30 July 2025
TV9 ASSAM
Photos Credit: Unsplash/Getty Images
অনিয়মিত খাদ্য গ্ৰহণ, আঁহ আৰু পানীৰ অভাৱ, মানসিক চাপ আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিয়ে কোষ্ঠকাঠিন্য সমস্যা বৃদ্ধি কৰিব পাৰে।
কিন্তু নিয়মিতভাৱে কিছুমান খাদ্য খালে এই সমস্যাৰ পৰা স্বাভাৱিকভাৱে পৰিত্ৰাণ পোৱা সম্ভৱ। জানোঁ আহক
পকা কলত থকা প্ৰাকৃতিক আঁহ আৰু পেক্টিনে হজম শক্তিত সহায় কৰে। ই মল কোমল কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।
তিল বা বাদামত স্বাস্থ্যকৰ চৰ্বি আৰু আঁহ থাকে, যিয়ে অন্ত্ৰৰ গতিশীলতা বৃদ্ধি কৰি কোষ্ঠকাঠিন্য হ্ৰাস কৰাত সহায় কৰে।
কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ বাবে প্ৰচুৰ পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজনীয়। ৰাতিপুৱা গৰম পানীৰ লগতে নেমুৰ ৰস মিহলাই খালে অন্ত্ৰ সক্ৰিয় হয়।
অমিতাত ‘পেপেইন’ এনজাইম থাকে যিয়ে পাচনত সহায় কৰে আৰু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে কোষ্ঠকাঠিন্য হ্ৰাস কৰাত সহায় কৰে।
দালি আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ আৰু প্ৰটিন থাকে। এইবোৰ দৈনিক খালে কোষ্ঠকাঠিন্য বহু পৰিমাণে হ্ৰাস পায়।
পঢ়িবলৈ ক্লিক কৰক