2 NOV 2025
TV9 ASSAM
Photos Credit: Unsplash
এনে বহু খাদ্য আছে যিবোৰ মধুমেহ বা ডায়েবেটিছ ৰোগৰ বাবে উপকাৰী। তেনে এক উপাদান হ’ল পিঁয়াজ।
সাধাৰণতে পিঁয়াজ জুতিৰ বাবে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ গুণে শৰীৰক অসংখ্য উপকাৰ দিব পাৰে।
ডায়েবেটিছ ৰোগীয়ে যদি নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে তেওঁলোকে খাদ্য তালিকাত পিঁয়াজ অন্তৰ্ভুক্ত কৰিব পাৰে।
পিঁয়াজত থকা আঁহ আৰু প্ৰ’টিনে পেটটো বেছি দিনলৈ ভৰি থকা অনুভৱ কৰি ৰখাত সহায় কৰে, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে।
ডায়েবেটিছ ৰোগীয়ে খাদ্যত পিয়াঁজ অন্তৰ্ভুক্ত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে। পিঁয়াজত পোৱা ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আদিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
ডায়েবেটিছ ৰোগীৰ চকুৰ লগত জড়িত সমস্যা প্ৰায়ে দেখা যায়। তেওঁলোকৰ চকু সুস্থ কৰি ৰাখিবলৈ পিঁয়াজ খাব লাগে।
ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হয়। ভাল হজম শক্তি বজাই ৰখাত পিয়াঁজ সহায়ক।
চাবলৈ ক্লিক কৰক