শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’, ভাগ ল’ব ৭৫খনৰো অধিক যুঁজাৰু বিমানে

গুৱাহাটীত বিশেষ এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে বায়ু সেনাই। এই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব ৭৫খনৰো অধিক বায়ুসেনা বিমানে।

৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’, ভাগ ল’ব ৭৫খনৰো অধিক যুঁজাৰু বিমানে
manas-borah
Manas Borah | Published: 02 Nov 2025 14:33 PM

গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ’ব ৯৩ সংখ্যক বায়ু সেনা দিৱস। এই উপলক্ষে বিশেষ এয়াৰ শ্ব’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে বায়ু সেনাই। এই এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰিব ৭৫খনৰো অধিক বায়ুসেনা বিমানে। এই কাৰ্যসূচীৰ সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে মুখ্য সচিব ৰবি কোটা আৰু ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিঙে। জনতা ভৱনৰ লোকসেৱা ভৱনত সম্বোধন কৰা সংবাদমেলতে লাচিত ঘাটত প্ৰদৰ্শন হ’বলগীয়া বায়ু সেনাৰ বিশেষ শ্ব’ৰ বিষয়ে অৱগত কৰে।

সংবাদমেলত জানিবলৈ দিয়া অনুসৰি, ৯ নবেম্বৰত গুৱাহাটী লাচিত ঘাটত অনুষ্ঠিত হ’ব এই বিশেষ এয়াৰ শ্ব’। ৯৩ সংখ্যক বায়ু সেনা দিৱস অনুষ্ঠিত হ’ব গুৱাহাটী লাচিত ঘাটত। উত্তৰ-পূৱত এইবাৰ বায়ু সেনা দিৱস আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে গুৱাহাটীক। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিঙে, ৯ নৱেম্বৰৰ কাৰ্যসূচীৰ পূৰ্বে ৪-৫দিন এয়াৰ শ্ব’ৰ বাবে অনুশীলন চলাব বায়ু সেনাই। এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে কেইবাখনো স্কুল-কলেজ বা আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক। অনুষ্ঠানটো আয়োজন কৰাত সহযোগিতা কৰিছে ৰাজ্যৰ প্ৰশাসনে।

বায়ু সেনাৰ এই বিশেষ এয়াৰ শ্ব’ত ভাগ ল’ব M17, APACHE, ALH, C-295, TEJAS দৰে ভাৰতীয় বায়ু সেনাৰ আগশাৰীৰ যুঁজাৰু বিমানে। ৭৫খনৰো অধিক বায়ুসেনা বিমানে এই শ্ব’ত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বাগদগৰা, হাচিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱাৰ পৰা বিমান সমূহ শ্ব’ৰ বাবে ৰাওনা হ’ব।

এই অনুষ্ঠানলৈ ৩ হাজাৰ অতিথিৰ সমাগম হ’ব বুলি আশা কৰা হৈছে। উজান বজাৰৰ নতুন পাৰ্কৰ পৰাও চাব পাৰিব ফ্লায়িং শ্ব’। যি সকলৰ সুবিধা হয় গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও চাব পাৰিব এই এয়াৰ শ্ব’।