নন্দিনীৰ বাহনৰ খুন্দাত মৃত্যু ছামিউল হকৰ, শোকপ্ৰকাশ সাংস্কৃতিক জগতৰ লগতে সাধাৰণ ৰাইজৰ
৫ দিনে জীৱন-মৃতুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউলে। তেওঁৰ মৃত্যুৰ গোচৰত মঙলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে নন্দিনীক আটক কৰে। পলিটেকনিকৰ ছাত্ৰ ছামিউল হকক খুন্দা মাৰি সহায় কৰিবলৈ আগবাঢ়ি নহাৰ অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ ওপৰত।

কোনোদিনে আৰু উভতি নাহে ছামিউল হক। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হয় যুৱকজনৰ। আজি হাজাৰ হাজাৰ লোকে অশ্ৰুসিক্ত নয়েনেৰে জানাজা সম্পন্ন কৰিলে ছামিউলৰ। কিছুদিন পূৰ্বে নন্দিনী কাশ্যপে নিজৰ তীব্ৰ বেগী বলেৰ’ বাহনেৰে খুন্দিয়াই গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত কৰিছিল ২১ বছৰীয়া ছাত্ৰ জনক।
কিন্তু ৫ দিনে জীৱন-মৃতুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউলে। তেওঁৰ মৃত্যুৰ গোচৰত মঙলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে নন্দিনীক আটক কৰে। পলিটেকনিকৰ ছাত্ৰ ছামিউল হকক খুন্দা মাৰি সহায় কৰিবলৈ আগবাঢ়ি নহাৰ অভিযোগ নন্দিনীৰ ওপৰত। একাংশৰ মতে ঘটনাৰ পিছতে তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে। এই ঘটনাৰ পিছতে সামাজিক মাধ্যমত শোকপ্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ বহুকেইজন অভিনেতা-অভিনেত্ৰীৰ লগতে ইউটিউবাৰে।
এই ঘটনা সন্দৰ্ভত কেইটামান প্ৰশ্ন উত্থাপন কৰি কণ্ঠশিল্পী দীপলিনাই লিখিছে- “এজন ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ খবৰ অত্যন্ত দুঃখজনক। তেওঁৰ আত্মাৰ শান্তি কামনা কৰোঁ। ভগৱানে তেওঁৰ পৰিয়ালক এই কঠিন সময়টো পাৰ কৰাৰ শক্তি দিয়ে যেন। তেওঁ উচিত ন্যায় লাভ কৰক।। কিন্তু এই ঘটনাই দুটা গুৰুত্বপূৰ্ণ কথা হে মোৰ মনলৈ আনিছে,
1. Emergency Situation এটাত চৰকাৰী হাস্পতালত যদি প্ৰয়োজনীয় সুবিধা খিনি নাথাকে, প্ৰয়োজনীয় চিকিৎসা নাপায়, সাধাৰণ মানুহবোৰ ক’লৈ যাব? কিমান সপোন এনেই বিলীন হয় চিকিৎসাৰ অভাৱত?
2. Speedometer, penalty, জৰিমনা আৰু ক’ত যে কি… এইবোৰেও অক্ষম যেতিয়া চালক নিজেই দায়িত্বহীন।
জীৱন মূল্যবান, অনুগ্ৰহ কৰি সজাগ হওক। সাৱধান হওক… Please 🙏”
অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত লিখিছে, “ছামিউল হকৰ মৃত্যুৰ বাতৰিটোৱে মোক মৰ্মাহত কৰি তুলিছে। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু এই বৃহৎ ক্ষতিৰ সৈতে যুঁজ দিবলৈ তেওঁৰ পৰিয়ালটোক শক্তি প্ৰদান কৰে, তাৰ বাবে অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ।”
অভিনেত্ৰী আইমী বৰুৱাই লিখিছে- “ছামিউল হকৰ সৈতে সংঘটিত হোৱা এই ঘটনাটো অত্যন্ত দূৰ্ভাগ্যজনক। ঈশ্বৰে ছাত্ৰগৰাকীৰ পৰিয়ালটোক সাহস আৰু শক্তি দিয়ক 🙏 পৰিয়ালটোৱে উচিত ন্যায় লাভ কৰক।”
আনহাতে এই ঘটনা সন্দৰ্ভত ইউটিউবাৰ ডিম্পু বৰুৱাই লিখিছে যে, “আমাৰ ঘৰৰ ওচৰৰে চমিউল হকৰ এনেকুৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো…….. আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক , আল্লা-ভগৱানে পৰিয়ালক শক্তি দিয়ক ! আৰু উচিত তদন্ত হৈ …. দোষীয়ে শাস্তি লাভ কৰক ! ….. আৰু সকলোৱে গাড়ী লাহে লাহে আৰু চাই চিতি চলাব , কাৰণ ভাৰতত প্ৰতি ঘণ্টাত 19 জন মানুহ ৰাস্তাত হোৱা দুৰ্ঘটনাত মৃত্যু হয় !”
উল্লেখ্য যে, গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপ। জামিন আবেদন নাকচ কৰিছে আদালতে। ২দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিনেত্ৰী নন্দিনী কাশ্যপক। ২১ বছৰীয়া নলবাৰীৰ ৰামপুৰ, মুগদিৰ যুৱকজনক খুন্দিয়াই পলায়ন কৰিছিল অভিনেত্ৰীগৰাকী।
নন্দিনী অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। চলিত বৰ্ষৰ জুন মাহত তেওঁৰ এখন ছবি মুক্তি পাইছিল, যাৰ নাম আছিল ‘ৰুদ্ৰ’। এই ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰিছিল নন্দিনীয়ে। এই ছবিখনত নন্দিনীয়ে সুৰভি নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল, যিটো ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল। ‘ৰুদ্ৰ’ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।