শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ পৰা বিশ্বকাপৰ মেচলৈ, দিনটোৰ খবৰ...

ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ পৰা বিশ্বকাপৰ মেচলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 22:01 PM

Top 9: অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বায়ু সেনাৰ বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰায় ৩ হাজাৰ লোকৰ সমাগত হ'ব বুলি আশা কৰা হৈছে।

আজিৰ দিনটোত বিভিন্ন প্ৰান্তত বহু ধৰণৰ ঘটনা সংঘটিত হয়। ৰাজ্যত চলি আছে ৰাস মহোৎসৱৰ প্ৰস্তুতি। বিভিন্ন প্ৰান্তৰ লগতে পলাশবাৰীতো ৰাসৰ প্ৰস্তুতি চলি আছে। এই ৰাসতেই জুবিনৰ ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি উলিওৱা হৈছে।

ইফালে আজি অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মহিলা বিশ্বকাপৰ ফাইনেল। বৰষুণৰ বাবে কিছু পলমকৈ খেল অনুষ্ঠিত। প্ৰথমে বেটিং কৰে ভাৰতে।

গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ’ব বায়ু সেনাৰ বিশেষ অনুষ্ঠান। ৯৩ সংখ্যক বায়ু সেনা দিৱস অনুষ্ঠিত হ’ব। য’ত ভাৰতীয় বায়ু সেনাই বহু কেইখন বিমানেৰে বিশেষ শ্ব’ প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানত প্ৰায় ৩০০০ লোকৰ আগমন হ’ব বুলি আশা কৰা হৈছে।

পশ্চিম বৰাগাঁৱতত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কেইবাখনো ট্ৰাক জ্বলি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে দেশ এৰি পলায়ন কৰাৰ পাছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিশেষ মত প্ৰকাশ কৰিছে। তেওঁ বাংলাদেশৰ আন্দোলনৰ বাবে বিদেশী শক্তিক জগৰীয়া কৰে।