শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজাক হত্যাৰ পিছত ভৰাই থৈছিল বেগত…মংগলসূত্ৰই ফাদিল কৰিলে সোণমৰ কু-কৰ্ম

প্ৰথম অৱস্থাত ৰাজা হত্যাকাণ্ডৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে গম পোৱা নাছিল যে সেয়া অপহৰণ, নিৰুদ্দেশ  নে হত্যা?  কিন্তু তদন্তৰ সময়ত আৰক্ষীয়ে এটা ডাঙৰ সূত্ৰ পাইছিল, যাৰ ফলত আৰক্ষীৰ আগত এয়া এক হত্যাকাণ্ড বুলি অতি স্পষ্ট হৈ পৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাকাৰীক বিচাৰিবলৈ আৰম্ভ কৰে।

ৰাজাক হত্যাৰ পিছত ভৰাই থৈছিল বেগত…মংগলসূত্ৰই ফাদিল কৰিলে সোণমৰ কু-কৰ্ম
ৰাজা- সোণম ৰঘুবংশী
trishna-kalita
Trishna Kalita | Updated On: 12 Jun 2025 12:24 PM

বিয়াৰ সময়ত ৰাজা ৰঘুবংশীয়ে সোণমক পিন্ধাই দিয়া মংগলসূত্ৰ অৰ্থাৎ সোভাগ্যৰ প্ৰতীকে আৰক্ষীক সোণমলৈ লৈ গৈছিল। ৰাজাক হত্যা কৰাৰ পিছত সোণমে ডিঙিৰ মংগলসূত্ৰ খুলি বেগত থৈছিল। হোটেল পাওঁতে আৰক্ষীয়ে সোণমৰ বেগত মংগলসূত্ৰখন পাইছিল। ইয়াৰ ফলত আৰক্ষীক সন্দেহ কৰা হ’ল যে নৱবিবাহিত কইনা এগৰাকীয়ে কিয় মংগলসূত্ৰ খুলিব?

প্ৰথম অৱস্থাত ৰাজা হত্যাকাণ্ডৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে গম পোৱা নাছিল যে সেয়া অপহৰণ, নিৰুদ্দেশ  নে হত্যা?  কিন্তু তদন্তৰ সময়ত আৰক্ষীয়ে এটা ডাঙৰ সূত্ৰ পাইছিল, যাৰ ফলত আৰক্ষীৰ আগত এয়া এক হত্যাকাণ্ড বুলি অতি স্পষ্ট হৈ পৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাকাৰীক বিচাৰিবলৈ আৰম্ভ কৰে। আচলতে ২ জুনত আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে। সেই স্থানত উপস্থিত হোৱাৰ লগে লগে শ্বিলং আৰক্ষীয়ে অনুভৱ কৰিলে যে এয়া দুৰ্ঘটনা হ’ব পাৰে, কিন্তু তেতিয়া ৰাজাৰ পত্নী সোণম সন্ধানহীন হৈ আছিল।

তদন্ত কৰি থকাৰ সময়তে শ্বিলং আৰক্ষীয়ে যেতিয়া সোণমৰ শিপ্ৰা ষ্টে হোমত উপস্থিত হয়,  তাতেই সোণমৰ বেগটো উদ্ধাৰ কৰে। তালাচী চলাওঁতে আৰক্ষীয়ে তাত সোণমৰ মংগলসূত্ৰ উদ্ধাৰ কৰে আৰু এই সময়তে আৰক্ষীক সন্দেহ কৰা হ’ল যে নৱবিবাহিত মহিলা এগৰাকীয়ে মংগলসূত্ৰ অবিহনে কেনেকৈ থাকিব পাৰে। ৰাজাই দিয়া মংগলসূত্ৰ সোণমে কিয় পিন্ধা নাছিল আৰু বেগত কিয় ৰাখিছিল। এইটো কথাই প্ৰথমে আৰক্ষীক আমনি কৰিছিল আৰু আৰক্ষীৰ সন্দেহ পোনে পোনে নিৰুদ্দেশ হোৱা সোণমৰ ওচৰ পালেগৈ।

Raja Raghuvanshi Murder Case Update

ৰাজা হত্যাকাণ্ডৰ ৪ অভিযুক্ত

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে যে সোণমে হয়তো ৰাজাক হত্যা কৰি পলায়ন কৰিছে। সোণমক সন্দেহ কৰাৰ আন এটা কাৰণ হ’ল হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ। হত্যাকাণ্ডৰ পিছদিনা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ সমীপতে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰও উদ্ধাৰ কৰে। তেতিয়া স্পষ্ট হৈ পৰিছিল যে এইটো কোনো দুৰ্ঘটনা নহয় হত্যাহে। সোণমক সন্দেহ কৰাৰ তৃতীয়টো ডাঙৰ কাৰণ হ’ল হানিমুনলৈ অহা সত্ত্বেও সোণমে ছ’চিয়েল মিডিয়াত দুয়োৰে এখনো ফটো আপলোড কৰা নাছিল।

হানিমুনলৈ অহা দম্পতীয়ে প্ৰায়ে প্ৰতিদিনে ছ’চিয়েল মিডিয়াত নিজৰ ফটো বা ভিডিঅ’ আপলোড কৰে, কিন্তু ঘৰৰ পৰা হানিমুনলৈ অহাৰ তিনিদিন পিছতো সোণমে কোনো ভিডিঅ’ বা ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰা নাছিল। আৰক্ষীয়ে সোণমক লৈ অধিক সন্দেহ প্ৰকাশ কৰিলে আৰু তাৰ পিছত আৰক্ষীয়ে সোণমৰ কল ডিটেইলত তালাচী চলালে ৰাজৰ নম্বৰটো পালে।

আৰক্ষীয়ে যেতিয়া সকলো চিচিটিভি ফুটেজ পৰীক্ষা কৰিলে, হত্যাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত সোণম আৰু চুপাৰি কিলাৰৰ চিচিটিভি ফুটেজ পালে, তেতিয়া আৰক্ষী নিশ্চিত হ’ল যে এই হত্যাকাণ্ডৰ আঁৰত ৰাজাৰ পত্নী সোণম জড়িত হৈ আছে। আৰক্ষীৰ তথ্য অনুসৰি হত্যাকাণ্ডস্থলীৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ পিছত সোণম টেক্সি বা গাড়ীৰে আগবাঢ়ি যায় আৰু বাকী চুপাৰি কিলাৰ কেইজনো তাৰ পৰা বিভিন্ন পথত গুচি যায়।

ইফালে ৰাজা হত্যাৰ গোচৰত মঙলবাৰে মেঘালয় আৰক্ষীয়ে সোণম আৰু ৰাজকে ধৰি ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ১১ জুনত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰা হয়। আদালতত হাজিৰ হোৱাৰ পিছত শ্বিলং আৰক্ষীয়ে আদালতৰ পৰা তেওঁলোকৰ ৰিমাণ্ডত বিচাৰিছিল, তাৰ পিছত আদালতে সোণমকে ধৰি আটাইকেইজন অভিযুক্তক ৮ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। এতিয়া আৰক্ষীয়ে তেওঁলোকক জেৰা কৰিব।

লগতে পঢ়ক: ৰাজ-সোণমৰ নাটকৰ মাজত নতুন খলনায়কৰ প্ৰৱেশ! কোন কিমান টকা মালিক?