নৃশংস! প্ৰথমে নিজৰ ২৭ দিনীয়া পুত্ৰক হত্যা, তাৰ পিছত স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড…
প্ৰায় ১:৩০ বজাৰ পৰা ৪ বজালৈকে চলি থাকে এই কাণ্ড। ঘটনা সন্দৰ্ভত চুবুৰীয়াই জনোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত মহিলাগৰাকীয়ে ভুল কৰা বুলি উল্লেখ কৰে।
এক ভয়ংকৰ ঘটনা। নিজ মাতৃয়ে হত্যা কৰিলে ২৭ দিনীয়া পুত্ৰক। শুই থকা অৱস্থাত ডিঙি চেপি কৰে নৱজাত শিশুটিক। কেৱল ইমানে নহয় কণমানিটিক উদ্ধাৰ কৰিবলৈ অহাৰ সময়ত স্বামীক দাৰে আক্ৰমণ কৰি গোপন অংগ কাটি পেলায়। আহত স্বামীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া বিপদ মুক্ত। মধ্যপ্ৰদেশৰ ভিন্দৰ মলনপুৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা
প্ৰায় ১:৩০ বজাৰ পৰা ৪ বজালৈকে চলি থাকে এই কাণ্ড। ঘটনা সন্দৰ্ভত চুবুৰীয়াই জনোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত মহিলাগৰাকীয়ে ভুল কৰা বুলি উল্লেখ কৰে।
মলনপুৰৰ ১৪নং ৱাৰ্ডত সুৰেন্দ্ৰ গুৰ্জাৰত ভাড়াতীয়া হিচাপে থকা স্বামী জগন্নাথ বাঘেলে কয় যে, এবছৰৰ পূৰ্বে শিৱপুৰী জিলাৰ খনিয়াধনা নিবাসী উষা বাঘেলক লগ পাইছিল। প্ৰেমৰ বাবে দুয়ো পলায়ন কৰি বিয়া পাতিলে। জগন্নাথে গৰ্ভৱতী পত্নীক লৈ এমাহ পূৰ্বে নিজৰ গাঁও ললিতপুৰৰ লাধৱৰী মহুৱা খেৰালৈ গৈছিল, য’ত ৩ অক্টোবৰত তেওঁলোকৰ পুত্ৰ দেৱৰ জন্ম হৈছিল । মাত্ৰ তিনিদিন পূৰ্বে পত্নী আৰু নৱজাত পুত্ৰৰ সৈতে মলনপুৰলৈ উভতি আহিছিল।
জগন্নাথৰ মতে, তেওঁৰ পত্নীয়ে তেওঁক আন এগৰাকী মহিলাৰ সৈতে কথা পতা বুলি সন্দেহ কৰিছিল। যাৰ ফলত দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। শুকুৰবাৰে নিশা আহাৰ খোৱাৰ পিছত তেওঁৰ টোপনি আহিল। পুৱা ১:১৫ বজাত তেওঁৰ পত্নীয়ে তেওঁৰ পুত্ৰক ডিঙি চেপি হত্যা কৰে। স্বামীয়ে বচাবলৈ দৌৰি থাকোঁতে তেওঁ দাৰে আক্ৰমণ কৰে। দাৰে তেওঁৰ যৌনাংগত আঘাত কৰিলে। স্বামীৰ চিঞৰ-বাখৰ শুনি চুবুৰীয়াৰ লোক আৰক্ষীক খবৰ দিয়ে। আহত পিতৃয়ে কোনোমতে পুত্ৰক চিকিৎসালয়লৈ নিবলৈ সক্ষম হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে আৰু পিতৃক ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে আটক কৰে অভিযুক্ত পত্নীক
তথ্য লাভ কৰাৰ লগে লগে মলনপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত উষা বাঘেলক গ্ৰেপ্তাৰ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পিতৃৰ হাতত গতাই দিয়ে। মলনপুৰ আৰক্ষী থানাৰ বিষয়া প্ৰদীপ ছোনীয়ে জনোৱা মতে, স্বামীৰ আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহৰ বাবেই এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই ভয়ংকৰ ঘটনা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।
(ৰিপৰ্ট: গণেশ ভৰদ্বাজ)