্তকৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। সম্প্ৰতি এই দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
এনে ভয়ংকৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই। সামাজিক মাধ্যম যোগে তেওঁ এই ঘটনাক অত্যন্ত মৰ্মান্তিক আৰু হৃদয়বিদাৰক আখ্যা দি দুৰ্ঘটনাত নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জনায়। আহত লোকসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।