শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাচিব জেপৰ ধন, মাহৰ প্ৰথমটো দিনতে কমিল গেছ চিলিণ্ডাৰৰ দাম

বাচিব জেপৰ ধন, মাহৰ প্ৰথমটো দিনতে কমিল গেছ চিলিণ্ডাৰৰ দাম

monjit-dutta
Monjit Dutta | Published: 01 Nov 2025 22:29 PM

যোৱা মাহত ৰন্ধন গেছৰ মূল্য ১৫ টকা বৃদ্ধি পাইছিল যদিও আজি নৱেম্বৰৰ প্ৰথম দিনটোত ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ মূল্য কিছু হ্ৰাস পাইছে। আজিৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।

মাহৰ প্ৰথমটো দিনতে জনসাধাৰণলৈ সকাহ। হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য। যোৱা মাহত ৰন্ধন গেছৰ মূল্য ১৫ টকা বৃদ্ধি পাইছিল যদিও আজি নৱেম্বৰৰ প্ৰথম দিনটোত ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ মূল্য কিছু হ্ৰাস পাইছে। আজিৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। সাধাৰণতে প্ৰতি মাহৰ প্ৰথমটো দিনত মূল্য পৰিৱৰ্তন হয় গেছ চিলিণ্ডাৰৰ। তেল বিপণন কোম্পানীসমূহে বিশ্ব বজাৰত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য মূল্যায়ন কৰি দেশত এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰে।

সেই অনুসৰি আজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত গ্ৰাহকক সামান্য সকাহ প্ৰদান কৰা হৈছে। ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি আজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫ টকাৰ পৰা ৬.৫ টকালৈ হ্ৰাস পাইছে। অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।