দ্ৰুত গতিত ওজন হ্ৰাস কৰিবলৈ এইসমূহ খাদ্য খাওক

November 2, 2025

TV9 ASSAM

মেদবহুলতা বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰে ডাঙৰ সমস্যা । বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে এই সমস্যা বৃদ্ধি কৰিছে ।

মেদবহুলতা

মেদবহুলতা সমস্যাৰ পৰা উপশম পাবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাস সলনি কৰিব লাগিব । কিছু পৰিৱৰ্তনে এই সমস্যা হ্ৰাস কৰিব পাৰে ।

খাদ্যাভ্যাস সলনি

আপোনাৰ খাদ্যৰ তালিকাত এইসমূহ শাক-পাচলি অন্তৰ্ভুক্ত কৰক। এই শাক-পাচলিবোৰে আপোনাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰিব ।

শাক-পাচলি

শাক-পাচলিত কেলৰি কম থাকে। ইয়াত আঁহৰ পৰিমাণ বেছি থকাৰ লগতে ভিটামিন এ, চি, আৰু কে থাকে । যিবোৰ হজমৰ বাবেও উপকাৰী।

ভিটামিন

ব্ৰকলি, ফুলকবি, ওলকবিত আঁহৰ মাত্ৰা অধিক। ইয়াত পানীৰ পৰিমাণো বেছি। এই পাচলি সামগ্ৰিকভাৱে ওজন হ্ৰাসৰ বাবে ফলপ্ৰসূ।

পাচলি

লাও, তিয়ঁহ আদিত পানীৰ পৰিমাণ বেছি আৰু কেলৰি অতি কম থাকে । এই পাচলিয়ে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব ।

লাও, তিয়ঁহ 

কেপছিকামত কেলৰিৰ পৰিমাণ অতি কম।  ইয়াত ভিটামিন চি আৰু কেপচাইচিন থাকে। ফলত বিপাকীয় হাৰ বৃদ্ধি পায় আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ।

কেপছিকাম

কাঠফুলাত কেলৰিৰ পৰিমাণ কম। ইয়াত প্ৰটিন আৰু আঁহ থাকে। ই শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে ।

কাঠফুলা

পঢ়িবলৈ ক্লিক কৰক

খাদ্যৰ সৈতে নৰসিংহ পাত খালে কি হয়?