শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীত বায়ুসেনাৰ শ্ব’ৰ পৰা মহিলা বিশ্বকাপৰ ফাইনেল মেচলৈ, দিনটোৰ শীৰ্ষ খবৰ…

Top9: আজি মহিলা বিশ্বকাপৰ ফাইনেল মেচ। খেল ৩ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে পলম হয়। উল্লেখ্য যে, বহু বছৰ পাছত বিশ্বই লাভ কৰিব নতুন চেম্পিয়ন।

গুৱাহাটীত বায়ুসেনাৰ শ্ব’ৰ পৰা মহিলা বিশ্বকাপৰ ফাইনেল মেচলৈ, দিনটোৰ শীৰ্ষ খবৰ…
টপ৯Image Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 16:30 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) ৯৩ সংখ্যক বায়ু সেনা দিৱস অনুষ্ঠিত হ’ব গুৱাহাটী লাচিত ঘাটত। কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব এই অনুষ্ঠান। ৭৫খনৰো অধিক বায়ুসেনা বিমানে ভাগ ল’ব শ্ব’ত। বাগদোগৰা, হাচিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱাৰ পৰা বিমানসমূহ শ্ব’ৰ বাবে ৰাওনা হ’ব। এই অনুষ্ঠানলৈ ৩ হাজাৰৰো অধিক অতিথিৰ আগমনৰ সম্ভাৱান। মুখ্য সচিব ৰবি কোটা আৰু ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিঙে সংবাদমেল সম্বোধন কৰি এই কথা জনায়।

২)৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পলাশবাৰী ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱ উদ্বোধন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই। এই ৰাসতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা হৈছে। শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ প্ৰায় ৫০০ শিল্পীয়ে গাব মায়াবিনী ৰাতিৰ বুকুত গীতটি। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

৩) পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত।বৰাগাঁৱৰ শৰ্মা পাৰ্কিঙত সংঘটিত হৈ এই ঘটনা। ঘটনাৰ সময়ত পাৰ্কিঙত আছিল বহু বাণিজ্যিক বাহন। জানিব পৰা মতে,বিতুমিনৰ কেমিকেলৰ পৰা অগ্নিৰ সূত্ৰপাত হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

৪)কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সময়চোৱাত অসমত নতুন ৰে’লপথ সংযোগ, ৰে’লগাড়ীৰ ষ্টেপজৰ সংখ্যা বৃদ্ধি আদিৰ লগতে গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হয়। শৰ্মাই কয় যে, বৈঠকত আমি যাতায়াত ব্যৱস্থাক অধিক সুশৃংখলিত কৰাৰ প্ৰচেষ্টাৰে অসমৰ ৰে’লৱে ব্যৱস্থাৰ সম্প্ৰসাৰণ তথা আন ভিন্ন বিষয়ত আলোচনা কৰো৷

৫) আজি মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেল মেচ। মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এই খেল অনুষ্ঠিত হ’ব। খেল ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মুম্বাইত বৰ্তমান বৰষুণ। যাৰ বাবে কিছু পলম হয়। উল্লেখ্য যে, কেইবাবছৰ অপেক্ষাৰ অন্তত এইবাৰ বিশ্বই লাভ কৰিব মহিলা বিশ্বকাপৰ নতুন চেম্পিয়ন।

৬) আজি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। অভিনেতাগৰাকীয়ে আজি ৬০ বছৰীয়া জন্মদিন পালন কৰিছে। এই সময়ত শ্বাহৰুখক লাখ লাখ অনুৰাগীয়ে শুভেচ্ছা প্ৰেৰণ কৰিছে। অভিনেতা-অভিনেত্ৰীৰ পৰা সাধাৰণ অনুৰাগীলৈ সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্নজনে তেওঁক শুভকামনা জনাই দীৰ্ঘায়ু কামনা কৰিছে।

৭)বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। ইয়াৰ মাজতে আজি ৰাহুল গান্ধীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক ভয় কৰে। নিৰ্বাচিত উদ্যোগপতিসকলে তেওঁক নিজৰ নিয়ন্ত্ৰণত ৰাখিছে। ১৯৭১ চনত আমেৰিকাই ইন্দিৰা গান্ধীক ভাবুকি দিছিল, কিন্তু তেওঁ ভয় কৰা নাছিল। কিন্তু ট্ৰাম্পৰ কথামতে মোদীয়ে অপাৰেশ্যন সেন্দূৰ বন্ধ কৰিলে।

৮)দেশৰ পৰা পলায়ন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। তেওঁ কয় যে, বাংলাদেশত তেওঁৰ বিৰুদ্ধে হোৱা ছাত্ৰ আন্দোলনৰ ষড়যন্ত্ৰ আমেৰিকাই ৰচনা কৰিছিল আৰু পাকিস্তানে সংঘটিত কৰিছিল সন্ত্ৰাসবাদী আক্ৰমণ। দ্য প্ৰিন্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাছিনাই কয়, জুলাই-আগষ্ট মাহত সংঘটিত হোৱা ঘটনা বিদেশী ষড়যন্ত্ৰৰ অংশ, যাৰ উদ্দেশ্য আছিল তেওঁক ক্ষমতাৰ পৰা আঁতৰাই ৰখা।

৯) শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰে। তেওঁ নাইজেৰিয়াত আক্ৰমণ কৰাৰ ভাবুকি দিয়ে। লগতে কয়, খ্ৰীষ্টান লোকক হত্যা কৰিলে সকলো সাহাৰ্য বন্ধ কৰি দিয়া হ’ব। লগতে তেওঁ যুদ্ধ বিভাগক বিকল্প প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ট্ৰাম্পে কয় যে, আমি আক্ৰমণ কৰিলে অতি ভয়ংকৰ হ’ব। গতিকে নাইজেৰিয়া চৰকাৰে ব্যৱস্থা ল’ব লাগে।

 

অন্য খবৰ পঢ়কঃ খাবলৈ খাদ্য নাই, মোক সঁচাকৈ টকা লাগে…সেইদিনা কি হৈছিল শ্বাহৰুখ খানৰ সৈতে…