শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? আৰম্ভ সোণম-ৰাজৰ নতুন নাটক…

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৫ অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তাৰ পাছতে আজি আদালতে আটাইকেইজনক ৮ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? আৰম্ভ সোণম-ৰাজৰ নতুন নাটক…
ৰাজ-সোণম আৰু ৰাজাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Jun 2025 22:56 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ছবি প্ৰায় স্পষ্ট হৈ পৰিছে। মেঘালয় আৰক্ষীৰ মতে, ৫ অভিযুক্তই ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। ৰাজাৰ পত্নী সোণমেও মানি লৈছে যে তেওঁ এই হত্যাকাণ্ডত জড়িত আছিল। শ্বিলঙত উপস্থিত হোৱাৰ পাছত আজি আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতে সোণমৰ লগতে ৫ জন অভিযুক্তক ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। প্ৰাৰম্ভিক তদন্তত এই হত্যাকাণ্ডৰ কাৰণ পৰকীয়া প্ৰেম বুলি ধৰা হৈছে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

গতিকে প্ৰশ্ন হয়, এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড কোন? ৰাজাক হত্যা কৰাৰ বাবে সোণমে ৰাজক উচতনি দিছিল নে ৰাজে সোণমক উচতাইছিল?  শ্বিলঙৰ ডিআইজি ডেভিছ মাৰ্কে কয় যে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন সেই সোধা-পোছাৰ অন্তত গম পোৱা যাব। সোণমে ৰাজ মাষ্টাৰমাইণ্ড বুলি কৈছে আৰু ৰাজে কৈছে যে সোণম মাষ্টাৰমাইণ্ড। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে দুয়োজনে স্বীকাৰ কৰিছে যে তেওঁলোক ৰাজাৰ হত্যাকাণ্ডৰ লগত জড়িত।

মাৰ্কে কয় যে, “এই হত্যাকাণ্ডৰ গোচৰৰ ক্ষেত্ৰত টেকনিকেল চাৰ্ভিলেন্সে যথেষ্ঠ সহায় কৰিছে। প্ৰথম অৱস্থাত এয়া অপহৰণ, হত্যা নে আন কিবা জানিব পৰা হোৱা নাছিল। কিন্তু প্ৰথম অৱস্থাত যথেষ্ঠ হেঁচা আছিল। সামাজিক মাধ্যমত চৰ্চা হৈ আছিল। পৰিয়ালৰ লোকেও আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিল।

এনেবোৰ কাৰণতে অভিযুক্তক বিচাৰি উলিৱাত কিছু সময় লাগে। কিন্তু সকলো প্ৰমাণ পোহৰলৈ অহাৰ পাছত আমি নিশ্চিত হৈ পৰিছিলো যে এইসকলে অভিযুক্ত আৰু তেতিয়াই তেওঁলোকক আটক কৰিবলৈ আমি টিম প্ৰেৰণ কৰিছিলো। ৫জন আৰক্ষীয়ে অপৰাধ স্বীকাৰ কৰিছো। পৰৱৰ্তী সময়ত আৰক্ষী হত্যাৰ স্থানলৈ যাব আৰু ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিব। আটাইকেইজন অভিযুক্তক সন্মুখত ৰাখি সোধা পোছা কৰা হ’ব। প্ৰয়োজন হ’লে ইন্দোৰলৈ লৈ যোৱা হ’ব”।

আৰক্ষী বিষয়াগৰাকীৰ মতে, হত্যাকাণ্ডৰ সময়ত সোণমে দুটা আৰু ৰাজ কুছৱাহাই দুটা ফোন ব্যৱহাৰ কৰি আছিল। কিন্তু এতিয়া মাত্ৰ ৰাজৰ পৰা এটা ফোনহে উদ্ধাৰ কৰা হৈছে। এতিয়াও সোণমৰ দুটা ফোন আৰু ৰাজৰ এটা ফোন উদ্ধাৰ কৰিবলৈ বাকী আছে। মোবাইল সম্পৰ্কত এতিয়ালৈকে মুখ খোলা নাই সোণমে।

তেওঁ আৰু কয় যে, আটাইকেইজনৰ বিৰুদ্ধে বহু নিশ্চিত প্ৰমাণ আছে যাৰ ভিত্তিত এই গোচৰৰ শেষলৈকো যোৱা হ’ব। হত্যাকাণ্ডৰ বাবে কিমান টকাৰ চুপাৰি দিছিল সেয়া এতিয়ালৈকে নিশ্চিত নহয়। এতিয়া ৰাজ আৰু সোণমৰ বেংক একাউন্ট চেক কৰা হ’ব।

জানিব পৰা মতে, ৰাজে পূৰ্বৰে পৰা চুপাৰি কিলাৰ তিনিজনক চিনি পাইছিল। আৰক্ষীৰ জেৰাত ৰাজে কৈছে যে তেওঁলোক তেওঁৰ বন্ধু।  এতিয়ালৈকে এই ঘটনাৰ সম্পূৰ্ণ তথ্য পোহৰলৈ অহা নাই। কিয়নো আটাইকেইজনে ইজনে সিজনক দোষাৰোপ কৰি আছে। গতিকে তদন্তৰ অন্ততহে ইয়াৰ প্ৰকৃত সত্য় পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডঃ কিলাৰৰ সৈতে বন্ধুত্ব, সোণমৰ ইংগিত…কি কি হৈছিল সেইদিনা…