ভিটামিন ডিৰ অভাৱ হোৱাৰ লক্ষণসমূহ...

2 Nov 2025

TV9 ASSAM

ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অত্যন্ত জৰুৰী। ই শৰীৰত কেলছিয়াম আৰু ফচফৰাছ শোষণ কৰাত সহায় কৰে। ই হাড়, দাঁত, মাংসপেশী আদি মজবুত কৰাত সহায় কৰে।

ভিটামিন ডি

ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ সমস্যা হয়। ইয়াৰ ফলত হাড় দুৰ্বল, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মুড পৰিৱৰ্তন, হৃদযন্ত্ৰৰ সমস্যা আদি হ'ব পাৰে।

অভাৱ

যেতিয়া শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ বহুতে আওকান কৰে যদিও ইয়াক আওকান কৰা ভাল নহয়।

লক্ষণ

ডাঃ সুভাষ গিৰীৰ মতে, শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লে শৰীৰত শক্তি কমি যায়। যাৰ বাবে কোনো কাম নকৰাকৈ ব্যক্তিয়ে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰি থাকে। টোপনিৰ পাছতো ভাগৰুৱা হয়।

ভাগৰুৱা

ভিটামিন ডিৰ অভাৱ হ'লে হাড় দুৰ্বল হৈ পৰে। যাৰ ফলত বিষ হ'ব পাৰে। বিশেষকৈ পিঠি, কঁকাল, ভৰি আদিত বিষ অনুভৱ হয়।

হাড়ৰ বিষ

ভিটামিন ডিৰ অভাৱৰ ফলত মাংসপেশী দুৰ্বল হয়। যাৰ ফলত চিৰি বগোৱাক অসুবিধা, ওজন থকা বস্তু উঠোৱাত সমস্যা, মাংসপেশী টানি ধৰা আদি সমস্যাই দেখা দিয়ে।

মাংসপেশী দুৰ্বল

ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়। যাৰ ফলত বাৰে বাৰে চৰ্দি, কাহ বা অন্যান্য সংক্ৰমণ হ'ব পাৰে। দীৰ্ঘদিন এই লক্ষণবোৰ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

ৰোগ

পঢ়িবলৈ ক্লিক কৰক 

লং খোৱাৰ উপকাৰ