যকৃতৰ সমস্যা হ'লে হাত-ভৰি, চকুত দেখা দিয়ে লক্ষণ

30  JULY 2025

TV9 ASSAM

Credits: Getty Images

যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। যেতিয়া যকৃতত সমস্যাই দেখা দিয়ে তেন্তে কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

যকৃত

ব্ৰিটেইনৰ হেল্থ এজেন্সী NHS ৰ মতে, অনবৰতে হৈ থকা ভাগৰ আৰু দুৰ্বল যকৃত বিকল হোৱাৰ কাৰণ হ'ব পাৰে। এনে অৱস্থাত শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ ওলাব নোৱাৰে।

লক্ষণ

বিলিৰুবিন জমা হোৱাৰ বাবে ছাল আৰু চকু হালধীয়া হয়। গতিকে ই যকৃত বিকল হোৱাৰ কাৰণ হ'ব পাৰে। এক কথাত জণ্ডিচৰ দৰে লক্ষণ দেখা দিয়ে।

ছাল-চকু

পেটৰ ওপৰৰ সোঁফালৰ অংশত বিষ বা হেঁচি ধৰাৰ দৰে অনুভৱ হ'ব পাৰে। ই যকৃত বিকল হোৱাৰ সংকেত হ'ব পাৰে।

পেট

যদি হালধীয়া বা মাটিৰ ৰঙৰ দৰে শৌচ আৰু ডাঠ ৰঙৰ প্ৰস্ৰাৱ ওলাই তেন্তে ই যকৃতৰ লগত জড়িত সমস্যাৰ লক্ষণ হ'ব পাৰে।

শৌচ-প্ৰস্ৰাৱ

খজুৱতি, বিশেষকৈ হাত আৰু ভৰিৰ পতাত হোৱা খজুৱতি যকৃতত সমস্যাৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা হাত, ভৰি ফুলিব পাৰে।

খজুৱতি

এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এই বিষয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

বৃক্কৰ বাবে কি খাদ্য বেয়া