শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অফিচৰ পৰা আহি গা ধুৱে নেকি? বিপদৰ পূৰ্বেই জানি লওক আয়ুৰ্বেদৰ এই সকীয়নি

অধিকাংশ লোকৰে নিশা শুবলৈ যোৱাৰ সময়ত বা অফিচৰ পৰা ঘৰলৈ উভতাৰ পিছত গা ধোৱাৰ অভ্যাস আছে। যদি আপোনাৰো দৈনন্দিন জীৱনত এই অভ্যাস আছে, তেতিয়াহ’লে আজিয়েই হওক সাৱধান। অন্যথা আপোনাৰ জীৱনলৈ এই অভ্যাসে এক ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰে।

অফিচৰ পৰা আহি গা ধুৱে নেকি? বিপদৰ পূৰ্বেই জানি লওক আয়ুৰ্বেদৰ এই সকীয়নি
নিশা গা ধোৱা উচিত নে?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 02 Nov 2025 22:04 PM

এক সুস্থ স্বাস্থ্যৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা অত্যন্ত প্ৰয়োজনীয়। দেহ পৰিষ্কাৰ কৰি ৰাখিবলৈ নিয়মিতভাৱে গা ধোৱাটো অতি গুৰুত্বপূৰ্ণ। এই অভ্যাসে কেৱল বহু ৰোগ প্ৰতিৰোধ কৰাই নহয়, আপোনাক সতেজ অনুভৱ কৰায়। অধিকাংশ লোকৰে নিশা শুবলৈ যোৱাৰ সময়ত বা অফিচৰ পৰা ঘৰলৈ উভতাৰ পিছত গা ধোৱাৰ অভ্যাস আছে। যদি আপোনাৰো দৈনন্দিন জীৱনত এই অভ্যাস আছে, তেতিয়াহ’লে আজিয়েই হওক সাৱধান। অন্যথা আপোনাৰ জীৱনলৈ এই অভ্যাসে এক ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰে।

আয়ুৰ্বেদৰ মতে গা ধোৱাৰ উপযুক্ত সময় হ’ল ৰাতিপুৱা। পুৱা গা ধুলে ৰোগৰ পৰা ৰক্ষাত সহায় কৰাৰ লগতে গোটেই দিনটোলৈ এক সতেজতা অনুভৱ কৰা যায়। অৱশ্যে পুৱা গা ধোৱাৰ উপকাৰিতা সন্দৰ্ভত বৈজ্ঞানিক বাখ্যাও আগবঢ়োৱা হৈছে। নেশ্যনেল চেণ্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যন (এন চি বি আই)ত প্ৰকাশিত গৱেষণা মতে, গা ধোৱাৰ ফলত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি হয়।

নিয়মিতভাৱে গা ধোৱাসকলৰ মানসিক চাপ, বিষ, দুখ-কষ্ট আৰু হতাশাৰ লক্ষণ কম। আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে পুৱা গা ধুলে একাধিক উপকাৰ পোৱা যায়। দৈনন্দিন নিয়ম অনুসৰি কিছু সময় ব্যায়াম কৰাৰ পিছত পুৱা গা ধুব লাগে। ব্যায়াম কৰাৰ পিছত শৰীৰটো ভাগৰুৱা হৈ পৰে, গতিকে গা ধুলে তাৰ পিছত সকাহ পোৱা যায়। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে বা সূৰ্যাস্তৰ আগতে গা ধুই লোৱাটোৱেই উত্তম বুলি বিবেচিত হয়।

প্ৰতিদিনে গা ধুলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়, শ্বাস-প্ৰশ্বাসতন্ত্ৰ শক্তিশালী হয়, হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে, ছালৰ স্বাস্থ্য উন্নত কৰে, অষ্টিঅ’আৰ্থাইটিছৰ সম্ভাৱনা হ্ৰাস কৰে আৰু শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। অৱশ্যে খোৱাৰ পিছত কেতিয়াও গা ধুব নালাগে। ইয়াৰ ফলত পাচনত ব্যাঘাত জন্মে। ফলত পাছলৈ বদহজমৰ সমস্যাৰ সৃষ্টি হয়।

দিনটোৰ শাৰীৰিক পৰিশ্ৰমৰ পিছত গা ধুলে সকাহ পোৱা যায়। কিন্তু এই সকাহ সাময়িক। আয়ুৰ্বেদ মতে, দিনৰ শেষত গা ধুলে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। ইয়াৰ ফলত পেশীবোৰ আবৰি থকা কোষবোৰৰ প্ৰদাহ আৰম্ভ হয়, এই সমস্যাক মাই’চাইটিছ বোলা হয়। ইয়াৰ ফলত ডিঙি জঠৰ আৰু বিষ, কঁকালৰ তলৰ অংশ আৰু আঁঠুৰ বিষ আদিৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে অফিচৰ পৰা উভতি অহাৰ পিছত গা ধোৱাৰ অভ্যাস এতিয়াই ত্যাগ কৰক।