ৰাজা ৰঘুবংশী কাণ্ডঃ কিলাৰৰ সৈতে বন্ধুত্ব, সোণমৰ ইংগিত…কি কি হৈছিল সেইদিনা…
ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন তথ্য় পোহৰলৈ আহিছে। ঘটনাৰ দিনা কি হৈছিল, কেনেকৈ চুপাৰি কিলাৰৰ সৈতে ৰাজাৰ বন্ধুত্ব গঢ়ি উঠিছিল এই সকলোবোৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। বিগত মে’ মাহৰ ১১ তাৰিখে ৰাজা আৰু সোণমৰ বিয়া হৈছিল। মেট্ৰমনিয়েল চাইটৰ জৰিয়তে দুয়োৰে পৰিয়ালে এই সম্পৰ্ক গঢ়ি তুলিছিল। কিন্তু বিয়াৰ কেইটামান দিন পাছতে মেঘালয়লৈ ফুৰিব আহে সোণম আৰু ৰাজা। তাৰ পাছতে ২৩ মে’ত ৰাজা হত্যাৰ বলি হয়। এই সমগ্ৰ ঘটনা ৰাজৰ পত্নী সোণম, তেওঁৰ প্ৰেমিক ৰাজ আৰু ৩ চুপাৰি কিলাৰ গ্ৰেপ্তাৰ হৈছে।
বিয়াৰ ৯ দিন পাছত হানিমুন
বিয়াৰ ৯ দিন পাছত হানিমুনলৈ গৈছিল সোণম আৰু ৰাজা। অভিযোগ অনুসৰি সোণমে হানিমুনৰ বাবে মেঘালয়লৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। হোটেলৰ টিকটৰ পৰা আৰম্ভ কৰি সকলো টিকটৰ বুক সোণমৰ নামত আছে। ঘটনাৰ দিনা কি কি হৈছিল আৰু সোণমে কি পৰিকল্পনা কৰিছিল, আৰক্ষীয়ে জনোৱা সকলো কথা এই লেখাটোত উল্লেখ কৰা হ’ল।
২৩ মে’ত চেক আউট
২০ মে’ত সোণম আৰু ৰাজা মেঘালয় ভ্ৰমণৰ বাবে গৈছিল। অভিযোগ অনুসৰি সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজা কুছৱাহাই এই হত্যাকাণ্ডৰ সমগ্ৰ ষড়যন্ত্ৰ ৰচিছিল। ইয়াৰ বাবে তেওঁলোকে ৩ জন চুপাৰি কিলাৰ হায়াৰ কৰিছিল। সেই চুপাৰি কিলাৰে হত্যা কৰিছিল ৰাজাক। আৰক্ষীৰ মতে, ২২ মে’ত ৰাজা আৰু সোণম মেঘালয়ৰ মাৱলখিয়াট গাঁৱৰ ছিপৰা হোটষ্টেত আছিল। তাৰ পাছতে ২৩ মে’ৰ পুৱা ৫.৩০ বজাত তেওঁলোকে চেকআউট কৰি হোটেল এৰিছিল।
চুপাৰি কিলাৰ ক’ত আছিল
আৰক্ষীৰ মতে, সোণমহঁতে থকা হোমষ্টেৰ কিছু আঁতৰত চুপাৰি কিলাৰ কেইজন আছিল। ২৩ মে’ত তেওঁলোকেও হোমষ্টেৰ পৰা চেকআউট কৰিছিল। সেইদিনা পুৱা ৬ বজাত সোণম আৰু ৰাজাই ট্ৰেকিং আৰম্ভ কৰিছিল। ইয়াৰ মাজতে সোণমে ৰাস্তাত ৰখিছিল আৰু চুপাৰি কিলাৰৰ অপেক্ষা কৰিছিল। সোণমে ৰাস্তা সোধাৰ চলেৰে কিলাৰৰ সৈতে কথা পাতিছিল আৰু ৰাজাৰ সৈতে কথা পতাই দিছিল। পুৱা ৭ বজাত সোণম আৰু ৰাজাই এখন দোকানত অপেক্ষা কৰিছিল। সেই দোকানখনৰ ওচৰে-পাজৰে আছিল কিলাৰ কেইজন।
চুপাৰি কিলাৰৰ সৈতে বন্ধুত্ব
২৩ মে’ত পুৱা ১০ বজাত সোণম আৰু ৰাজাই প্ৰায় ২,০০০ চিৰি বগাইছিল। তেতিয়া সোণম আৰু ৰাজাই এজন টুৰিষ্ট গাইডক লগ পাইছিল। সেই টুৰিষ্ট গাইডজনে দিয়া ভাষ্য অনুসৰি ৰাজাক তেওঁ তিনিজন যুৱকৰ সৈতে দেখিছিল। চিৰি বগাই বগাই দুপৰীয়া প্ৰায় ১২ বজাত ৰাজাৰ সৈতে কিলাৰ কেইজনৰ বন্ধুত্ব হৈছিল। ইয়াৰ মাজতে সোণমে সুযোগ বুজি ৰাজা আৰু চুপাৰি কিলাৰ কেইজনক আগে আগে যাবলৈ দি নিজে পাছে পাছে গৈ থাকে।
সোণমৰ ইংগিত
দুপৰীয়া ১২.৩০ মান বজাত সোণমক শাহুৱেকে কল কৰিছিল। সেই কথা-বতৰাত সোণমে শাহুৱেকক কৈছিল যে খোজ কাঢ়ি কাঢ়ি ৰাজা আৰু সোণম ভাগৰি পৰিছে। তাৰ পাছতে দুপৰীয়া ২ মান বজাত সোণমে কিলাৰ কেইজনক ইংগিত দিয়ে আৰু তাৰ পাছতে প্ৰথমে প্ৰহাৰ বিশালে কৰে। অভিযোগ অনুসৰি ৰাজাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল। কিন্তু তেতিয়াই সোণমে তেওঁক ঠেলি দ’ খাৱৈত পেলাই দিয়ে।
পোষ্ট
হত্যাৰ পাছত দুপৰীয়া প্ৰায় ২.১৫মান বজাত সোণমে ৰাজাৰ ফোনৰ পৰা এটা পোষ্ট কৰে। সেই পোষ্টটোত তেওঁ এই জনমত বহু দুখৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পাছতে সোণমে প্ৰথমে ৰাজাৰ ফোন আৰু পাছত ২.৩০ মান বজাত ৰাজাক দ’ খাৱৈত পেলাই দিছিল।
অন্য খবৰ পঢ়কঃ পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…