শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দৌৰ আহিছিল বন্ধুৰ ওচৰলৈ! সেইদিনা কি হৈছিল শ্বাহৰুখৰ সৈতে?

দৌৰ আহিছিল বন্ধুৰ ওচৰলৈ! সেইদিনা কি হৈছিল শ্বাহৰুখৰ সৈতে?

barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 22:01 PM

বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ আজি জন্মদিন। আজিৰ সময়ত শ্বাহৰুখৰ ওচৰত কোটি কোটি টকাৰ সম্পত্তি আছে। কিন্তু এই যাত্ৰা ইমান সহজ নাছিল। এটা সময়ত তেওঁ যথেষ্ঠ কষ্টৰ সন্মুখীন হৈছিল।

আজি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। ৬০ বছৰীয়া জন্মদিন পালন কৰিছে অভিনেতাজনে। শ্বাহৰুখ খান আজি কোটি কোটি টকাৰ মালিক। দেশৰ লগতে বিদেশতো তেওঁৰ সম্পত্তি আছে। কিন্তু শ্বাহৰুখ খানৰ এই সম্পত্তি আগৰ পৰা নাছিল। এই পৰ্যায় পাবলৈ বহু বছৰ সময় লাগিছিল।

শ্বাহৰুখৰ পিতৃৰ সোনকালে মৃত্যু হৈছিল। তাৰ পাছত শ্বাহৰুখে টেলিভিশ্যনত সৰু-সুৰা কিবা কাম কৰিছিল। ঘৰ চলাবলৈ অসুবিধা হৈছিল। এফালে ভগ্নীৰ অসুখ আনফালে মাতৃৰ। পৰিস্থিতি এনে হৈ পৰিছিল যে দুদিন ধৰি একো খাবলৈ পোৱা নাছিল।

এই সন্দৰ্ভত সবিশেষ জনাইছে তেওঁৰ এজন বন্ধুয়ে। তেওঁ কয় যে, শ্বাহৰুখ খান এদিন তেওঁৰ ওচৰত ভাগি পৰিছিল আৰু চিনেমাত কাম বিচাৰিছিল। কিয়নো তেওঁৰ হাতত টকা নাছিল। টকাৰ প্ৰয়োজন আছিল। তেওঁ দুদিন ধৰি একো খাবলৈ পোৱা নাছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’-